Chapter 7
মৌলিক প্ৰয়োজন
১। মানুহৰ মৌলিক প্ৰয়োজন কেইবিধ আৰু কি কি ?
উত্তৰঃ মানুহৰ মৌলিক প্ৰয়োজন তিনিবিধ সেইকেইটা হ’ল খাদ্য়, বস্ত্ৰ আৰু বাসস্থান ।
২। মানুহে পোনপ্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ কি ?
উত্তৰঃ মানুহে পোনপ্ৰথমে অনুভৱ কৰা প্ৰয়োজনবিধ হ’ল খাদ্য় বা আহাৰ ।
৩। নিয়মিত আহাৰ-পানীয়ে জীৱক কাম কৰাৰ কি দিয়ে ?
উত্তৰঃ নিয়মিত আহাৰ-পানীয়ে জীৱক কাম কৰাৰ শক্তি দিয়ে ।
৪। তৃণভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন খাই জীয়াই থাকে তেনেবোৰক তৃণভোজী প্ৰাণী বোলে ।
৫। মাংসভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ যিবোৰ প্ৰাণীয়ে অন্য় প্ৰাণীৰ মাংস খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বোলে।
৬। সৰ্বভোজী কাক বোলে ?
উত্তৰঃ মানুহে প্ৰায় সকলো খাদ্য়কে গ্ৰহণ কৰে বাবে মানুহক সৰ্বভোজী বুলি কোৱা হয় ।
৭। উত্তৰ মেৰু অঞ্চলত বসবাস কৰা এটা মানৱ জাতি নাম কি ?
উত্তৰঃ উত্তৰ মেৰু অঞ্চলত বসবাস কৰা এটা মানৱ জাতি নাম হ’ল এস্কিম’ ।
৮। এস্কিম’সকলৰ প্ৰধান জীৱিকা কি ?
উত্তৰঃ এস্কিম’সকলৰ প্ৰধান জীৱিকা হ’ল চিকাৰ কৰা ।
৯। এস্কিম’সকলৰ প্ৰধান আহাৰ কি ?
উত্তৰঃ এস্কিম’সকলৰ প্ৰধান আহাৰ মাছ আৰু মঙহ ।
১০। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ কি ?
উত্তৰঃ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ লোকসকলৰ প্ৰধান আহাৰ নাৰিকল ।
১১। আৰব মৰুভূমিত বাস কৰা অঘৰী জাতিটোৰ নাম কি ?
উত্তৰঃ আৰব মৰুভূমিত বাস কৰা অঘৰী জাতিটোৰ নাম হ’ল বেদুইন ।
১২। বেদুইনসকলৰ প্ৰধান খাদ্য় কি ?
উত্তৰঃ বেদুইনসকলৰ প্ৰধান খাদ্য় হ’ল উটৰ মঙহ ।
১৩। বেদুইনসকলৰ প্ৰিয় পানীয় কি ?
উত্তৰঃ বেদুইনসকলৰ প্ৰিয় পানীয় হ’ল উটৰ গাখীৰ ।
১৪। অসমত থকা কি প্ৰজাতি লোকসকলে গৰু পোহে যদিও গৰুৰ গাখীৰ নাখায় ?
উত্তৰঃ অসমত থকা মংগোলীয় প্ৰজাতি লোকসকলে গৰু পোহে যদিও গৰুৰ গাখীৰ নাখায় ।
১৫। বাসস্থান কাক বোলে ?
উত্তৰঃ যি ব্য়ৱস্থাই মানুহক নিৰাপত্তা আশ্ৰয় আৰু বিশ্ৰাম প্ৰদান কৰে সেই ব্য়ৱস্থাটোকে ঘৰ বা বাসস্থান বোলে ।
১৬। আদিম মানুহে ক’ত বাস কৰিছিল ?
উত্তৰঃ আদিম মানুহে ঘৰ সাজিব জনা নাছিল বাবে গছৰ খোৰোং, ডাঙৰ গছৰ তলত, পৰ্বত-পাহাৰৰ শিলৰ গুহাত বাস কৰিছিল ।
১৭। প্ৰত্নপ্ৰস্তৰ যুগৰ আগলৈকে মানুহে কি ঠাইতে বসবাস কৰিছিল ?
উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগৰ আগলৈকে মানুহে মুকলি ঠাইত বসবাস কৰিছিল ।
১৮। প্ৰত্নপ্ৰস্তৰ যুগৰ শেষৰ ফালে কি পৰিৱৰ্তন হৈছিল ?
উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুুগৰ শেষৰ ফালে জলবায়ু পৰিৱৰ্তন হৈছিল ।
১৯। এস্কিম’সকলে বৰফৰ সহায়ত সাজি লোৱা ঘৰটোক কি বোলে ?
উত্তৰঃ এস্কিম’সকলে বৰফৰ সহায়ত সাজি লোৱা ঘৰটোক ঈগলু বোলে ।
২০। কাজাকসকলে কিহৰ সহায়ত তম্বু সাজি বসবাস কৰে ?
উত্তৰঃ কাজাকসকলে চামৰাৰ সহায়ত তম্বু সাজি বসবাস কৰে।