গড়গাওঁ
৪) উত্তৰ লিখা ।
ক) গড়গাওঁ কবিতাটি কোনে ৰচনা কৰিছে ?
উঃ গড়গাওঁ কবিতাটি বিনন্দ চন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল ।
খ) গড়গাওঁ কবিতাটিৰ ৰচকজনক কি বুলি জনা যায় ?
উঃ গড়গাওঁ কবিতাটিৰ ৰচকজনক ধ্ৱনি কবি বুলি জনা যায় ।
গ) মাৰ – নাও বুলিলে কি বুজা ?
উঃ মাৰ নাওঁ বুলিলে এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোৰ নাওঁ ।
ঘ) কবিতাটিত বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা ?
উঃ কেইটামান কাম হল – ধোদে ৰাজ আলি বান্ধে , কাৰেঙৰ দেৱাঁল গাঠেঁ আৰু বৰনাওঁ মাৰে ।
ঙ) গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে ?
উঃ কাৰণ সেইখন ওলত – পালত দেশ তাত বিভিন্ন ঘটনা ঘটে । সেইবাবে কবিয়ে কৈছে গড়গাঁৱৰ কথা শুনি তল যাওঁ ।
৫) চমু উত্তৰ লিখা ।
ক) দিখৌৰ সোততঁ যোৱা, ভটিয়নী বল পোৱা , উভতিব খোজে মাৰ – নাওঁ , ।—– মাৰ -নাও উভতিব খোজাৰ কাৰণ কি ?
খ) ওলাট-পালট দেশ , কথাৰে নহয় শেষ , কটাৰীৰো ডাবে তাৰ কাটে , বুলি কবিয়ে কি বুজাব খুজিছে।
গ) নাইদিন ,নাই ৰাতি , নাই পানী , নাই মাটি , আদেশ মাথোন হয় সাজ
—— কবিতাফাকিত থকা সাজ শব্দই কি বুজাইছে ?
ঘ) অহা- যোৱা নাই তাত শেষ ;
জনে-জনে ভিন ভিন বেশ —— এই কথাফাকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে ?
৭) তলৰ দফাত থকা খালী ঠাই পূৰ কৰা -ঃ
ক) বিদেশৰী চকু থিৰ ,স্ৱদেশীৰ ওখ শিৰ , দেও -লগা মানুহৰ দেশ ,
উজুটিত ভাগে দাতঁ , কোঢ়ালত হৰে মাত , অহা- যোৱা নাই তাত শেষ ; জানে জানে ভিন্ ভিন্বেশ ।
খ) সকলোৰে আছে কাম ,নোহোৱাৰ নাই কাম , কাপুৰুষে সদা পায় লাজ ;নাই দিন , নাই ৰাতি , নাই পানী , নাই মাটি , আদেশ যেন হয় সাজ , ইচ্ছা যেন স্ৱগমহাৰাজ ।
৮) পাঠৰ পৰা অন্ত্য়ধ্ৱনি মিল থকা শব্দবোৰ লিখা ।
উদাহৰণ – দেশ বেশ ফালি লালী নাও গাওঁ কাটে ঘাটেশেষ বেশ থিৰ শিৰ লাজ সাজ হাত দাতঁ
৯)ক অংশত দিয়া শব্দবোৰ খ অংশৰ অৰ্থৰ লগত মিলোৱা ।
ক অংশ খ অংশ
ভটিয়নী নৈৰ ভাটি বা নামনিলৈ বৈ থকা
বল পোৱা শক্তি পোৱা
মাৰ – নাওঁ এখনৰ দাতিঁত আন এখন বান্ধি লোৱা যোৰ – নাও
ওলট – পালট তল ওপৰ হোৱা বা কৰা
বিদেশী পৰদেশৰ , যিটো নিজৰ দেশৰ নহয়
শিৰ মূৰ
কোঢ়াল বহুলোকে একেলগে কৰা হাই -উৰিলি
সাজ নিৰ্মাণ কৰা , প্ৰস্তত কৰা
ধোদ এলোহোৱা , বন বাৰী নকৰি বহি থকা মানুহ
১০) উদাহৰণটোৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া ।
উদাহৰণ – বিশেষ্য় বিশেষণ বিশেষ্য বিশেযণ
বিদেশ বিদেশী কপাহ কপাহী স্ৱদেশ স্ৱদেশী আকাশ আকাশী
দেশ দেশী গোলাপ গোলাপী পৰদেশ পৰদেশী বাদাম বাদামী
সুখ সুখী দুখ দুখী
১১) বাক্য ৰচনা কৰা –
বাৰ ( সপ্তাহৰ বাৰ ) পাৰ ( নদীৰ পাৰ ) টকা ( টকা – পইচা )
বাৰ ( অ) ( সংখ্যা ) পাৰ ( অ ) (চৰাই ) টকা ( বাহঁৰ এবিধ বাদ্য )