Chapter 8
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো
১) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক পাটিৰ লেখক কোন?
উত্তৰঃ ড° দীনেশ চন্দ্ৰ গোস্ৱামী ।
২) আমৰ বিশ্ৱব্ৰহ্মাণ্ডখনৰ ৰহস্য় উদঘাটনৰ ব্য়ৱস্থাটক কি বুলি কোৱা হয়?
উত্তৰঃ বিজ্ঞান ।
৩) যাদু-মন্ত বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?
উত্তৰঃ নোৱাৰি ।
৪ ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম কি?
উত্তৰঃ ‘দৃষ্টি’ ।
৫) দৃষিত খোৱা পানী আৰু অস্ৱাস্থ্যকৰ পৰিৱেশৰ বাবে আমাৰ শৰীৰত কি ৰোগ হ’ব পাৰে?
উত্তৰঃ মেলেৰিয়া ।
৬) পোকে ধৰা দাঁতৰ পোকবোৰ খালী চকুৰে দেখা যায়নে?
উত্তৰঃ নাযায় ।
৭) কিমান চনত ড° দীনেশ চন্দ্ৰ গোস্ৱামী জন্ম গ্ৰহণ কৰিছিল?
উত্তৰঃ ১৯৪৯ চনত ।
৮) ড° দীনেশ চন্দ্ৰ গোস্ৱামীৰ কিমান চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ ১৯৬৩ চনত ।
৯) ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে অনুবাদ কৰা এতিয়ালৈ কিমানখন গ্ৰন্থ প্ৰকাশ হৈছে?
উত্তৰঃ ১৭ খন ।
১০) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰপৰা লোৱা হৈছে?
উত্তৰঃ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’।
১১) আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?
উত্তৰঃ শিলত শিল দলিয়াই ।
১২) বিজ্ঞানীসকলে পৰীক্ষা আৰু পৰ্যবেক্ষণ কাৰ্যত ব্য়ৱহাৰ কৰা যন্ত্ৰৰ নাম কি?
উত্তৰঃ লেজাৰ ৰশ্মি বা অণুবীক্ষণ যন্ত্ৰ ।
১৩) আই ওলালে কি ধৰ্মীয় অনুষ্ঠান পতা হয়?
উত্তৰঃ গোসাঁনীৰ নাম বা গোপিনী সবাহ ।
১৪) শিশুক দিয়া বেজী-ছিটাৰ কাম কি?
উত্তৰঃ নানা ৰোগ প্ৰতিৰোধ কৰা ।
১৫) ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে?
উত্তৰঃ নাই ।
১৬) বসন্ত ৰোগ কি কাৰনৰ ফলত হয়?
উত্তৰঃ ভাইৰাছৰ আক্ৰমণ ফলত ।
১৭) ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে কিমান চনত অৱসৰ গ্ৰহণ কৰিছিল?
উত্তৰঃ ২০০৯ চনত ।
১৮) ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে কৰ পৰা স্নাতক ডিগ্ৰী লৈছল?
উত্তৰঃ কটন কলেজৰ পৰা ।
১৯) কিমান চনত ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লয়?
উত্তৰঃ ১৯৪৯ চনত ।
২০) উপকল্পৰ অৰ্থ কি?
উত্তৰঃ উপ-বিধি বা নিয়মৰ লেখিয়া ।
Type by- Mandira Saha