Chapter 11
পক্ষীকুলৰ অভিযন্তা
1. টোকোৰা চৰাইৰ ঠোঁট আৰু চকুৰ মণি কি ৰঙৰ ?
(ক)হালধিয়া ৰঙৰ
(খ)বাদামী ৰঙৰ
(গ)এটাও নহয়
উত্তৰঃ (খ)বাদামী ৰঙৰ
2. কি কি গছত টোকোৰা চৰায়ে বাহ সাজে ?
(ক)খেজুৰ, নাৰিকল, তামোল, তাল আদি
(খ)খেজুৰ, সৰিয়হ, তাল আদি
(গ)এটাও নহয়
উত্তৰঃ (ক)খেজুৰ, নাৰিকল, তামোল, তাল আদি
3. টোকোৰা চৰাইৰ বাহটোৰ গুৰি অংশতো কেনেকৈ সজোৱা হয় ?
(ক)বহলকৈ
(খ)ঠেককৈ
(গ)এটাও নহয়
উত্তৰঃ (খ)ঠেককৈ
4. টোকোৰা চৰাইৰ দৰে কি কি চৰায়ে সুন্দৰ বাহ সজাত পাকৈত ?
(ক)টুনি আৰু বাঢ়ৈটোকা
(খ)ঘনচিৰিকা
(গ)এটাও নহয়
উত্তৰঃ (ক)টুনি আৰু বাঢ়ৈটোকা
5. ‘চ + ছ’ এই যুক্তাক্ষৰটো গঠন কৰিলে হ’ব –
(ক)চ্ছ
(খ)ঞ্চ
(গ)এটাও নহয়
উত্তৰঃ (ক)চ্ছ
6. ডবা ________ ।
(ক)বজায়
(খ)মাৰে
(গ)এটাও নহয়
উত্তৰঃ (ক)বজায়
7. ঢোল , খোল ভাল কৰা লোকক কি বুলি কোৱা হয় ?
(ক)বাদক
(খ)বাদিয়াৰ
(গ)এটাও নহয়
উত্তৰঃ (খ)বাদিয়াৰ
8. ৰঞ্জনে কি হ’বলৈ মনতে পাঙিছে ?
(ক)অভিযন্তা
(খ)শিক্ষক
(গ)এটাও নহয়
উত্তৰঃ (ক)অভিযন্তা
9. ইঞ্জিনিয়াৰক অসমীয়াত কি বোলে ?
(ক)ইচ্ছা
(খ)অভিযন্তা
(গ)এটাও নহয়
উত্তৰঃ (খ)অভিযন্তা
10. বাঞ্ছা শব্দৰ অৰ্থ কি ?
(ক) খবৰ , বাতৰি
(খ)ইচ্ছা, কামনা
(গ)এটাও নহয়
উত্তৰঃ (খ)ইচ্ছা, কামনা