Chapter 6
গাৰোসকল
১। গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ কি কি ?
উত্তৰঃ গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ হ’ল আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা, আৰু মেগাম ।
২। গাৰো বসতিপ্ৰধান অঞ্চলবোৰ কি কি ?
উত্তৰঃ গাৰো বসতিপ্ৰধান অঞ্চলবোৰ হ’লঃ তিব্বত,কোচবিহাৰ, ধুবুৰী,হাব্ৰঘাট ।
৩। গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয় ?
উত্তৰঃ গাৰোসকলৰ পূজা কৰা লোকক সংসাৰেক বুলি কোৱা হয় ।
৪। গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল ?
উত্তৰঃ গাৰোসকল আদিতে দেৱ-দেৱী আছিলঃ চালজং, গৱেৰা, খালখামে, আসিমা, ডিমসিমা, সুসিমে আদি । কিন্তু ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা গাৰোসকল খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ ধৰে ।
৫। গাৰোসকল প্ৰধান বাদ্য-যন্ত্ৰসমূহ কি কি ?
উত্তৰঃ গাৰোসকল প্ৰধান বাদ্য-যন্ত্ৰসমূহ হ’লঃ ঢামা খ্ৰাম (ঢোল), গগনা, বাংসী-বাঁহী আদি ।
৬। চমুটোকা লিখাঃ
(ক) ৰামখে ওৱাথ্ৰে মোমিন
(খ) ৰেভা. গিলবাৰ্থ কে মাৰাক
(গ) সোনৰাম ৰংৰকগ্ৰে সাংমা
(ঘ) হাৱাৰ্ড ডেনচিন মোমিন ।
উত্তৰঃ
(ক) ৰামখে ওৱাথ্ৰে মোমিনঃ ১৮৩৪ চনত মাটছকৰ গ্ৰে নামৰ সৰু ঠাইত ৰামখে ওৱাথ্ৰে মোমিনৰ জন্ম হৈছিল । ৰামখে ওৱাথ্ৰে মোমিনে ১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শুক্লেশৰ ঘাটত খ্ৰীষ্টান ধৰ্মৰৱ বাপ্তিষ্ট লৈছিল । ৰামখে দামৰাত এখন স্কুল স্থাপন কৰিছিল তাতে তেওঁ অধ্যক্ষ হিচাপে কাম কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে শিমলা গাৰো বসতি গাঁৱত চল্লিশজনীয়া সদস্যৰ সহায়ত খ্ৰীষ্টান ধৰ্মৰ ঘৰ গীৰ্জা ঘৰ স্থাপন কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে বহুতো মিচন স্কুল প্ৰতিষ্ঠা কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিন আছিল এগৰাকী শিক্ষাবিদ, লেখক, গীকিকাৰ আছিল । তেওঁ আছিল গাৰোসমাজৰ পদ-প্ৰদৰ্শক । ৰামখে ওৱাথ্ৰে মোমিনে হাতে লিখা কলা আৰু সংস্কৃতি বিষয়ক কিতাপখন মেঘালয় চৰকাৰে ১৯৯০ চনত প্ৰকাশ কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে ৪৫০০০ শব্দৰে বঙালী-গাৰো অভিধান ৰচনা কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে লিখা কবিতাসমূহ হ’ল- বিচিক খ্ৰিতা, চিমানো আটছিয়ানি, নিকগ্ৰিকানি, আ. আকো দাকানি, ‘ড’ অৰা, । ৰামখে ওৱাথ্ৰে মোমিনে ২১ টা গীত ৰতনা কৰিছিল । ৰামখে ওৱাথ্ৰে মোমিনে লিখা গূত বোৰ বৰ্তমান তেওঁলোকে গীৰ্জাত উপসনাৰ সময়ত ব্যৱহাৰ কৰে । ৰামখে ওৱাথ্ৰে মোমিনে লিখা গীতবোৰক ‘আছিকনি ৰিঙানিৰাং বুলি নামাকৰণ কৰিছিল গাৰোসকলে । ৰামখে ওৱাথ্ৰে মোমিনক মিছনাৰীয়ে সকলে ‘Father of Modern Hari Community’s বুলি আখ্যা দিছিল ।
