Chapter 1
আহোমসকল
প্ৰশ্নাৱলী
১। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল?
উত্তৰঃ আহোমসকল আদিতে টাই জাতিৰ লোক আছিল।
২। আহোমকলৰ আদি বাসস্থান ক’ত আছিল?
উত্তৰঃ আহোমসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত আছিল।
৩। আহোমসকল কিমান বছৰ অসমত শাসন কৰিছিল?
উত্তৰঃ আহোমসকল ৬০০ বছৰ শাসন কৰিছিল।
৪। আহোমসকল আদিভাষা কি আছিল?
উত্তৰঃ আহোমসকল আদি ভাষা টাই বা শ্যান আছিল।
৫। আহোমসকলৰ কেইটামান উৎসৱৰ নাম লিখা।
উত্তৰঃ ‘মে-ডাম মে-ফী’, ‘চাইফা’, ‘ৰিক্খন’, জাচিংফা’, ‘লাইলুংখাম’ আদি।
৬। চমুটোকা লিখাঃ
(ক) লাচিত বৰফুকন।
উত্তৰঃ আহোম ৰজাৰ কৰ্মচাৰী মোমাই তামুলী বৰবৰুৱা সুযোগ্য সন্তান লাচিত বৰফুকন। লাচিত বৰফুকনে অতি সাধাৰণ অৱস্থাৰ পৰা নিজৰ কৰ্মদক্ষতাৰ বলত আহোমৰ সেনাপতিৰ পদৰ অধিকাৰী হৈছিল। আহোম স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত দিল্লীৰ মোগল সম্ৰাট ঔৰংজেৱে ৰামসিংহ নেতৃত্বত এদল শক্তিশালী সৈন্যবাহিনী গুৱাহাটী অধিকাৰ কৰিহলৈ পঠিয়ায। কিন্তু বীৰ লাচিতে মোগলৰ বিজয় গৌৰৱৰ আকাংক্ষা চূৰ্ণ-বিচূৰ্ণ কৰি পেলা। ৰামসিংহই নিজৰ শক্তি সামৰ্থ্যৰ পৰিমাণ দেখুৱাই লাচিতক ভয় খুৱাবলৈ কটকীৰ হাতত এটোপোলা আফু গুটি পঠিয়াইছিল। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে বীৰ লাচিতে এচুঙা বালি কটকীৰ হাতত পঠিয়ায়। অৰ্থাৎ আফুগুটি পিহেলে পানী হ’ব,কিন্তু বালিৰ পৰিমান একেই থাকিব। শেষত কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই নৌবাহিনী লৈ ব্ৰক্ষপুত্ৰৰে গুৱাহাটী আক্ৰমণ কৰিলে। যুদ্ধৰ সময়ত লাচিত নৰিয়াপাটীত পৰি আছিল। গাত বিষম জ্বৰ। কিন্তু দেশমাতৃৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু শ্ৰদ্ধাৰ বাবেই অসুখীয়া গাৰে ৰণত জঁপিয়াই পৰিল। যুদ্ধৰ নেতৃত্বৰ ভাৰ লোৱা লাচিতৰ তেজস্বী আহ্বানত অসমীয়া সৈন্যদলৰ নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ কৰিবলৈ গৈ কৈছিল যে-”যুঁজত যদি লাচিতৰ মৃত্যু ঘটে তেনেহ’লে চিলা পৰ্বতৰ ওপৰত কিনি থোৱা মাটিটুকুৰাত মোৰ তেওঁ শটো থ’ব আৰু যদিহে তেওঁক মোগলে ধৰি নিয়ে,তেনেহ’লে অসমীয়া সৈন্যদল সুখেৰে ঘৰলৈ উভতি যাব।” বীৰ লাচিতৰ এনে উদ্দীপ্ত বাক্যই অসমীয়া সেনাৰ অন্তৰত দেশপ্ৰেম,প্ৰেৰণা,আৰু সাহস যোগাইছিল। উপস্থিত বুদ্ধি আৰু সাহসৰ বলত অসমীয়া সৈন্যই মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। পৰাজিত মোগল সেনাপতি ৰামসিংহই বীৰ লাচিতৰ অসমীয়া সৈন্যৰ বীৰত্বৰ ভূয়সী প্ৰশংসা কৰিছিল। একমাত্ৰ লাচিত বৰফুকনৰ ৰণকৌশল,দক্ষতা আৰু গভীৰ দেশপ্ৰেমৰ বাবহে শৰাইঘাট যুদ্ধত জয়ী হ’বলৈ সক্ষম হৈছিল। শৰাইঘাট যুদ্ধই বীৰ লাচিতক অমৰ কৰাৰ লগে লগে তেওঁক সকলোৰে আদৰ্শ ব্যক্তি হিচাপে পৰগণিত কৰালে।
(খ) সতী জয়মতী।
