সাম্ৰাজ্যবাদ আৰু অসম
১) উত্তৰ লিখা—
ক) অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল ?
উত্তৰ- আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালৰ পৰা ǀ
খ) স্বৰ্গদেউ লক্ষ্মী সিংহৰ পিছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল ?
উত্তৰ- গৌৰীনাথ সিংহ ǀ
গ) কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
উত্তৰ- লৰ্ড কৰ্ণৱালিছ ǀ
ঘ) আহোমসকলৰ শেষ ৰজাজন কোন আছিল ?
উত্তৰ- পুৰন্দৰ সিংহ ǀ
ঙ) কিমান খ্রীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?
উত্তৰ- ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফ্ৰেব্ৰুৱাৰী
২) ক্রমানুসাৰে সজোৱা—
ক) মোৱামৰীয়া প্রথম বিদ্রোহ।
খ) মানৰ দ্বিতীয় আক্রমণ।
গ) কেপ্তেইন ৱেলছৰ অসম আগমন।
ঘ) ইয়াণ্ডাবু সন্ধি।
ঙ) মানৰ তৃতীয় আক্রমণ।
উত্তৰ- ক) মোৱামৰীয়া প্রথম বিদ্রোহ।
গ) কেপ্তেইন ৱেলছৰ অসম আগমন।
খ) মানৰ দ্বিতীয় আক্রমণ।
ঙ) মানৰ তৃতীয় আক্রমণ।
ঘ) ইয়াণ্ডাবু সন্ধি।
৩) শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।
ক) অসমত হোৱা মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ লর্ড কর্ণৱালিছ অসমলৈ আহিছিল
উত্তৰ- অশুদ্ধ ।
খ) কীর্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল ।
উত্তৰ- অশুদ্ধ ।
গ) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া ।
উত্তৰ- শুদ্ধ ।
ঘ) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ইংৰাজে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল ।
উত্তৰ- শুদ্ধ
ঙ) বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোঁহায়ে হত্যা কৰিছিল ।
উত্তৰ- অশুদ্ধ
৪) চমু উত্তৰ দিয়া ǀ (৫০ টা মান শব্দৰ ভিতৰত)
ক) প্রথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি?
উত্তৰ- ১৮ শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয় । হিন্দু ধৰ্ম মতে শ দাহ কৰাৰ নিয়ম কৰা হৈছিল আৰু আহোমসকলৰ দেওধাই পণ্ডিতৰ নিয়ম ত্যাগ কৰি ব্ৰাহ্মণ্য নিয়ম মতে পূজা-অৰ্চনা কৰা হৈছিল । সেই সময়ত অসমত বৈষ্ণৱ পন্থী মহন্ত সকলো সমাজৰ উচ্চ স্তৰৰ লোক হিচাপে বিবেচিত আছিল । এদিন লক্ষ্মী সিংহ স্বৰ্গদেউৰ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতৰ্কিত, ঘোৰ শাক্তপন্থী বিষয়াই চেগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে । ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে । এই বিদ্ৰোহৰ প্ৰথম অৱস্থাত ৰজা ঘৰৰ পৰাজয় হৈছিল যদিও পিছলৈ বিদ্ৰোহৰসকলে ৰজাৰ ওপৰত পৰাভূত হ’ব লগা হৈছিল । এই বিদ্ৰোহৰ পিছত স্বৰ্গদেউ লক্ষ্মীসিংহৰ মৃত্যু হয় ।
খ) মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি ?
উত্তৰ- চন্দ্ৰকান্ত সিংহ ৰজা হ’ল যদিও প্ৰকৃত পক্ষে মান সেনাপতি মিঙ্গিমাহায়েহে অসম দেশ শাসন কৰিছিল । প্ৰকৃততে চন্দ্ৰকান্ত সিংহই ৰাজনৈতিক ক্ষমতা হেৰুৱাইছিল বুলি ক’ব পাৰি । মানৰ অতপালি দিনক দিনে বাঢ়ি যোৱাত চন্দ্ৰকান্ত সিংহ লাহে লাহে মানসকলৰ বিৰোধী হৈ উঠিছিল । এনে সময়তে অসমত থকা মানসেনাপতি ব্ৰহ্মদেশলৈ উভতি যাওঁতে চন্দ্ৰকান্ত সিংহই মানসকল যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰাৰ যো-জা কৰোঁতে মানৰ নতুন ৰজা বাগ্যিদোৱাই সৈন্য-সামন্তৰে আহি তৃতীয়বোৰ আহোম ৰাজ্য আক্ৰমণ কৰি অসমীয়া সৈন্যক পৰাজিত কৰিছিল । মানৰ আক্ৰমণৰ ফলাফল স্বৰূপে অসমে অৰ্থনৈতিক সংকটত ভূগিব লগা হৈছিল । চন্দ্ৰকান্ত সিংহক ৰংপুৰত বন্দী কৰি থৈছিল আৰু অসমৰ প্ৰায়বোৰ ঠায়েই তেওঁলোকৰ দখললৈ গৈছিল ।
গ) ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি?
