Chapter 9
জীৱমণ্ডল
১। পৃথিৱীৰ উপৰিভাগ আৰু মাটিৰ তলৰ কিছু অংশলৈ বিস্তৃত পৰিসৰ মানে কি ?
(ক) বায়ু মণ্ডল
(খ) জীৱ মণ্ডল
(গ) জল মণ্ডল
উত্তৰঃ (খ) জীৱ মণ্ডল
২। জীৱমণ্ডলত অত্যন্ত জৰুৰি কি ?
(ক) খাদ্য বাসস্থান আৰু নিৰাপওা
(খ) বৰষুন
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰঃ (ক) খাদ্য বাসস্থান আৰু নিৰাপওা
৩। এন্দুৰে কত বাস কৰে ?
(ক) ঘাঁহনিত বাস কৰে
(খ) বৰফত বাস কৰে
(গ) মৰুভূমিত বাস কৰে
উত্তৰঃ (ক) ঘাঁহনিত বাস কৰে
৪। মেৰু-ভালুক কত থাকে ?
(ক) ঘাঁহনিত বাস কৰে
(খ) বৰফত বাস কৰে
(গ) মৰুভূমিত বাস কৰে
উত্তৰঃ (খ) বৰফত বাস কৰে
৫। জলচৰ জীৱই সকলো সুবিধা কত লাভ কৰে ?
(ক) জলাশয়ত
(খ) মৰুভূমিত
(গ) বৰফত
উত্তৰঃ (ক) জলাশয়ত
৬। জীৱ মণ্ডলত প্ৰাণী আৰু উদ্ভিদ বৰ্তি থাকিবলৈ কি গেছৰ অত্যন্ত জৰুৰী ?
(ক) নাইট্ৰ’জেন, অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড
(খ) অক্সিজেন
(গ) কাৰ্বন-ডাই-অক্সাইড
উত্তৰঃ (ক) নাইট্ৰ’জেন, অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইড
৭। সূৰ্যৰ পোহৰ আৰু তাপত পানী কি হয় ?
(ক) গৰম হয়
(খ) ঠাণ্ডা হয়
(গ) ভাপলৈ ৰূপান্তৰ হয়
উত্তৰঃ (গ) ভাপলৈ ৰূপান্তৰ হয়
৮। কিহৰ অবিহনে জীৱমণ্ডল জীয়াই থাকিব নোৱাৰে ?
(ক) গাড়ীৰ অবিহনে
(খ) পানীৰ অবিহনে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) পানীৰ অবিহনে
৯। বিয়োজন হৈ পুনৰ ব্যৱহাৰৰ বাবে তৈয়াৰ হোৱাক কি বোলে ?
(ক) পুনৰাৰ্বতন বোলে
(খ) জীৱ মণ্ডল বোলে
(গ) বায়ু মণ্ডল বোলে
উত্তৰঃ (ক) পুনৰাৰ্বতন বোলে
১০। মৃত জীৱ-জন্তুৰ পৰাও কিছুমান কি আহৰণ কৰে ?
(ক) খাদ্য আহৰণ কৰে
(খ) খনিজ সম্পদ আহৰণ কৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) খনিজ সম্পদ আহৰণ কৰে
১১। বহুতো সৰু-বৰ জীৱ-জন্তু কত বাস কৰে ?
(ক) পুখুৰী, অৰণ্য আৰু ঘাঁহনিত বাস কৰে
(খ) পানীত বাস কৰে
(গ) ঘাঁহনিত বাস কৰে
উত্তৰঃ (ক) পুখুৰী, অৰণ্য আৰু ঘাঁহনিত বাস কৰে
১২। জলচৰ জীৱৰ খাদ্য শৃংখলৰ প্ৰাৰ্থমিক স্তৰ কি ?
(ক) প্লাৱকবোৰ
(খ) খাদ্যবোৰ
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰঃ (ক) প্লাৱকবোৰ
১৩। ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী আৰু উদ্ভিদৰ সমষ্টিক কি বোলে ?
(ক) খাদ্য শৃংখল বোলে
(খ) প্লাৱক বোলে
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰঃ (খ) প্লাৱক বোলে
১৪। প্লাৱকবোৰক কোনে খায় ?
(ক) সৰু সৰু মাছ বা লালুকীয়ে খায়
(খ) সাপে খায়
(গ) ভেঁকুলীয়ে খায়
উত্তৰঃ (ক) সৰু সৰু মাছ বা লালুকীয়ে খায়
১৫। প্ৰাণীবোৰে কিহৰ দ্বাৰা শক্তি লাভ কৰে ?
(ক) বায়ুৰ দ্বাৰা
(খ) খাদ্যৰ দ্বাৰা
(গ) পানীৰ দ্বাৰা
উত্তৰঃ খাদ্যৰ দ্বাৰা
Type: Pompi Hazarika