উত্তৰঃ সতী জয়মতীৰ কুঁৱৰীৰ জন্ম হৈছিল মাদুৰী গাঁওৰ শিৱসাগৰ জিলাত। জয়মতীৰ পিতৃ নাম লাইথেপেনা বৰগোহাঞি আৰু মাতৃৰ নাম চন্দ্ৰদাৰু। সতীজয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিৰ পত্নী আছিল। সতী জয়মতী ধৰ্ম আছিল আহোম ধৰ্ম। সতী জয়মতী কুঁৱৰীৰ সময়ত আহোম ৰাজ্য ৰাজনৈতিক পৰিস্থিত অতি জটিল আছিল। জয়মতী দুটি সন্তান লাই আৰু লেচাই আছিল। ল’ৰা ৰজাৰ ভয়ত জয়মতীয়ে দুই পুত্ৰ আৰু স্বামীক নদাপাহৰত নগাৰ বেশত লোকুৱাই ৰাখিছিল। জয়মতীক ল’ৰা ৰজাই স্বামীৰ কথাত সোধাত একো নোকোৱাত ল’ৰা ৰজাই জেৰেঙা পথাৰত জয়মতীক শাস্তি দিছিল কিন্তু জয়মতীয়ে পুত্ৰৰ আৰু স্বামীৰ ভালৰ বাবে একো নকই চাওদাঙৰ হাতত মৃত্যুবৰণ কৰিছিল। সতী জয়মতীৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰই মাকৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্য জেৰেঙা পথাৰত ১৬৯৭ চনত সাগৰ-সদৃশ বৃহৎ পুখুৰী খন্দালে আৰু নাম দিলে জয়সাগৰ। জয়মতী আছিল অসমৰ একমাত্ৰ নাৰী যিয়ে স্বামী আৰু পুত্ৰৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। জয়মতীৰ কাহিনীটোক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।
(গ) টেঙাই মহন।
উত্তৰঃ পণ্ডিত টেঙাই মহন জন্ম হৈছিল ১৭১৫ চনত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল। তিনিজন ককায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু। যেতিয়া আহোম সকলৰ ভাষাৰ সলনি অসমীয়া ভাষাৰ প্ৰচলন হৈ উঠিছিল তেতিয়া আহোম ভাষাটো জীয়াই ৰখা উদ্দেশ্যই আহোম অভিধান প্ৰণয়ন কৰিছিল। ইফালে আহোমৰ শব্দ আনফালে অসমীয়া শব্দ উদাহৰণ স্বৰূপে আহোমৰ শব্দ চাম তাৰ বিপৰীতে অসমীয়া শব্দ বোলে এনেদৰে তেওঁ অভিধান সৃষ্টি কৰিছিল। টেঙাই মহন আছিল প্ৰথম অসমৰ অভিধান প্ৰণেতা আছিল। এইগৰাকী মহান অভিধানিকজনপ ১৮২৩ চনত ডিব্ৰুগড় জিলাত খুৱাঙত মৃত্যু হৈছিল।
(ঘ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন।
উত্তৰঃ ১৯১২ চনত অক্টোৱৰ মাহৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত আখৈয়া দেওধাই গাঁৱত জন্ম গ্ৰহণ কৰিছিল প্ৰৱৰ ডম্বৰুধৰ ফুকন। পিতাকৰ নাম গংগাৰাম ফুকন আৰু মাতৃৰ নাম চাদৈ ফুকন। ডম্বৰুধৰ ফুকন এম.ভি.স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা-সাংস্কৃতিক খামোচ মাৰি একান্তভাৱে অধ্যয়ন কৰিলে। কম সময়ৰ ভিতৰতে টাই ভাষা অধ্যয়ণ কৰি ফুকনদেৱে টাই প্ৰণ্ডিত হিচাপে খিয়াতি লাভ কৰে। ফুকন দেৱক অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ মুৰব্বী ডক্ত সূৰ্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাষাৰ বিশেষঞ্জ হিচাপে টাই আহোম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাটি নিয়ে। অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত চাৰি বছৰ কাম কৰাৰ পাছত ১৯৩৫ চনত স্ব-ইচ্ছাই চাকৰি এৰি দি ঘৰলৈ উভতি আহে। তাৰপাছত ১৯৬৩ চনত থানুৰাম গগৈৰ নেতৃত্বত ‘বৌদ্ধ সংস্কৃতিত ফ্ৰালুং সংস্ক্রতিৰ অন্যতম অৱদান’ শীৰ্ষক আলোচনা চক্ৰৰ বাবে বুদ্ধ গয়াত বিশ্ব বৌদ্ধ কাঠ-বাঁহেৰে এটি বিদ্যালয় গৃহ নিৰ্মাণ কৰি টাই শিক্ষা প্ৰদান কৰে। এইখনেই আজি অসমত থকা টাই কেন্দ্ৰীয় একাডেমী পাটসাঁকো। ১৯৮১ চনত দিল্লীত বহা ‘প্ৰথম আন্তজাটিকৱটাই শিক্ষা সন্মিলন’ত অংশ গ্ৰহণ কৰে। ১৯৮১ চনৰ ৮ এপ্ৰিলত পূৰ্বাঞ্চল টাই সাহিত্য সভা গঠন কৰে আৰু প্ৰতিষ্ঠাপক সভাপতি হিচাপে দ্বায়িত গ্ৰহোণ কৰে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ টাই ভাষা সংস্ক্রতি বিকাশৰ বক্ ঢপলিয়াই ফিৰা মলুং ডম্বৰু দেওধাই ফুকন দেৱৰ ডিব্ৰুগড় জিলাৰ লেঙেৰীয়াত অনুষ্ঠিত পূৰ্বাঞ্চল টাই সাহিত্য সভা দশম অধিৱেশনৰ পাছৰ্দিনা ১৫-০২-৯৩ তাৰিখে আবেলি ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত পৰলোক প্ৰাপ্তি ঘটে।
