Chapter 9
তৰা
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতি চিনাকি হওঁ আহা:
তিৰবিৰ = জলমল
অমানিশা = অমাৱস্যা; আউসী
ধৰা = পৃথিৱী
নই = নদী
গৰা = নৈ, পুখুৰী আদিৰ ওখ আৰু থিয় পাৰ
পিটনি = পানীৰ ওপৰত বৰ ডাঠ হৈ গজা দল ঘাঁহ আদি থকা ঠাই
ঢৰা = ঢাৰী
হৰা = বলেৰে বা ছল কৰি নিয়া; আকৰ্ষণ কৰা
পথিক = বাটৰুৱা
বতৰা = বাতৰি; খবৰ
চিলমিল = চকুৰ আগত অলপ অলপকৈ জিলিকা
থমকি = কৰি বা গৈ থকোঁতে হঠা ৰৈ দিয়া
টিপতে = খন্তেকতে; চকুৰ পচাৰতে
চিত = মন
নিতে = সদায়; নিতৌ
[১] কবিতাটি মনত ৰাখা।
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা।
ক) তৰাৰ চকুযুৰি আৰু মুখখন কেনেকুৱা?
উত্তৰঃ
খ) তৰাই কি পোহৰায়?
উত্তৰঃ
গ) তৰাৰ হাঁহিটি ক’ত ক’ত পৰে?
উত্তৰঃ
ঘ) তৰাৰ হাঁহিটি পৰিলে কোনে নাচে?
উত্তৰঃ
ঙ) গধূলি বেলিকা কবিয়ে লগৰীয়াৰ স’তে কি কৰে?
উত্তৰঃ
চ) তৰাই কাক পথৰ বতৰা দিয়ে?
উত্তৰঃ
ছ) কবি কিয় আচৰিত হয়?
উত্তৰঃ
[৩] পঢ়া, বুজা্ আৰু লিখা:
ফুল – ফুলনি
বাঁহ –
শাক –
মাহ –
কল –
ধান –
বন –
[৪] বাক্য ৰচনা কৰা:
তিৰবিৰ- তৰাবোৰে ৰাতি আকাশত তিৰবিৰাই থাকে।
মিলি-জুলি-
কাণ পাতি-
আপোন-পাহৰা-
চিলমিল-
বিয়াকুল-
[৫] তলৰ খালী ঠাইবোৰত ‘খা’ –এই শব্দটো উপযুক্ত ৰুপত ব্যৱহাৰ কৰি বাক্যকেইটি
পুনৰ লিখা:
ক) মই ভাত ।
খ) সীমাই এতিয়া ভাত ।
গ) তুমি ভাত খালানে ?
ঘ) কালি আমি বনভোজ ।
ঙ) যোৱা ৰবিবাৰে সি মাছৰ আন্জ্ঞাৰে ভাত ।
চ) কাইলৈ দুপৰীয়া তোমালোকে কি ?
ছ) অহা দেওবাৰে আমি পচলা ।
[৬] পঢ়া, বুজা আৰু লিখা:
আকাশ – পাতাল আকাশ – গগন
পোহৰ – জেউতি –
আঁউসী – গধূলি –
হাঁহি – পথ –
ৰাতি পুৱা – চকু –
দিন – নিজৰা –
[৭] তোমাৰ চাৰিওফালে সদায় দেখি থকা গছ, নৈ, আকাশ, বেলি, পথাৰ, চৰাই আদিক লৈ
কল্পনা কৰি কবিতা লিখিবলৈ চেষ্টা কৰা। এনে বিষয়ৰ কবিতাবোৰো সংগ্ৰহ কৰা।
[৮] পঢ়া, বুজা আৰু লিখা (অভিধানৰ সহায় ল’বা)
য’ত = কলমটো য’ত আছিল তাতেই থোৱা।
যত =
ক’ত =
কত =
[৯] পঢ়া, বুজা আৰু লিখা:
জিলমিল – চিলমিল
থমকি –
হৰা –
ধৰা –
[১০] উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা:
চিলমিল; জিলমিল; উমিউমি।
ক) আকাশত তৰাবোৰে কৰিছে।
খ) টোপনিত মই এটা সপোন দেখিছিলোঁ।
গ) জুইকুৰা জ্বলিছে।