(খ) ৰেভা. গিলবাৰ্থ কে মাৰাকঃ ১৯২৫ চনত কামৰূপ জিলাৰ সীমান্তত অৱস্থিত ৰাংসাপাৰা গাঁৱত জন্ম হৈছিল ৰেভা. গিলবাৰ্থ কে মাৰাক । ৰেভা. গিলবাৰ্থ কে মাৰাক আছিল ৰেভা. ৰামখে আৰু ছাংমাৰ একমাত্ৰ পুতেক আছিল । ১৯৩৩ চনত প্ৰাথমিক শিক্ষা সাং কৰিছিল । ১৯৪১ চনত উচ্চ মাধ্যমিক প্ৰৰিক্ষা,উত্তীৰ্ণ হয় । তাৰপাছত চেৰাপুঞ্জি থিয়লজিকেল কলেজৰ পৰা ১৯৪৯ চনত এল.টি.এইচ পাছ কৰে । ১৯৬০ চনত থিওলজিকেল কলেজৰ পৰা ‘ডিগ্ৰী অব বেচালৰ অৱ ৰেলিজিয়াচ ইডুকেশন’ লাভ কৰিছিল । ৰেভা. গিলবাৰ্থ কে মাৰাকে কামৰূপ জিলাৰ গোহালকেনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা হিচাপে যোগদান কৰিছিল । তাৰপাছত যোৰহাটত চেমিনাৰিৰ অধ্যক্ষ ডক্তৰ ডুফিচাই তেওঁক চিৰস্তাদাৰ পদত নিযুক্তি দিছিল । ৰেভা. গিলবাৰ্থ কে মাৰাকে চুইজাৰলেণ্ডৰ জেনেভাৰ ৱৰ্ল্ড কাউন্সিল হিচাপে ইডুকেশ্বনৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ এজন পৰামৰ্শদাতা পদত নিযুক্ত হৈছিল । ৰেভা. গিলবাৰ্থ কে মাৰাক খ্ৰীষ্টিয়ান সকলে তেওঁক ‘ৰেভাৰেণ্ড’ উপাধি দিছিল । সেই উপাধি পাই তেওঁ ৰেভা. গিলবাৰ্থ কে মাৰাক বুলি পৰিচিত হ’ল । ৰেভা. গিলবাৰ্থ কে মাৰাকে ইংৰাজী ভাষাৰ পবিত্ৰ বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল । ৰেভা. গিলবাৰ্থ কে মাৰাকে বহুতো কবিতা লিখিছিল তাৰভিতৰত ‘আং গিসিক খু আনিং বিদল-১ আৰু বিদল- ২’ । ৰেভা. গিলবাৰ্থ কে মাৰাকে লিখা প্ৰবন্ধসমূহ হ’ল ‘গাৰোহিলচ দ্যা আদাৰ ডেৰ্জাৰ্ট’ । ২০০৭ চনত ৰেভা. গিলবাৰ্থ কে মাৰাকে ইহলীলা সম্বৰণ কৰে ।
(গ) সোনাৰাম ৰংৰকগ্ৰে সাংমাঃ ১৮৬৭ চনত গোৱালপাৰা জিলাৰ সীমান্তত অৱস্থিত নাছিৰংদিক নামৰ ঠাইত সোনাৰাম ৰংৰকগ্ৰে সাংমা জন্ম হয় । তেখেতৰ পিতৃৰ নাম খনাং গাবিল মোমিন আৰু মাতৃৰ নাম ছামৰে ৰংৰকগ্ৰে সাংমা আছিল।| নিশানগ্ৰামত তেখেতে প্ৰাথমিক শিক্ষা শেষ কৰিছিল আৰু তাৰপাছত তুৰা মিচন স্কুলত ষষ্ঠ শ্ৰেণী লৈ পঢ়িছিল । তাৰপাছত তেওঁ শিক্ষা সমাপ্ত কৰে কাৰণ ষষ্ঠ শ্ৰেণীৰ পাছত উচ্চ মাধ্যমিক বিদ্যালয় গাৰো পাহাৰত ক’তো নাছিল । সোনাৰাম ৰংৰকগ্ৰে সাংমা আছিল সাহসী, আত্মবিশ্বাসী, আনক সেৱা কৰি ভাল পোৱা, মৰম -চেনেহ কৰা, পৰৰ নিন্দনীয় বাক্যবোৰ হেয়জ্ঞান কৰা লোক । সোনাৰাম ৰংৰকগ্ৰে সাংমা সদায় অন্যায়- অত্যাচাৰ বিৰোঘ কৰিছিল । সোনাৰাম ৰংৰকগ্ৰে সাংমা ব্ৰিটিছ চৰকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল । সোনাৰাম ৰংৰকগ্ৰে সাংমা ১৯১৬ চনতৰ ২৭ আগষ্টত ইহলীলা সম্বৰণ কৰে ।
