বসতি
১ । খালী ঠাই পূৰ কৰাঃ
(ক) কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে ।
(খ) পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা – সুবিধা ভোগ কৰে ।
(গ) আলিবাট , ৰে’লপথ , নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে ।
(ঘ) বর্তমান অসমত গাঁৱৰ সংখ্যা হ ’ ল ২৫,৫৯০ খন ।
২ । শুদ্ধ উত্তৰটো বাছি উলিওৱা —
( ক ) গ্রাম্য বসতিৰ মূল বৃত্তি হ’ল বেপাৰ – বাণিজ্য / উদ্যোগ / কৃষি ।
( খ ) গ্রাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যা ঘনত্ব কম / অধিক / সমান ।
( গ ) ভাৰতৰ প্রায় ৭০ / ৮০ / ৬০ শতাংশ লোকে গাঁৱত বাস কৰে ।
( ঘ ) কোনো ঠাইত থুপ খাই থকা বসতিয়েই হ’ল ৰৈখিক / কেন্দ্রীভূত / পাতল বসতি ।
৩ । উত্তৰ লিখা – ( ৪টা বা ৫টা বাক্যৰ ভিতৰত )
( ক ) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা ?
( খ ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা ।
( গ ) কেন্দ্রীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা ।
( ঘ ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা ।
( ঙ ) গাঁও আৰু নগৰৰ মাজৰ সম্পর্ক আলোচনা কৰা
৪ । চমুটোকা লিখাঃ
( ক ) ৰৈখিক বসতি
( খ ) বর্গক্ষেত্রাকাৰ বসতি
( গ) উচ্চভূমিৰ বসতি ।
৫ । পার্থক্য লিখা –
( ক ) গ্রাম্য বসতি আৰু পৌৰ বসতি ।
( খ ) ৰৈখিক বসতি আৰু কেন্দ্রীভূত বসতি ।
( গ ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি ।