সপ্তম অধ্যায়
কৃষি
১। কৃষি বুলিলে কি বুজা? কৃষিক প্রভাবান্বিত কৰা কাৰবোৰৰ এটি আভাস দিয়া।
উত্তৰঃ কৃষি পৃথিৱীৰ মানুহৰ এটা অতি পুৰণি আৰু প্ৰধান বৃত্তি। সাধাৰণতে বহল অৰ্তত শস্য উৎপাদন আৰু পশুপালন – এই দুয়োবিধ কাৰ্যকে কৃষি বুলি ধৰা হয়।
কৃষি কাৰ্য বহুতো প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্ৰাকৃতিক কাৰকৰ ভিতৰত মাটি, মটিৰ ঢাল, জলবায়ু, পানী আদি প্ৰধান। আৰ্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, ঔদ্যোগীকৰণ, যাতায়াত-পৰিবহণ ব্যৱস্থা বজাৰ আদি প্ৰধান। পৃথিৱীৰ সকলো ঠাইতে এই অৱস্থা-ব্যৱস্থাবোৰ একে নহয় কাৰণে কৃষি কাৰ্যও সকলোতে একে ধৰণে কৰা নহয়। কৃষি-শস্য, কৃষি পদ্ধতি আৰু কৃষিৰ লক্ষ্য-উদ্দেশ্য ঠাই আৰু সময় ভে০ে বেলেগ বেলেগ হোৱা দেখা যায়।
২। পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ যি কাৰ্য বহুতো প্রাকৃতিক আৰু আর্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান। আর্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আর্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, ঔদ্যোগীকৰণ, যাতায়াত-পৰিবহণ ব্যৱস্থা, বজাৰ আদি প্রধান। পৃথিবীৰ সকলো ঠাইতে এই অবস্থা ব্যৱস্থাবোৰ একে নহয় কাৰণে কৃষি কার্যও সকলোতে একে ধৰণে কৰা নহয় ǀ উদাহৰণস্বৰূপে পাহাৰ পৰ্বতভৰা অঞ্চল এটাত সীমিত কৃষি কাৰয চলাব পাৰি ǀ অৰ্থাৎ প্ৰতিকূল পৰিবেশত কৃষিকাৰয চলাওতে যথেষ্ঠ বাধাৰ সন্মুখীন হব লগা হয় ǀ আনহাতে ভৈয়াম বা সমভূমি অঞ্চল এটাত প্ৰকৃতিগতভাৱে কৃষিকাৰ্য চলাবলৈ সহজ ǀ সেয়েহে এনেবোৰ অঞ্চলত বিভিন্ন ধৰণৰ কৃষিকাৰ্য চলাব পৰা যায় ǀ
৩। কৃষিক বিভিন্ন শ্রেণীত বিভক্ত কৰা আৰু শ্রেণীবিভাজনৰ ভিত্তিৰ আভাস দিয়া।
উত্তৰঃ পৃথিৱীত মানুহে কৰি অহা কৃষিক নানা প্ৰকাৰত বিভক্ত কৰিব পাৰি। কৃষিৰ নানা ধৰণৰ বৈশিষ্ট্য, যেনে – স্থায়িক, কৃষি পদ্ধতি, কৃষিৰ উদ্দেশ্য, কৃষিৰ ক্ষেত্ৰৰ আকাৰ, পুঁজিৰ বিনিয়োগ আদি কৃষিক শ্ৰেণী বিভক্ত কৰাৰ ভিত্তি হব পাৰে। প্ৰধানকৈ তলত দিয়া ধৰণে কৃষিক শ্ৰেণী বিভক্ত কৰা হয়।
১/ কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি দুই প্ৰকাৰৰ হব পাৰে –
(ক) স্থায়ী কৃষি
(খ) ঠাই সলনি কৃষি বা ঝুম কৃষি
২/ কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক অন্য দুই প্ৰকাৰত বিভক্ত কৰিব পাৰি –
(ক) বিশাল বা বিস্তৃত কৃষি
(খ) ক্ষুদ্ৰ বা গ্ৰহণ কৃষি
৩/ আৰ্থিক দিশৰ পৰা কৃষি অন্য দুই প্ৰকাৰৰ হব পাৰে –
(ক) বাণিজ্যিক কৃষি
(খ) আত্মনিৰ্ভৰশীল কৃষি
৪/ মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি অন্য দুই প্ৰকাৰৰ হব পাৰে –
