Chapter 14
মাধৱদেৱৰ গুৰুসেৱা
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
দোণ = পাঁচ সেৰ শস্য ধৰা কাঠীৰে সজা এবিধ পাত্ৰ
ইকৰা = ঘৰৰ বেৰ দিয়া খাগৰিৰ নিচিনা কিন্তু তাতোকৈ সৰু এবিধ বন
নল = এবিধ ফোঁপোলা খাগৰি জাতিৰ তৃণ
পোহা = এখন মেলা হাতৰ তলুৱাৰ ঠোলা
পজালি = শুকাবৰ নিমিত্তে তলীতে তুলি থোৱা মাহ, সৰিয়হ আদিৰ
বেলেগ বেলেগ মুঠা বা সোপা
খোলা = কোনো কোৰ্য্যত ব্যৱহাৰ কৰিবলৈ চুৰুকি চিকুণুৱা ঠাই
জাৰণি = ডাঠ হাবি; কাঠনি
তাঁৰ = সৰু জৰী বা শলি
উখোৱা চাউল = সিজাই ৰ’দত শুকুওৱা ধানৰ কৰা কৰা চাউল
বকৰাণি = চন পৰি থকা মাটি
*পঢ়া আৰু বুজা:
তই ৱই ত্ব
শই ৰই ঊৱে শ্ৰূ
জই ঞই জ্ঞ
কই তই ক্ত
[১] পঢ়া আৰু লিখা:
মহাপ্ৰয়াণ দায়িত্ব শুশ্ৰূষা যজ্ঞধাৰি
নিশ্চয় মাহ-প্ৰসাদ শ্ৰদ্ধা-ভক্তি প্ৰমাণ
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) গুৰুজনাই ক’ত সৰিয়হ খেতি কৰিছিল?
উত্তৰঃ
খ) গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে কি বুদ্ধিৰে তোলালে?
উত্তৰঃ
গ) মাধৱদেৱে আই গোসাঁনীক চাৰিদোণ ধান কিয় বিচাৰিছিল?
উত্তৰঃ
ঘ) গুৰুজনাৰ গা-ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল? তেওঁ এই ব্যৱস্থা কিয় ল’ব লগা হ’ল?
উত্তৰঃ
[৩] পঢ়া আৰু লিখা:
ধানখেতি কৰা ঠাই =
মাহ খেতি কৰা ঠাই =
সৰিয়হখেতি কৰা ঠাই =
কঠীয়া সিঁচা ঠাই =
[৪] বুজা আৰু লিখা:
নাহৰ + অনি = হাবি + অনি = .
জাৰ + অনি = পদুম + অনি =
মাহ + অনি = কাঠ + অনি =
[৫] বাক্য ৰচনা কৰা:
শিষ্য,সেৱা-শুশ্ৰূষা,মন-কাণ,মাহ-প্ৰসাদ,উপবাস
[৬] তলৰ বিষয়বোৰৰ বিষয় আলোচনা কৰা:
ঝুমুৰা; গীত-ভটিম; বৰগীত; চৰিত-পুথি।
[৭] ভাবা আৰু উত্তৰ উলিওৱা:
ক) মাকে বৰশী বায়, পুতেকে সৰগ চায়।
উত্তৰঃ
খ) চিতপখিলা, তিনিমূৰ দহঠেং ক’ত দেখিলা?
উত্তৰঃ
গ) জগতক পালক চা মাজৰটো নকওঁ যা, শেষৰটো ল কোনে পাৰ ক।
উত্তৰঃ