Chapter 7
অসমৰ সম্পদ
১) উৎপত্তিৰ দিশৰ পৰা অসমৰ কোনবিধ খনিজ সম্পদ পুৰণি নহয়?
(ক) খাৰুৱা তেল।
(খ) চূণশিল।
(গ) কয়লা।
Answer: কয়লা।
২) কোনখন ৰাজ্যক নদীমাতৃক দেশ বুলি কোৱা হয়?
(ক) মণিপুৰ।
(খ) অসম।
(গ) মেঘালয়।
Answer: অসম।
৩) জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত অসমত কিমান শতাংশ বৰষুণ হয়?
(ক) ৪৭% ।
(খ) ৯০% শতাংশ।
(গ) ৭৮%।
Answer: ৯০% শতাংশ।
৪) ভাৰতবৰ্ষৰ জলবিদ্যুৎ উৎপাদনৰ কিমান ভাগ অসমত আছে?
(ক) ১২ ভাগ।
(খ) ২৮ ভাগ।
(গ) ৪৯ ভাগ।
Answer: ২৮ ভাগ।
৫) পৃষ্ঠ জলভাগৰ ওপৰি অসম ভূ-তলজলত সমৃদ্ধ।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
৬) অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বনজ সম্পদে বিশেষ ভূমিকা লৈ আহিছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
৭) নামেৰি আৰু মানহত বাঘ সংৰক্ষণৰ বাবে দুটা ব্যঘ্ৰ প্ৰকল্প আছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
৮) কিহৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে?
(ক) প্ৰাকৃতিক সম্পদ।
(খ) এছবেচ্টছ।
(গ) খাৰুৱাতেল।
Answer: খাৰুৱাতেল।
৯) ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ কিমান ভাগ মাটিত ধান খেতি কৰা হয়?
(ক) ৫৬.৭৮ ভাগ মাটিত।
(খ) ৬৪.৫২ ভাগ মাটিত।
(গ) ৩৫.১৭ ভাগ মাটিত।
Answer: ৬৪.৫২ ভাগ মাটিত।
১০) অসমৰ মুঠ জনসংখ্যাই ক’ত বাস কৰে?
(ক) পাহাৰত।
(খ) সমভূমি অ়্চলত।
(গ) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত।
Answer: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত।
১১) অসমত কিমানখন ডাঙৰ চাহ বাগিচা আছে?
(ক) ১২৮০ খন।
(খ) ৭৮২ খন।
(গ) ৮৫০ খন।
Answer: ৮৫০ খন।
১২) শেহতীয়াভাৱে কাৰ্বি আংলং জিলাত কি খেতিৰ পাম গঢ়ি উঠিছে?
(ক) ধান খেতিৰ।
(খ) ঘেহু আৰু মৰাপাট খেতিৰ।
(গ) ৰবৰ আৰু কফি খেতিৰ।
Answer: ৰবৰ আৰু কফি খেতিৰ।
১৩) ভাৰত মুঠ মাটিকালিৰ কিমান শতাংশ অসম ৰাজ্যই আগুৰি আছে?
(ক) ৪.৭৮ শতাংশ।
(খ) ৩.৯০ শতাংশ।
(গ) ২.৩৯ শতাংশ।
Answer: ২.৩৯ শতাংশ।
১৪) কিহৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ কৃষকসকলে খাৰিফ শস্যৰ খেতি কৰে?
(ক) বৰষুণৰ ওপৰত।
(খ) বতাহৰ ওপৰত।
(গ) ৰ’দৰ ওপৰত।
Answer: বৰষুণৰ ওপৰত।
১৫) পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৬) ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় কেইখন জিলাতে কুঁহিয়াৰ উৎপাদন কৰা হয়।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৭) ডিলাই পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৮) জনগাঁথনিৰ ফালৰ পৰা অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
১৯) বৰ্তমান অসমৰ কোন জিলাত সৰ্বাধিক লোকে বাস কৰে?
(ক) গোৱালপাৰা জিলাত।
(খ) দৰং জিলাত।
(গ) নগাওঁ জিলাত।
Answer: নগাওঁ জিলাত।
২০) বৰ্তমান থলুৱা কৃষকসকলে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিছে।
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।