ভাৰতত ইংৰাজ শাসনৰ প্রতিষ্ঠা , সম্প্রসাৰণ আৰু দৃঢ়ীকৰণ
১) উত্তৰ দিয়া-
(ক) ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ?
উত্তৰ- সাম্ৰাজ্য স্হাপনৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ǀ
(খ) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল ?
উত্তৰ- ফ্ৰান্সিছ ডুপ্লে ǀ
(গ) চিৰাজউদ্দৌল্লাৰ প্রধান সেনাপতি কোন আছিল?
উত্তৰ- মীৰজাফৰ ǀ
(ঘ) বংগৰ প্রথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ- ৱাৰেণ হেষ্টিং
(ঙ) কোনে স্বত্ত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল ?
উত্তৰ- লৰ্ড ডেলহাউচি
২) শুদ্ধ উত্তৰ বাচি উলিওৱা—
(ক) পণ্ডিচেৰী ইংৰাজসকলৰ বাণিজ্য কুঠি আছিল।
উত্তৰ- অশুদ্ধ
(খ) ফৰাচীসকলে চালাবৎ জঙক হায়দৰাবাদৰ নিজাম পাতিছিল ।
উত্তৰ-শুদ্ধ
(গ) চিৰাজউদ্দৌল্লা আলিবর্দি খাৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল ।
উত্তৰ-অশুদ্ধ
(ঘ) পলাশী নামৰ ঠাইখন ভাগিৰথী নদীৰ পাৰত অৱস্থিত আছিল ।
উত্তৰ- শুদ্ধ
(ঙ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে ।
উত্তৰ- শুদ্ধ
(চ) লর্ড বেলেচলিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল ।
উত্তৰ- অশুদ্ধ
৩) ক্রমানুসাৰে সজোৱা—চিৰাজউদ্দৌল্লা, মিজাফৰ, আলিবর্দি খাঁ, মীৰকাছিম ।
উত্তৰ- আলিবর্দি খাঁ, চিৰাজউদ্দৌল্লা,মিজাফৰ,মীৰকাছিম ।
৪। চমু উত্তৰ লিখা—
(ক) প্রথম কর্ণাটক যুদ্ধ (খ) ডুপ্লে (গ) পলাশী যুদ্ধ (ঘ) ৰেগুলেটিং এক্ট (ঙ) পিটৰ ভাৰত শাসন আইন (চ) চিৰস্থায়ী বন্দোবস্ত
উত্তৰঃ (ক) প্ৰথম কৰ্ণাটক যুদ্ধঃ ইংৰাজসকলে নিৰূপায় হৈ কৰ্ণাটকৰ নৱাবৰ বিচাৰিলে । কৰ্ণাটকৰ নৱাবে ইংৰাজৰ সহায়ৰ বাবে পঠোৱা প্ৰকাণ্ডসৈন্যবাহিনীও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল । কিন্তু হাঠতে ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো ইংৰাজ আৰু ফৰাচীৰ মাজত সন্ধি হয় । সেই সন্ধি মৰ্মে ফৰাচীসকলে ইংৰাজৰ পৰা দখল কৰা ঠাইবোৰ পুনৰ ঘুৰাই দিয়ে । ইয়েই ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনাজাত ।
(গ) পলাশী যুদ্ধঃ ১৭৫৭ খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত নৱাবৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ হয় । নৱাবৰ দুই সেনাপতি মীৰমদন আৰু মোহনলালে তাকৰীয়া সৈন্যেৰেই অসীম পৰাক্ৰমেৰে যুঁজি অৱশেষত প্ৰধান সেনাপতি মিৰজাফৰৰ বিশ্বাসঘাটকতাৰ বাবে পৰাজয় বৰণ কৰিব লগা হয় । যুদ্ধত পৰাজিত চিৰাজউদ্দৌলাক মিৰজাফৰৰ পুতেক মিৰাণে হত্যা কৰে । পলাশী যুদ্ধৰ পিছত ইংৰাজে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মিৰজাফৰক বংগৰ নৱাব পাতে । যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মিৰজাফৰে ক্লাইৱ আৰু ইংৰাজ কৰ্মচাৰীসকলক অজস্ৰ ধন-সম্পত্তি দি পুৰস্কৃত কৰিছিল আৰু চৌবিছ পৰগণাৰ জমিদাৰী ইংৰাজ কোম্পানীক দান দিছিল ।
(ঘ) ৰেগুলেটিং এক্টঃ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰিছিল । এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল । ৰেগুলেটিং এক্টৰ সাংবিধানক গুৰুত্ব যথেষ্ট আছে । এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কাৰ্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল । ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল । কিন্তু ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ জেনেৰেল গৰাকীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হয় ।
(ঙ) পিটৰ ভাৰত শাসন আইনঃ ইংলণ্ডৰ সংসদে পুনৰ এখন আইন জাৰি কৰি বৃটিছৰ শাসন ভাৰতত অধিক সুদৃঢ় কৰি তুলিছিল । এই আইন ইংলণ্ডৰ প্ৰধান মন্ত্ৰী উইলিয়াম পিট (কনিষ্ঠ)ৰ নামকৰণ কৰা হৈছিল । এই আইন অনুসৰি ইংলণ্ডত ছয় জনীয়া সদস্যৰে এখন নিয়ন্ত্ৰক মণ্ডলী গঠন কৰা হয় । এই সদস্যসকলে ভাৰতত কোম্পানীৰ কাম-কাজৰ তদাৰক কৰিব । পিটৰ ভাৰত আইনেই পৰৱৰ্তী বৃটিছ সাম্ৰাজ্যৰ ভেঁটি স্থাপন কৰে । এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰ জেনেৰেলৰ পদবীটোক অধিক শক্তিশালী কৰি তোলা হৈছিল । ভাৰতত কেন্দ্ৰীয়ভাৱে শাসন চলোৱাৰ মূল আচঁনি পিটৰ ভাৰত আইনেই সুচনা কৰিছিল বুলি ক’ব পাৰি ।
(চ) চিৰস্থায়ী বন্দোবস্তঃ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ ‘চিৰস্থায়ী বন্দবস্ত’ৰ কথাটো উল্লেখ কৰিব পাৰি । তেওঁ কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল । কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্বাৱধানত দিয়াৰ জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাৰ্ষিক খাজনা হিচাপে লাগিছিল । চিৰস্থায়ী বন্দবস্তৰ আন এটি উল্লেখযোগ্য দিশ হ’ল এক শ্ৰেণীক নতুন জমিদাৰৰ উত্থান ।
৫। বংগৰ ঘৰুৱা বিবাদেই ইংৰাজৰ বংগ দখলৰ প্ৰধান কাৰণ’– কথাষাৰৰ যথার্থতা নির্ণয় কৰা ।
উত্তৰ-
৬। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কার্যকলাপে ছিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল?
উত্তৰ-
৭। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্রাজ্যবাদী নীতি কি কি কার্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা ।
উত্তৰ-
৮। লর্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্রয়োগ কৰি কোন কেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল ? তাৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ-
৯। ভাৰতবৰ্ষৰ এখন মানচিত্র আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুওৱা
পণ্ডিচেৰী, মাদ্রাজ, বোম্বাই, এলাহাবাদ, অযোধ্যা, পলাশী, কর্ণাটক
উত্তৰ-