(ক) শুষ্ক কৃষি
(খ) আৰ্দ্ৰ কৃষি
৪। স্থায়ী কৃষি কি? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে চমুকৈ আলোচনা কৰা।
উত্তৰঃ সাধাৰণতে সমভূমি অঞ্চলবোৰত মানুহে স্থায়ীভাবে বসতি কৰে আৰু তাৰ খেতি পথাৰত খেতি ও স্থায়ীভাৱে কৰে । একোখন ঠাইত স্থায়ীভাৱে কৰা এনে কষিকে স্থায়ী কৃষি বোলে ǀ
স্থায়ী কৃষিৰ বৈশিষ্ট্য বোৰ হৈছে-
1) সমভূমি অঞ্চলৰ কৃষিভূমিত মানুহে বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থাকে (কৃষিকার্যত খেতিয়কে হাল, ট্ৰেক্টৰ, জলসিঞ্চন, সাৰ আদি ব্যবহাৰ কৰে।
2) স্হায়ী কৃষি পৃথিবীৰ প্রায়বোৰ অঞ্চলতে কৰা হয় ǀ
3) স্থায়ী কৃষিত উৎপাদন বেছি হয় ।
4) স্থায়ী কৃষিকাৰ্য চলা অঞ্চলবোৰত পশুপালনো কৰা দেখা যায় ।
৫। ঠাই সলনি কৃষিৰ (ঝুম কৃষি) এটি চমু আভাস দিয়া। এই কৃষিয়ে কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা।
উত্তৰঃ পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলৰ উচ্চভূমিবোৰত প্ৰাকৃতিক কাৰণতে খেতি স্থায়ীভাৱে কৰাটো টান। এইবোৰ অঞ্চলৰ বাসিন্দাসকলে পাহাৰ-পৰ্বতৰ ঢালত অস্থায়ীভাৱে খেতি কৰে। পাহাৰ-পৰ্বতৰ ঢালত থকা হাবি-বন মুকলি কৰি একেডৰা মাটিত ২-৩ বছৰৰ বাবে অস্থায়ীভাৱে খেতি কৰে। তাৰ পিছত সেই ঠাই এৰি পুনৰ একে পদ্ধতিৰে অন্য ঠাইত খেতি কৰে। এনে খেতিক ঠাই সলনি খেতি বুলি কোৱা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ পাহাৰীয়া অঞ্চলবোৰতো জনজাতীয় লোকসকলে এনে খেতি কৰে।
ঝুম খেতিৰ দ্বাৰা পৰিবেশৰ যথেষ্ঠ ক্ষতি সাধন হয় ǀ সেইবোৰ হৈছে-
ঝুম খেতি কৰিবলৈ পাহাৰৰ ঢালত হাবি জংঘল পৰিষ্কাৰ কৰি লোৱা হয় ǀযাৰ ফলত বনজ সম্পদ নষ্ট হয় আৰু কাষৰীয়া অঞ্চলৰ জলবায়ুতো ইয়াৰ প্ৰভাৱ পৰে ǀ অঞ্চলটোত বাস কৰা বনৰীয়া পশু পক্ষী আশ্ৰয় হীন হয় ǀ পাহাৰৰ এঢলীয়া ঠাইত অবিজ্ঞানসম্নতভাৱে কৰা এনে কৃষিকাৰ্যই মাটিৰ গুণাগুণ নষ্ট কৰাৰ লগতে ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কাৰকো হ’ব পাৰে ǀ
৬। বিস্তৃত কৃষি আৰু ক্ষুদ্র কৃষিৰ এটি তুলনাত্মক চিত্র দাঙি ধৰা ।
উত্তৰঃ বিস্তৃত কৃষিঃ
পৃথিৱীৰ যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ বেছি, সেইবোৰ দেশত কৃষিক্ষেত্ৰ অতি বিশাল। বিশাল কৃষিক্ষেত্ৰত আধুনিক যান্ত্ৰিক পদ্ধতিৰে কৃষিকাৰ্য সম্পাদন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আদি দেশত বিস্তৃত কৃষিৰ প্ৰচলন অধিক। এনে কৃষিত একোবিধ শস্যই বিশাল কৃষিক্ষেত্ৰ আগুৰি থাকে। বিস্তৃত কৃষিৰ যোগেদি উৎপাদিত শস্যৰ বেছি অংশই আন্তৰ্জাতিক বজাৰলৈ যায়।
ক্ষুদ্ৰ কৃষিঃ