(ঘ) হাৱাৰ্ড ডেনচিন মোমিনঃ হাৱাৰ্ড ডেনচিন মোমিনৰ জন্ম হৈছিল ১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে মেঘালয়ৰ সৰু চহৰত । তেখেতৰ পিতৃৰ নাম জবাং ডি মাৰাক আছিল ।মাতৃৰ নাম জনা নাযায় । হাৱাৰ্ড ডেনচিন মোমিনৰ প্ৰকৃত নাম হাৱাৰ্ড ডেনিচন ডব্লিউ আছিল কলিততাত পঢ়ি থকা সময়ত তেখেতৰ নাম হাৱাৰ্ড ডেনচিন মোমিন হয় । হাৱাৰ্ড ডেনচিন মোমিনক ন বছৰত কলকতাৰ সেন্ট জেমচ ইংলিচ স্কুলত নাম ভৰ্কি কৰা দিয়ে । সেই স্কুলত পঢ়ি থকা সময়ত হাৱাৰ্ড ডেনিচনৰ হাতে অঁকা ছবি লণ্ডনত অনুষ্ঠিত হোৱা একাদশ কমনৱেলথ একজিভিচনলৈ পঠিওৱা হৈছিল তাৰপৰা তেওঁ পুৰস্কাৰ পাইছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলকাতাৰ কলেজৰ পৰা স্নাতৰ ডিগ্ৰী লাভ কৰে তাৰপাছত ১৯৩৬ চনত ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । হাৱাৰ্ড ডেনচিন মোমিন আছিল ইংৰাজী স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথম গাৰো সম্প্ৰদায়ৰ লোক । হাৱাৰ্ড ডেনচিন মোমিনক আধুনিক গাৰো সাহিত্যৰ জনক বুলি আখ্যা দিয়া হৈছিল । হাৱাৰ্ড ডেনচিন মোমিনে প্ৰখমে গাৰো মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ আলোচনী প্ৰকাশ কৰিছিল । হাৱাৰ্ড ডেনচিন মোমিনৰ প্ৰথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল ।তাৰপাছত সানাজিক কামত ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল । হাৱার্ড ডেনিচন মােমিন তুৰাৰ শাসকীয় বিভাগত বিচাৰকৰ্তা নিযুক্তি দিয়া হৈছিল । ১৯৪০ চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্রবক্তা হিচাপে যােগদান কৰিছিল । কটন কলেজত কৰ্মৰত অৱস্থাত কিছুসংখ্যক গাৰাে ছাত্র – ছাত্রীৰ সহযােগত তেওঁ‘ আছিক খুৰাং’ নামৰ আলােচনীখন প্রকাশ কৰিছিল । তেওঁ লিখা কবিতাসমূহৰ ভিতৰত ১৯৪১ চনত ‘ গাৰাে মাত – বােল’, ‘ NANGKO GISIK RAGEN ( তােমালৈ মনত পৰিব ), DO.MA SKINI GIT ’ ( চাতকী চৰাইৰ গীত) , SENGWAT ’ (জোনাকী পৰুৱা), ‘ ME.CHIK ARO TA – MAKU ( মাইকী আৰু তবাকু ) আৰু ১৯৪২ চনত ‘ BILSIGITAL ( নতুন বছৰ ) এইবােৰেই প্রধান আছিল । ১৯১৯ চনৰ ২২ ফেব্ৰুৱাৰীত হাৱার্ড ডেনিচন মােমিনৰ মৃত্যু হৈছিল তেখেতৰ মৃত্যু বাৰ্ষিকীত হাৱাৰ্ড ডেনিচন মোমিনক স-সন্মানে খা ছালাং প্ৰদান কৰিছিল ।