উত্তৰঃ প্ৰত্নপ্ৰস্তৰ যুগৰ বিভিন্ন শিলৰ সঁজুলিৰ হ’ল-
(১) ছেদকঃ ছেদক হৈছে নদীত উটি অহা স্থূলভাৱে গোলাকৃতিৰ শিলৰগুটিৰ কেইবা অংশ ডাঙৰ চটা দাঁতি বা জোঙৰ দৰে তৈয়াৰ কৰা সঁজুলিক ‘ছেদক’ বোলা হয় । প্ৰাগৈতিহাসিক প্ৰত্নতাত্ত্বিক স্থানবোৰত দুই ধৰণৰ ছেদক সঁজুলি পোৱা যায় । হ’ম’ হবিলছ্ গোষ্ঠীয়ে নিমাৰ্ণ কৰা ছেদকবোৰত ঘূৰণীয়া শিলটোৰ দুইফালৰ পৰা মাত্ৰ এটা বা দুটা চটা এৰুৱাই ধাৰাল দাঁতিটো তৈয়াৰ কৰা হয় ।
(২) হাত কুঠাৰঃ হৃদযন্ত্র বা নাচপতিৰ আকৃতিৰ হাত কুঠাৰ প্ৰকৃততে উন্নীতকৰণ হোৱা এবিধ ছেদকেই। এই অস্ত্রবিধ প্রধানতঃ হ’ম’ ইৰেকটাছ্বোৰ ব্যৱহাৰ কৰিছিল। মানৱ ইতিহাসত সকলোতকৈ বেছি সময়ৰ বাবে ব্যৱহাৰ হোৱা সঁজুলিবিধেই হ’ল হাত কুঠাৰ। হাত কুঠাৰ সাধাৰণতে ফ্লিণ্ট বা চাৰ্তৰ পৰা তৈয়াৰ কৰা হয়। হাত কুঠাৰসমূহ যথেষ্ট গধুৰ হয় আৰু সেয়ে গধুৰ কাম কৰিবলৈ সহজ হয় ।
(৩) চাঁছনিঃ হাত কুঠাৰৰ দৰে সঁজুলিবোৰক কামত ব্যৱহাৰ কৰা হয়। কিন্তু ধীৰে ধীৰে বিশেষ কামৰ বাবে বিশেষ বিশেষ সঁজুলিৰ বিকাশ হ’বলৈ ধৰিলে। এনে এবিধ সঁজুলিয়েই হ’ল চাঁছনি। এই সঁজুলিবিধ প্ৰধানকৈ কোনো জন্তুৰ চাল চেলোৱাৰ পিছত ভিতৰৰ ফালে লাগি থকা মঙহৰ টুকুৰাবোৰ বা সন্মুখৰ ফালৰ নোমবোৰ এৰুৱাবলৈ ব্যৱহাৰ কৰা হৈছিল।
(৪) বটালীঃ বটালীবোৰ ফ্লিণ্ট পাথৰেৰে তৈয়াৰ কৰা আৰু প্রধানতঃ হাড়, শিং, হাতীদাঁত আৰু কাঠত ফুটা কৰিবলৈ ব্যৱহাৰ কৰা জোঙামূৰীয়া এবিধ সঁজুলি। বটালী শেষ প্ৰত্নপ্রস্তৰ যুগৰ এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ।
(৫) বিন্ধনাঃ বিন্ধনা হ’ল শিলৰ চটা বা শিলগুটিৰ এটা মুৰ জোঙা কৰি তৈয়াৰ কৰা এবিধ ফুটা কৰা সঁজুলি। ইয়াক জন্তুৰ ছালত ফুটা কৰি চিলাই কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
(৬) জোংঃ জোংবোৰ কঠিন শিলৰ চটাৰ পৰা তৈয়াৰ কৰা হয় আৰু এইবোৰৰ এটা অতি মিহি জোং থাকে। এইবোৰক যাঠী বা কাঁড়ৰ মূৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। অর্থাৎ জোংবোৰ সংযুক্ত সঁজুলিৰ এটা অংশ।
(৭) ক্ষুৰ : ক্ষুৰবোৰ এনে এবিধ সঁজুলি, যাৰ দৈৰ্ঘ্য প্রস্থৰ প্ৰায় দুগুণ হয় আৰু দীঘল কাষ দুটা প্রায় সমান্তৰাল হয়। ক্ষুৰসমূহ অতি পাতল হয়। ইহঁতক এটা শিলাখণ্ডৰ সম্ভৱপৰ সকলোতকৈ দীঘল চটাটো উঘালি আনি সাৱধানে দাঁতি দুটাক নিৰ্দিষ্ট আকাৰ দিয়া হয়। শিলাখণ্ড এটা নভগাকৈ ক্ষুৰ তৈয়াৰ কৰিবলৈ বিশেষ দক্ষতাৰ প্ৰয়োজন হয়।