উত্তৰ- ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত দুই পক্ষ মাজত ইয়াণ্ডাবুত এখন চুক্তি স্বাক্ষৰিত হয় । এয়াই ইতিহাস প্ৰসিদ্ধ ইয়াণ্ডাবুৰ সন্ধি । এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিছিল । দ্বিতীয়তে, মানসকলে অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰা লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে । প্ৰথমাৱস্থাত তেওঁলোকে গোটেই অসমখন নিজৰ দখললৈ নানি পূবফালে থকা মটক, মৰাণ, খাম্তি আৰু চিংফৌ ৰজাক তেওঁলোকৰ নিজ নিজ ৰাজ্য শাসন কৰিবলৈ দি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাকী অংশ পৰ্যায়ক্ৰমে নিজৰ অধীনলৈ আনিছিল ।
৫) চমু টোকা লিখা –
(ক) কীর্তিচন্দ্ৰ বৰবৰুৱা (খ) পূৰ্ণানন্দ বুঢ়াগোঁহাই (গ) বদনচন্দ্ৰ বৰফুকন
উত্তৰ- (ক) কীর্তিচন্দ্ৰ বৰবৰুৱাঃ স্বৰ্গদেউৰ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতৰ্কিত, ঘোৰ শাক্তপন্থী বিষয়াই চেগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে । ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে । এই বিদ্ৰোহৰ প্ৰথম অৱস্থাত ৰজা ঘৰৰ পৰাজয় হৈছিল যদিও পিছলৈ বিদ্ৰোহীসকলে ৰজাৰ ওপৰত পৰাভূত হ’ব লগা হৈছিল ।
৬) কেপ্তেইন ৱেলছ কোন আছিল ? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হল?
উত্তৰ- কেপ্তেইন ৱেলছ বৃটিছ বিষয়া আছিল । ১৭৯২ খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে । গুৱাহাটী পৰা ভীতিগ্ৰস্ত হৈ পলাই যোৱা স্বৰ্গদেউ গৌৰীনাথ সিংহই নগবেৰাত কেপ্তেইন ৱেলছৰ সৈন্য-বাহিনীৰ সৈতে লগ লাগিল । কেপ্তেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক আহোমৰ শাসনভাৰ গতাই দিয়ে । লৰ্ড কৰ্ণৱালিছৰ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰৰ দিনত হোৱা বৈদেশিক নীতিৰ সাল-সলনিৰ প্ৰত্যাৱৰ্তন কৰে ।
৭) ‘পূর্ণানন্দ বুঢ়াগোঁহাই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দন্দই অসমলৈ মান অহাত সহায় কৰিছিল’- কথাষাৰৰ যথার্থতা নির্ণয় কৰা।।
উত্তৰ- মানৰ অসম আক্ৰমণ আছিল সেই বিদ্ৰোহবোৰৰ এক উল্লেখযোগ্য বিদ্ৰোহ । মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চপদস্থ বিষয়া বদনচন্দ্ৰ বৰফুকনৰ আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাই মাজৰ ক্ষমতাৰ দন্দ । এই সময়ত আহোম ৰাজপাটত বহিছিল কোমল বয়সীয়া চন্দ্ৰকান্ত সিংহ । চন্দ্ৰকান্ত সিংহ ৰাজপাটত বহিছিল যদিও প্ৰকৃত শাসনভাৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হাতত আছিল । অন্য হাতেদি বদন চন্দ্ৰ বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি । তেওঁ আনকি পূৰ্ণানন্দ বুঢ়াগোঁহাইক হত্যা কৰাৰ ষড়যন্ত্ৰও ৰচনা কৰিছিল । বুঢ়াগোঁহায়ে বদন চন্দ্ৰ বৰফুকনৰ এনেবোৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ পৰ্বতীয়া বৰফুকনক পঠিয়াইছিল । বদন চন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই বাতৰি পাই কলিকতালৈ পলাই যায় । কলিকতাত উপস্থিত হৈ তেওঁ বঢ়াগোঁহাইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিলে । কিন্তু কোম্পানীয়ে সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্ৰ বৰফুকন ব্ৰহ্মদেশত উপস্থিত হয় । বদন চন্দ্ৰ বৰফুকনে অসমত ক্ষমতাৰ অপপ্ৰয়োগ হোৱা বুলি ব্ৰহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচৰাত মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে । মানৰ আক্ৰমণৰ সময়তে পুৰ্ণানন্দ বুঢ়াগোঁহাইৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ ৰুচিনাথে বুঢ়াগোঁহাইৰ বাব লয় ।
৮) ইয়াণ্ডাবু সন্ধিৰ পৰৱর্তী পর্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল ? তোমাৰ মতামত দাঙি ধৰা ǀ
উত্তৰ-