Chapter 10
ঠেঙ্গাল কছাৰীসকল
প্ৰশ্নাৱলী
১। মঙ্গোলীয় কিৰাতসকলৰ আৱয়বিক বৈশিষ্ট্য কি ?
উত্তৰঃ মঙ্গোলীয় (কিৰাত) গােষ্ঠীৰ আবয়বিক বৈশিষ্ট্য হ’লঃ “গাৰ বৰণ পীত বা পীত পিংগল, কেশ ক’লা, ডাঢ়ি-গােফ তাকৰ, শৰীৰৰ নােম কম, মুখমণ্ডল বহল আৰু নাক চেপেটা । কপালস্থি বা হনু বৰ স্পষ্ট, নেত্র ঠেক বা নেত্র বক্র, নেত্রচ্ছেদৰ ভাঁজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ ।
২। মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল ?
উত্তৰঃ মঙ্গোলীয় কিৰাতসকলক সংস্কৃত ভাষাত কক্ষৱাট বুলি অভিহিত কৰিছিল ।
৩। কছাৰী নাম কেনেকৈ উৎপত্তি হৈছিল ?
উত্তৰঃ কছাৰী নাম উৎপত্তি হৈছিল মঙ্গোলীয় সকল সংস্কৃত ভাষাত কক্ষৱাট বোলে । কক্ষৱাটৰ পৰা কক্ষত > কচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ + অৰি- কছাৰী এনেদৰে উৎপত্তি হয় ।
৪। ড ° ভূৱন মােহন দাসে মঙ্গোলীয়সকলক কেইটা ভাগত ভাগ কৰিছে ?
উত্তৰঃ ড ° ভূৱন মােহন দাসে মঙ্গোলীয়সকলক ৬ ভাগত ভাগ কৰিছিল সেইকেইটা হ’লঃ
ক)খাছী
খ) বড়ো
গ) লুতাই কুকী
ঘ)নগা
ঙ)অৰুণাচলৰ জনজাতি
চ)অন্যান্য । অন্যান্য জাতিৰ ভিতৰত দেউৰী, হাজং, মিছিং আদি । বড়োগোষ্ঠীৰ ভিতৰত গাৰো, মেচ, ৰাভা, ডিমাছা, তিৱা, ঠেঙ্গাল, ঝৰুৱা, সোণোৱাল আদি
৫। ঠেঙ্গাল কছাৰীসকল পৌৰাণিক কোন গােষ্ঠীৰ পৰা অহা ?
উত্তৰঃ ঠেঙ্গাল কছাৰীসকল পৌৰাণিক মঙ্গোলীয় গােষ্ঠীৰ পৰা অহা।
৬। ঠেঙ্গাল কছাৰীসকলক বর্তমানৰ অৱস্থান সম্পর্কে উল্লেখ কৰা ।
উত্তৰঃ অসমৰ উজনি অঞ্চলৰ শদিয়াৰ পৰা দৈয়াং , ধনশিৰি উপত্যকা আৰু নগাঁও পর্যন্ত ঠেঙ্গাল কছাৰীৰ বংশসমূহৰ অৱস্থান আছিল। কালক্ৰমত ঐতিহাসিক পাকচক্ৰত আৰু অর্থনৈতিক কাৰণত তেওঁলােক অসমৰ বিভিন্ন প্রান্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰত বিভক্ত হৈ পৰে । দক্ষিণ পাৰে বর্তমান যােৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগাপাহাৰ পর্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙাল কছাৰী লােকেৰে ভৰপূৰ । গােলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাল গাঁও পঙ্কা, মৰঙি, বুঢ়াগোঁহাই খাট, সৰুপথাৰ, বৰ পথাৰ, চাউদাং পথাৰ, গমাৰি, চিচুপানী, মেৰাপানী, কাছমাৰী, দৈয়াং, কাৰ্বি আংলং জিলাৰ কালিয়নী, শিৱসাগৰ জিলাৰ সােনাৰি অঞ্চল, নাজিৰা, ডিব্ৰুগড় জিলাৰ নাহৰণী ঠেঙ্গাল গাঁও, চাচনী, উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া, কাৱৈমাৰী বাগিছা, বঙালমৰা, নাহৰণী, পকাদৌল, খােলাগুৰি, বৰাইখনা, নাওবৈছাৰ সােনাপুৰ, লােকামপুৰ, ঢেকীয়াজুলি, দলপাপথাৰ, বালিগাঁও, দক্ষিণ লালুক, হাৰমােতী, বান্দৰদেৱা, উত্তৰলালুক, ফুলবাৰী, কদম, ধেমাজি, গােগামুখ, কৃষ্ণপুৰ, গঢ়পাৰা, নাহৰবাৰী, পানীগাঁও, দঙ্গীবিল, জকাই পেলােৱা, জোনাই আদি ঠাইত ঘন বসতিপূর্ণ ঠেঙ্গাল কছাৰীৰ গাঁও আছে ।
