Chapter 14
ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি
১। গোলক পৃথিৱীখনৰ এটা কি ?
উত্তৰঃ গোলক পৃথিৱীৰ এটা আৰ্হি বা মডেল ।
২। প্ৰাকৃতিক মানচিত্ৰ কাক বোলে ?
উত্তৰঃ যিবোৰ মানচিত্ৰত প্ৰাকৃতিক ভূ-অৱয়ব, বিষয়বস্তু উপস্থাপন কৰা হয় তাকে প্ৰাকৃতিক মানচিত্ৰ বোলে ।
৩। মাপনীৰ সহায়ত কি জুখিব পাৰি ?
উত্তৰঃ মাপনীৰ সহায়ত দুখন ঠাইৰ দূৰত্ব জুখিব পাৰি ।
৪। স্কেল বা মাপনীৰ সহায়ত কি আঁকিব পাৰি ?
উত্তৰঃ স্কেল বা মাপনীৰ সহায়ত সৰু সৰু মেপবোৰ আঁকিব পাৰি ।
৫। মানচিত্ৰ কাক বোলে ?
উত্তৰঃ স্কেলৰ সহায়ত এটা নিৰ্গিষ্ট জোখত কোনো এখন ঠাই সৰু কৰি কাগজত আঁকি লোৱা ছবিখনকে মানচিত্ৰ বোলে ।
৬। নিৰ্দিষ্ট জোখ-মাপ থকা চিত্ৰই কি ?
উত্তৰঃ নিৰ্দিষ্ট জোখ-মাপ থকা চিত্ৰই মানচিত্ৰ ।
৭। ভূচিত্ৰাৱলী কাক বোলে ?
উত্তৰঃ কেইবাখনো মানচিত্ৰ একেলগ কৰি প্ৰস্তুত কৰা কিতাপখনক ভূচিত্ৰাৱলী বোলা হয় ।
৮। মানচিত্ৰক কি বুলি কোৱা হয় ?
উত্তৰঃ মানচিত্ৰক মেপ বুলিও কোৱা হয় ।
৯। সাংকেতিক চিহ্ন কাক বোলে ?
উত্তৰঃ মানচিত্ৰত উপস্থাপন কৰা উপাদানবোৰক বুজাবলৈ কিছুমান বিশেষ চিহ্ন ব্য়ৱহাৰ কৰা হয় । এনে চিহ্নবোৰক সাংকেতিক চিহ্ন বোলে ।
১০। গুৱাহাটী চহৰখনৰ ভিতৰত কি কি পাহাৰ আছে ?
উত্তৰঃ গুহাহাটী চহৰখনৰ ভিতৰত নীলাচল, নৱগ্ৰহ, সন্ধ্য়াচল, বশিষ্ঠ আদি পাহাৰ আছে ।
১১। ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ নাম কি ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ নাম হ’ল ভৰলু ।
১২। গুৱাহাটী চহৰখনৰ ভিতৰদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ খনৰ নাম কি ?
উত্তৰঃ গুৱাহাটী চহৰখনৰ ভিতৰদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ খনৰ নাম হ’ল ভৰলু ।
১৩। ভূগোলৰ আন এটা আহিলা কি ?
উত্তৰঃ ভূগোলৰ আন এটা আহিলা হ’ল আৰ্হি বা মডেল ।
১৪। আৰ্হি বা মডেলৰ সহায়ত পৃথিৱীৰ উপৰিভাগৰ কি দেখুৱাব পাৰি ?
উত্তৰঃ আৰ্হি বা মডেলৰ সহায়ত পৃথিৱীৰ উপৰিভাগৰ যি কোনো অৱয়ৱ এটাৰ সৰল প্ৰতিৰূপ দেখুৱাব পাৰি ।
১৫। পৃথিৱীৰ পৰিধি প্ৰায় কিমান কিমি. ?
উত্তৰঃ পৃথিৱীৰ পৰিধি প্ৰায় ৪০,০০০ কিমি. ।
১৬। স্কেল বা মাপনী কি ?
উত্তৰঃ স্কেল বা মাপনী হৈছে জোখ-মাখৰ বাবে সুবিধাজনক আহিলা ।
১৭। মানচিত্ৰ মানে কি ?
উত্তৰঃ মানচিত্ৰ মানে হ’ল নিৰ্দিষ্ট জোখ-মাখ থকা ছবি ।
১৮। মানচিত্ৰ কেই প্ৰকাৰৰ হ’ব পাৰে ?
উত্তৰঃ মানচিত্ৰ কেইবা প্ৰকাৰৰ হ’ব পাৰে ।
১৯। মানচিত্ৰ কেইবা প্ৰকাৰৰ হ’ব পাৰে সেইকেইটা কি কি ?
উত্তৰঃ সেইকেইটা হ’ল প্ৰাকৃতিক, ৰাজনৈতিক, বতৰ সম্পৰ্কীয়, পৰিৱহণ আৰু যাতায়াত, কৃষি, সম্পদ, উদ্য়ােগসম্পৰ্কীয় আদি ।
২০। ভূচিত্ৰৱালী কি ?
উত্তৰঃ ভূচিত্ৰৱালী হ’ল মানচিত্ৰ থকা কিতাপ ।