Chapter 9
মাটি
১। পলিথিনে মাটিক কি কৰে?
(ক) সেমেকা
(খ) প্ৰদূষিত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰদূষিত
২। মাটিত থকা পচা মৃত পদাৰ্থক কি বোলে?
(ক)সূচক
(খ) অম্ল
(গ)হিউমাছ
Answer: হিউমাছ
৩। শিল ভাঙি মাটি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?
(ক)হাৰিকেন
(খ) টৰ্নেড’
(গ)বিচূৰ্ণীভৱন
Answer: বিচূৰ্ণীভৱন
৪। মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ কি বোলে?
(ক)পাৰ্শ্ব-চিত্ৰ
(খ) হিউমাছ
(গ)ইয়াৰ ভিতৰত এটাও নহয়
Answer; পাৰ্শ্ব-চিত্ৰ
৫। তৰপৰ আন এটা নাম কি?
(ক)স্তৰ
(খ) অম্ল
(গ)টাইফুন
Answer: স্তৰ
৬। পাহাৰীয়া অঞ্চলত স্তৰ বোৰ সাধাৰণতে কত দেখা পোৱা যায়?
(ক)ৰাস্তাৰ কাষত
(খ) ৰাস্তাৰ মাজত
(গ)ইয়াৰ ভিতৰত এটা নহয়
Answer; ৰাস্তাৰ কাষত
৭। মাটিৰ প্ৰথম স্তৰটো কিহেৰে সমৃদ্ধ?
(ক)কাবৰ্ন-ডাই- অক্সাইড
(খ) নাইট্ৰ’জেন
(গ)হিউমাছ আৰু খনিজ পদাৰ্থ
Answer: হিউমাছ আৰু খনিজ পদাৰ্থ
৮। হিউমাছে মাটি কি কৰে?
(ক)সেমেকা
(খ) সাৰুৱা
(গ)ইয়াৰ ভিতৰত এটা নহয়
Answer; সাৰুৱা
৯। ক-স্তৰৰ আন এটা নাম কি?
(ক)এমিবা
(খ) বিকিৰণ
(গ)শাৰ্ষ মৃত্তিকা
Answer: শাৰ্ষ মৃত্তিকা
১০। শাৰ্ষ মৃত্তিকাত বহুতো জীৱই বাস কৰেনে?
(ক)নকৰে
(খ) কৰে
(গ)ইয়াৰ ভিতৰত এটা নহয়
Answer: কৰে
১১। সৰু সৰু উদ্ভিদৰ শিপাবোৰে কোনটো স্তৰক ধৰি থাকে?
(ক)খ-স্তৰক
(খ) ক-স্তৰক
(গ)চ-স্তৰক
Answer: ক-স্তৰক
১২। খ-স্তৰত কোন বিধ পদাৰ্থৰ পৰিমাণ বেছি?
(ক)হিউমাছ
(খ) খনিজ
(গ)ইয়াৰ ভিতৰত এটা নহয়
Answer: খনিজ
১৩। খ-স্তৰৰ আন এটা নাম কি?
(ক)অম্ল
(খ) মধ্য় তৰপ
(গ)ইয়াৰ ভিতৰত এটা নহয়
Answer: মধ্য় তৰপ
১৪। গ-স্তৰ কিহেৰে গঠিত?
(ক)সৰু শিলৰ টুকুৰাৰে
(খ) সৰু লোৰ টুকুৰাৰে
(গ)ইয়াৰ ভিতৰত এটা নহয়
Answer; সৰু শিলৰ টুকুৰাৰে
১৫। গ-স্তৰৰ তলত থকা স্তৰ টোক কি বোলে?
(ক)শিল
(খ) মাটি
(গ)শৈল সংস্তৰ
Answer; শৈল সংস্তৰ
১৬। শৈল সংস্তৰ কঠিন নে কোমল?
(ক)কোমল
(খ) কঠিন
(গ)ইয়াৰ ভিতৰত এটা নহয়
Answer: কঠিন
১৭। মাটিক কেই প্ৰকাৰত ভাগ কৰা হৈছে?
(ক)১০
(খ) ৬
(গ)৩
Answer; ৩
১৮। কিহৰ ওপৰত ভিত্তি কৰি মাটিক শ্ৰেণী বিভাগ কৰা হয়?
(ক)অনুজীৱৰ
(খ) পৰজীৱৰ
(গ)কণিকাৰ
Answer: কণিকাৰ
১৯। কৃষিৰ কাৰণে কি আৱশ্য়ক?
(ক)মাটি
(খ) পানী
(গ)বায়ু
Answer: মাটি
২০। মাটিৰ পাত্ৰ, পুতলা আদি তৈয়াৰ কৰিবলৈ কোন বিধ মাটি প্ৰয়োজন হয়?
(ক)বালিচঁহীয়া মাটি
(খ) আলতীয়া মাটি
(গ)দোমোজা মাটি
Answer: আলতীয়া মাটি