(ঙ) কৃষ্ণকান্ত সন্দিকৈ।
উত্তৰঃ ১৮৯৮ চনত যোৰহাটত কৃষ্ণকান্ত সন্দিকৈ জন্ম হয়। তেওঁ পিতৃ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম নাৰায়ণী সন্দিকৈ। ১৯১৩ চনক যোৰহাট হাইস্কুলৰ পৰা এন্ট্ৰেন্স পাছ কৰে। তাৰপাছত কটন কলেজৰ পৰা আই.এ.পৰীক্ষাত পাছ কৰে। তাৰপাছত কলিকাতলৈ যায় তাৰ সংস্কৃত কলেজৰ পৰা ১৯১৭ চনত বি.এ.উপাধি লাভ কৰে। ১৯১৯ চনত কলকাতাৰ সংস্কৃতৰ বেদ গ্ৰুপত পক্থম হৈ এম.এ পাছ কৰে। তাৰপাছত বিলাতলৈ গৈ অক্সৰ্ফোড বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত ১৯২৩ চনত এম.এ.উপাধি লাভ কৰে। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত তাৰ প্ৰথম উপাৰ্চায হিচাপে নিয়িক্ত হয় আৰু ১৯৫৭ চন পৰ্যন্ত এই পদত থাকে। তেওঁ বহুতো ইংৰাজী পিঠি অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন গৱেষণা আলোচনীত ভাৰততত্ত্ব সম্পৰ্কে ভালেমান প্ৰবন্ধ লিখিছিল। ১৯৫১ চনত বহা অখিল ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ লক্ষ্ণৌ অধিবেশনৰ সভাপতি হয়। ১৯৫৩ চনত ৱালটেয়াৰত বহা আন্তঃবিশ্ববিদ্যালয় সমিতিৰো সভাপ্ৰতি আছিল। বাঁহী, মিলন, আৱাহন, চেতনা আলোচনীত প্ৰবন্ধ-পাতি লিখিছিল। তেওঁ কেইটিমান গীতো ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে পদ্মশী আৰি ১৯৬৭ চনত পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। ১৯৮২ চনৰ ৭ জুন তাৰিখে কৃষ্ণকান্ত সন্দিকৈ মৃত্যুৰ হৈছিল। মৃত্যুৰ আগত তেওঁ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়লৈ জান কৰিছিল।
(চ) পদ্ম নাথ গোহাঞি বৰুৱা ।
উত্তৰঃ ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নাকৰি গাঁৱত পদ্মনাথ গোহাঞি বৰুৱা। তেওঁ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ নাম লক্ষ্মীদেৱী। ১৮৯০ চনত কহিমা হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু এফ.এ আৰু আইন পঢ়ে। তেওঁ কহিমা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰথমে শিক্ষক হিচাপে যোগদান কৰে তাৰপাছত ১৮৯৩ চনত নৰ্মাল স্কুললৈ আহে। পদ্মমাথ গোহাঞি বৰুৱাদেৱৰ কবিতা, নাটক, উপন্যাস সকলোতে হাত আছিল। পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ লিখা কবিতা পুথিসমূহ হ’ল-‘জুৰণি’, ‘লীলা’, ফুলৰ, চানেকী। বুৰঞ্জীমূলক নাটক হ’ল- ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনা’, ‘লাচিত বৰফুকন’, আদি। প্ৰহসন নাটক হ’ল-‘গাওঁবুঢ়া’, ‘টেটোন তামুলী’, ‘ভূত নে ভ্ৰম’। উপন্যাস হ’ল- ‘ভানুমতী’, ‘লাহৰী’। আত্মজীৱনী-‘মোৰ সোঁৱৰণী। সংগ্ৰহ- ‘সাহিত্য সংগ্ৰহ’,’জীৱনী সংগ্ৰহ’। ধৰ্মমূলক গ্ৰন্থ- ‘শ্ৰীকৃষ্ণ’, গীতাসাৰ। ইয়াৰ উপৰি তেওঁ ভূগোল,দৰ্পন,নীতিশিক্ষা আদি অনেক পাঠ্যপুথি ৰচনা কৰিছিল। তেওঁ ‘বিজুলী’, ‘আসাম বন্তি’ আৰু ‘উষা’ তেওঁ সম্পাদন কৰিছিল। তেওঁ ১৯১৭ চনত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল। ১৯৪৬ চনৰ ৭ এপ্ৰিল তাৰিখে পদ্মনাথ গোহাঞি বৰুৱা পৰলোক প্ৰাপ্তি ঘটে।