৭। চমুটোকা লিখাঃ
(ক) লৌহপ্রাণ গিৰিধৰ ঠেঙ্গাল
উত্তৰঃ ১৯২১ চনৰ ১২ জানুৱাৰী তাৰিখে যোৰহাট জিলাৰ উলুতলী গাঁৱত গিৰিধৰ ঠেঙ্গালৰ জন্ম হয় । তেখেতৰ পিতৃৰ নাম জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম কান্দুৰী ঠেঙ্গাল । ১৯২৯ চনত ৰ পৰা শিক্ষা আৰম্ভ হয় আৰু ১৯৫২ চনত গুৱাহাটী বিশ্বিবিদ্যালয়ৰ পৰা বি. এল. ডিগ্ৰী লাভ কৰে । ১৯৪২ চনত মেট্ৰিক পাছ কৰে । গিৰিধৰ ঠেঙ্গালে শিক্ষক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে । ১৯৫৩ চনত শিক্ষা জগতৰ পৰা আতৰি আহি ৰাজনীতি জগতত প্ৰৱেশ কৰে । তেওঁ যোৰহাট ক’ৰ্টতো ওকালতি আৰম্ভ কৰে । গিৰিধৰ ঠেঙ্গালে শিক্ষা, সীমাজিক উন্নয়ন, লামাজিক ন্যায় আদি বিষয়ত নিজকে জড়িত কৰি ৰাখিছিল । তেওঁৰ নেতৃত্বত কমিউনিষ্ট পার্টি আন্দোলনৰ হেঁচাত কেইবাখনাে শ্রমিক – কৃষকৰ সপক্ষে লােৱা আইন প্ৰৱৰ্তন কৰা আৰু কিছু সংখ্যক ভূমিহীন কৃষকৰ মাজত মাটি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিল । ১৯৭৮ চনত তেওঁ তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক নির্বাচিত হয় । যােৰহাটৰ পৰা বৰহেলালৈ প্রথম সর্ববৃহৎ দীর্ঘন – আলি পকীকৰণৰ কাম তেখেতৰ উদ্যোগতে সম্পন্ন হয় । ১৯৮৪ চনত সেই সময়ৰ চোভিয়েট ৰাছিয়াত হােৱা মার্ক্সীয় অর্থনীতিৰ তিনিমহীয়া চেমিনাৰত অংশ গ্রহণ কৰিছিল ।
(খ) কমল কছাৰী ।
উত্তৰঃ ১৯৩৯ চনত যোৰহাট জিলাৰ মৰধলি কছাৰী গাঁৱত কমল কছাৰী জন্ম হৈছিল । দেউতাকৰ নাম উনিৰাম কছাৰী আৰু মাকৰ নাম আইতী কছাৰী । কৰ্মসূত্ৰে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰা স্থিত মাদুৰীত বসবাস কৰি চিকিংসা ক্ষেত্ৰত ফাৰ্মাচিষ্ট স্বাস্থ্যসেৱাত ব্ৰতী হয় । ভাস্কর্য শিল্পী, চিত্রশিল্পী, অনাতাঁৰ গীতিকাৰ, কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত-আলােচনী প্রতিধ্বনি’,‘ অসমবাণী’ , নীলাচল, ‘অগ্রদূত’, ‘সাদিন – প্রতিদিন’ৰ উপৰিও বিভিন্ন মাধ্যমত প্রকাশ পাইছিল । শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল । কমল কছাৰীয়ে গীত, কবিতা, নাটক লিখাৰ উপৰিও বেনাৰ, ফেষ্টুন, কিতাপ – আলােচনীৰ বেটুপাত অংকন , স্থাপত্য ভাস্কর্য নিজ হাতেৰে খােদিত কৰাত সিদ্ধহস্ত আছিল । কমল কছাৰীক সাহিত্য সভাই ‘ বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰিছিল আৰু শিৱসাগৰ সাহিত্য সভাই কবিগৰাকীৰ নামেৰেও কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা লাভ কৰিছিল । ২০১৩ চনত তেখেতৰ জীৱনৰ অৱসান ঘটে ।