Chapter 14
ভূ-আন্দোলন
১) কিমান কোটি বছৰৰ আগেয়ে পৃথিৱীখন সৃষ্টি হৈছিল ?
উত্তৰ ঃ প্ৰায়ে 450 কোটি বছতত আগেয়ে পৃথিৱীখন সৃষ্টি হৈছিল।
২) মেগমা মানে কি ?
উত্তৰ ঃ ভূগৰ্ভত থকা উত্তপ্ত গলিত পদাৰ্থবোৰক মেগমা বুলি কোৱা হয়।
৩) কিমান চনত মস্কোত ভূগোল বিজ্ঞানীৰ এখন আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল ?
উত্তৰ ঃ 1971 চনত মস্কোত ভূগোল বিজ্ঞানীৰ এখন আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল।
৪) লাভা কাক বোলে ?
উত্তৰঃ কিবা কাৰণত যদি মেগমা বাহিৰলৈ ওলাই আহে তেতিয়া তাক লাভা বোলে ।
৫)পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোক কি বোলে ?
উত্তৰঃ পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোক ভূত্বক বা খোলা বোলে ।
৬) ভূত্বকৰ তলত থকা তৰপকেইটা কি কি ?
উত্তৰঃ ভূত্বকৰ তলত থকা তৰপকেইটা হ’ল প্ৰবাৰ আৰু শাহ।
৭) ফলক বিৱৰ্তন তত্ত্ব আনুসৰি ভূপৃষ্ঠ কিমানখন বৃহত ফলকৰদ্বাৰা গঠিত ?
উত্তৰঃ ফলক বিৱৰ্তন তত্ত্ব আনুসৰি ভূপৃষ্ঠ সাতখন বৃহত ফলকৰদ্বাৰা গঠিত।
৮) অভিসৰণ কাক বোলে ?
উত্তৰ ঃ ফলকবোৰে গতি কৰিলে কেতিয়াবা এখন ফলক আন এখন ফলকৰ ওপৰলৈ চাপ খাই থাকে। ফলক দুখন চাপ খাই কৰা গতিক অভিসৰণ বোলে ।
৯) কিমান চনত হোৱা ছুনামীয়ে তামিলনাডুৰ উপকূলত বহু ধন-জনৰ ক্ষতি কৰিছিল ?
উত্তৰ ঃ 2004 চনত হোৱা ছুনামীয়ে তামিলনাডুৰ উপকূলত বহু ধন-জনৰ ক্ষতি কৰিছিল।
১০) কিমান চনত হোৱা ভূমিকম্পত কামৰূপ জিলাৰ দক্ষিণফালে এলানি পাহাৰ বহি গৈ চানডুবি নামৰ হ্ৰদটোৰ সৃষ্টি হৈছিল ?
উত্তৰ ঃ 1897 চনত হোৱা ভূমিকম্পত কামৰূপ জিলাৰ দক্ষিণফালে এলানি পাহাৰ বহি গৈ চানডুবি নামৰ হ্ৰদটোৰ সৃষ্টি হৈছিল।
১১) ছুনামী কাক বোলে ?
উত্তৰ ঃ সমুদ্ৰত ভূমিকম্প হ’লে পানীৰ ঢৌ বহু ওপৰলৈ উঠে। ইয়াকে ছুনামী বোলে ।
১২) প্ৰশান্ত মহাসাগৰীয় বলয়ত অন্তৰ্ভুক্ত অঞ্চলবোৰ কি কি ?
উত্তৰঃ প্ৰশান্ত মহাসাগৰীয় বলয়ত অন্তৰ্ভুক্ত অঞ্চলবোৰ হ’ল কেলিফৰ্নিয়া, চিলি, আলাস্কা, জাপান ফিলিপাইনছ, নিউজিলেণ্ড।
১৩) গছীয় পৃথিৱীৰপৰা আজিৰ পৃথিৱীখনলৈ যি পৰিৱৰ্তন হৈছে তাত প্ৰধানকৈ কেইটা কাৰকে ক্ৰিয়া কৰিছে আৰু কি কি ?
উত্তৰ ঃ গছীয় পৃথিৱীৰপৰা আজিৰ পৃথিৱীখনলৈ যি পৰিৱৰ্তন হৈছে তাত প্ৰধানকৈ দুটা কাৰকে ক্ৰিয়া কৰিছে আৰু সেই কাৰক কেইটা হ’ল (i) আভ্যন্তৰীণ কাৰক আৰু (ii) বাহ্যিক কাৰক ।
১৪) আভ্যন্তৰীণ কাৰকবোৰ কি ?
উত্তৰ ঃ আভ্যন্তৰীণ কাৰকবোৰ হ’ল পৃথিৱীৰ অন্তৰ্ভাগৰপৰা সৃষ্টি হোৱা কাৰক।
১৫) বাহ্যিক কাৰকবোৰ কি ?
উত্তৰ ঃ বাহ্যিক কাৰকবোৰ হ’ল ৰ’দ, হতাহ, বৰষুণ, নদী, হিমবাহ আদি।