Chapter- 9
প্ৰাণী আৰু প্ৰাণীৰ আহাৰ
১। প্ৰাণীক জীয়াই থাকিবলৈ কি লাগে ?
(ক) আহাৰ আৰু পানী
(খ) কেৱল আহাৰ
(গ) কেৱল পানী
উত্তৰ- (ক) আহাৰ আৰু পানী ।
২। যিবোৰ প্ৰাণীয়ে মাংস খায় তাক কি বোলে ?
(ক) তৃণভোজী প্ৰাণী
(খ) মাংসভোজী প্ৰাণী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মাংসভোজী প্ৰাণী ।
৩। যিবোৰ প্ৰাণীয়ে ঘাঁহ খায় তাক কি বোলে ?
(ক) তলৰ এটাও নহয়
(খ) মাংসভোজী প্ৰাণী
(গ) তৃণভোজী প্ৰাণী
উত্তৰ- (গ) তৃণভোজী প্ৰাণী ।
৪। তলৰ কোনটো মাংসভোজী প্ৰাণী ?
(ক) গৰু
(খ) ছাগলী
(গ) বাঘ
উত্তৰ- (গ) বাঘ ।
৫। তলৰ কোনটো তৃণভোজী প্ৰাণী ?
(ক) বাঘ
(খ) গৰু
(গ) সিংহ
উত্তৰ- (খ) গৰু।
৬। উদ্ভিদে ক’ত নিজৰ আহাৰ তৈয়াৰ কৰে ?
(ক) গা-গছত
(খ) শিপাত
(গ) পাতত
উত্তৰ- (গ) পাতত ।
৭। ওকনি পৰজীৱী প্ৰাণী হয় নে নহয় ?
(ক) নহয়
(খ) হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) হয় ।
৮। প্ৰ’টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে নে নাথাকে ?
(ক) থাকে
(খ) নাথাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) থাকে ।
৯। ভাটৌৰ দুয়োটা ঠোঁট সমান হয় নে নহয় ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নহয় ।
১০। ঘৰচিৰিকাৰ ঠোঁটতো কেনেকুৱা ?
(ক) দীঘল
(খ) চুটি
(গ) বেঁকা
উত্তৰ- (খ) চুটি