Chapter- 4
সময়
১। সময়ে কি দিব পাৰে ?
(ক) দুখ
(খ) শান্তি
(গ) ধন
উত্তৰ- (গ) ধন ।
২। ধনে কি দিব নোৱাৰে ?
(ক) ধন
(খ) সময়
(গ) দুখ
উত্তৰ- (খ) সময় ।
৩। এজন কৃপণ ধনীয়ে মৰাৰ সময়ত পুতেকক কি দি যায়?
(ক) উপদেশ
(খ) বহুত ধন
(গ) বহুত দুখ
উত্তৰ- (ক) উপদেশ ।
৪। বোলে বোপা ধনৰ কাকতখন ভালকৈ চাবি, এই কথাষাৰ কোনে কৈছে?
(ক) কৃপণ ধনী জনে
(খ) ধনীজনৰ পুতেকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কৃপণ ধনী জনে ।
৫। সময় কাৰ নিচিনা ?
(ক) সাগৰৰ
(খ) বনৰ
(গ) নদীৰ
উত্তৰ- (গ) নদীৰ ।
৬। সকলো কামৰ বাবে কি ভাগ কৰি লব লাগে?
(ক) ধন
(খ) সময়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সময় ।
৭। শোৱাৰ বাবে কিমান সময় ল’ব লাগে?
(ক) দুই-তিনি
(খ) ছয়-সাত
(গ) সাত-আঠ
উত্তৰ- (গ) সাত-আঠ ।
৮। ব্যায়াম বা ধেমালিৰ বাবে কিমান সময় ল’ব লাগে?
(ক) দুই-তিনি
(খ) চাৰি-পাঁছ
(গ) সাত-আঠ
উত্তৰ- (ক) দুই-তিনি ।
৯। কেনেকৈ কাম কৰিলে আমনি নালাগে?
(ক) একে এটা কামকে বাবে বাবে কৰি থাকিলে
(খ) এটাৰ পাছত আন এটা কাম কৰি থাকিলে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) এটাৰ পাছত আন এটা কাম কৰি থাকিলে ।
১০। আমাৰ জীৱনৰো কিছুমান ভাগ আছে যেনে কি কি?
(ক) ল’ৰা-কাল
(খ) ডেকা-কাল
(গ) বুঢ়া-কাল
(ঘ) ওপৰৰ তিনিটাই হয়
উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।
১১। বিদ্যা-শিক্ষাৰ বাবে উপযুক্ত সময় কি?
(ক) লৰা-কাল
(খ) ডেকা-কাল
(গ) বুঢ়া-কাল
উত্তৰ- (ক) লৰা-কাল ।
১২। ল’ৰা-কালৰে পৰা নঘঁহিলে বুদ্ধি-বেছি কি হয়?
(ক) চোকা
(খ) ভোঁতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভোঁতা ।
১৩। ডেকাকালত কি ৰিপুবিলাক বৰ দুৰ্দ্দন্ত হোৱাত শিক্ষাত বৰ বাধা হয়?
(ক) কাম, ক্ৰোধ,
(খ) লোভ,
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৪। দৈনিক কাকত শব্দৰ অৰ্থ কি?
(ক) দিন-লিপি
(খ) দিনত লিখা কাকত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) দিন-লিপি ।
১৫। মন্দ শব্দৰ অৰ্থ কি?
(ক) ভাল
(খ) বেয়া
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) বেয়া ।
১৬। ৰিপু শব্দৰ অৰ্থ কি?
(ক) শক্ৰ
(খ) অনিষ্টকাৰী ইচ্ছা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৭। যুগুত শব্দৰ অৰ্থ কি?
(ক) উচিত
(খ) প্ৰয়োজনীয়
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৮। ক্ৰোধ শব্দৰ অৰ্থ কি?
(ক) খং
(খ) ৰাগ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৯। নিমিত্তে
(ক) অনুচিত
(খ) কাৰণে
(গ) উচিত
উত্তৰ- (খ) কাৰণে ।
২০। সময়ৰ কাকত শব্দৰ অৰ্থ কি?
(ক) সময়ৰ হিচাপ লিখি থোৱা কাকত
(খ) ধন-সম্পত্তিৰ হিচাপ লিখি থোৱা কাকত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সময়ৰ হিচাপ লিখি থোৱা কাকত ।
Type by- Bikul Mandal