চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
১) উত্তৰ লিখা-
(ক) চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ দেশ এখন পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বোলে।
(খ) তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢোৱা সেৱাৰ বিষয়ে তিনিটা বাক্য লিখা।
উত্তৰঃ
১) সুলভ মূল্যত খাদ্য যোগানৰ ব্যৱস্থা কৰা।
২) যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবে চেষ্টা চলোৱা।
৩) বিদ্যুৎ যোগান ধৰা।
(গ) আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে? আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃআমাৰ দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছে।
১) গণতন্ত্ৰত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়।
২) ১৮ বছৰৰ ওপৰৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিকে ভোটদান কৰিব পাৰে। চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে।
৩) নিৰ্বাচিত প্ৰতিনিধিসকল জনসাধাৰণৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল।
(ঘ) ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা।
উত্তৰঃ ৰাজতন্ত্ৰ থকা দেশ- ইংলেণ্ড সমাজতন্ত্ৰ থকা দেশ- চীন।
২) চমু উত্তৰ লিখা-
ক) কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে?
উত্তৰঃ ১৮ বছৰ বয়সৰ পিছত।
খ) একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে?
উত্তৰঃ একনায়কজনৰ অধীনত জনসাধাৰণে কোনো ব্যক্তিগত স্বাধীনতা উপভোগ কৰিব নোৱাৰে। জনসাধাৰণ চৰকাৰৰ বিৰুদ্ধে যাব নোৱাৰে। কঠোৰ নীতি নিয়মৰ মাজত থাকিব লগা হয়।
৩) পাথক্য লিখা-
ক) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ
উত্তৰঃ
খ) একনায়কত্ববাদ আৰু সমাজতন্ত্ৰ
উত্তৰঃ
৪) শুদ্ধ-অশুদ্ধ বাছি উলিওৱা-
ক) চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে।
উত্তৰঃ অশুদ্ধ।
খ) আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে।
উত্তৰঃ শুদ্ধ।
গ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ মাজত পাথক্য নাই।
উত্তৰঃ অশুদ্ধ।
ঘ) গণতন্ত্ৰত জনসাধাৰণৰে এক গুৰুত্বপূণ ভূমিকা পালন কৰে।
উত্তৰ ঃশুদ্ধ।
ঙ) গণতন্ত্ৰত পুৰুষ-মহিলাৰ ভোটৰ মূল্য সমান ।
উত্তৰঃ শুদ্ধ।