বিস্তৃত কৃষিৰ বিপৰীতে পৃথিৱীৰ ঘন জনবসতিৰ দেশবোৰত ক্ষুদ্ৰ কৃষিৰ প্ৰাধান্য বেছি। ভাৰত, বাংলাদেশ, পাকিস্থান, ম্যানমাৰ, জাপান আদি দেশত জনসংখ্যা বেছি। ভাৰত, বাংলাদেশ, পাকিস্তান, ম্যানমাৰ, জাপান আদি দেশত জনসংখ্যা বেছি হোৱা হেতুকে কৃষিভূমিৰ পৰিমাণ তুলনামূলকভাৱে কম। সীমিত পৰিমাণৰ মাটিহে খেতি কৰা হয়। এইবোৰ দেশত প্ৰতিটো কৃষক পৰিয়ালে অতি কম পৰিমাণৰ মাটিতহে খেতি কৰাৰ সুবিধা পায়। এনে খেতি বেছি শ্ৰম সাপেক্ষে। উৎপাদনৰ বেছি অংশ খেতিয়কৰ নিজৰ চাহিদা পূৰণত ব্যৱহাৰ হয়। তৃতীয় বিশ্বৰ ঘন জনবসতিৰ দেশবোৰত ক্ষুদ্ৰ কৃষিৰ প্ৰচলন অধিক।
৭। ৰোপন কৃষি বুলিলে কি বুজা? ইয়াৰ বিশেষত্ব আলোচনা কৰা।
উত্তৰঃ বিভিন্ন কাৰণত লাহে লাহে কৃষকৰ মাটিৰ পৰিমাণ কমি আহিছে, কিন্তু খোৱা মানুহৰ সংখ্যা সদায় বাঢ়িছে গৈ আছে। সেয়ে এনেকুৱা প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছে যাৰ সহায়ত কম মাটিত অধিক উৎপাদন কৰিব পৰা যায়। ইউৰোপীয়সকলে ক্রান্তীয় অঞ্চলত থকা তেওঁলোকৰ উপনিবেশবোৰত এই কৃষি আৰম্ভ কৰিছিলǀ কালক্ৰমত এই কৃষি বিশ্বজুৰি সামাদৰ লাভ কৰে ǀ এই কৃষিৰ প্রধান বৈশিষ্ট্য হৈছে-
1) বৃহৎ পুঁজিৰ বিনিয়োগ,
2) আধুনিক প্রযুক্তি প্রয়োগ,
3) ডাঙৰ বাগিছাত বিশেষ এবিধ শস্যৰ উৎপাদন,
4) ৰাস্তা-ঘাট আৰু কাৰখানা নিৰ্মাণৰ যোগেদি উৎপাদন ব্যৱস্হাক বজাৰৰ সৈতে সংযোজন ǀ
5) ৰোপণ কৃষিৰ দ্বাৰা পোৱা শস্যবোৰ হৈছে- চাহ, কফি,ৰবৰ,কোকা
৮। নগৰীকৰণ আৰু বজাৰকেন্দ্রিক কৃষিৰ সম্বন্ধৰ এটি আভাস দিয়া।
উত্তৰঃ সাম্প্ৰতিক পৃথিৱীত দেশ আৰু দেশৰ মাজত অৰ্থনৈতিক বিনিময় বৃদ্ধি পাই অহাৰ লগে লগে বজাৰৰ ভূমিকা সকলো ক্ষেত্ৰতে বাঢ়িছে। বিশেষকৈ নগৰ আৰু ঔদ্যোগিক কেন্দ্ৰবোৰত ক্ৰয় শক্তি বেছকৈ থকা লোকসকলে বসতি কৰাত তাত শাক-পাচলি, ফল-মূল আদিৰ চাহিদা অধিক। এই চাহিদা পূৰণ কৰিবলৈ নগৰ আৰু উদ্যোগবোৰৰ আশে-পাশে বছৰটোৰ সকলো সময়তে শাক-পাচলি আদি উদ্যান শস্যৰ খেতি নিবিড়ভাৱে কৰা হয়। নগৰৰ কাষৰীয়া ঠাইবোৰত যাতায়াত-পৰিবহণৰ সুবিধা থকাৰ বাবে তাত উৎপাদিত দ্ৰব্যবোৰ সহজে নগৰীয়া বজাৰত যোগান ধৰিব পাৰি। এনে সুবিধা থকাৰ বাবেই বিশেষকৈ ডাঙৰ নগৰবোৰৰ কেউকাষে বজাৰকেন্দ্ৰিক কৃষি গঢ়ি উঠে।
৯। ধান খেতিৰ বাবে কেনে পৰিৱেশৰ প্রয়োজন ? ইয়াৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ধান এবিধ প্ৰধান খাদ্য শস্য। পৃথিৱীৰ প্ৰায় আধা মানুহে ইয়াক মূল খাদ্য হিচাপে ব্যৱহাৰ কৰে। পৃথিৱীৰ মৌচুমী জলবায়ু অনুভূত হোৱা অঞ্চলবোৰত ধানৰ খেতি কৰা হয়। সাধাৰণতে নৈপৰীয়া সমতল, উপকূল আৰু ব-দ্বীপ অঞ্চল ধান খেতিৰ বাবে বিশেষভাৱে উপযোগী। কিছুমান পাহাৰীয়া এলেকাতো ধান খেতি হয়।
ধান খেতিৰ বাবে অধিক উষ্ণতা আৰু বৃষ্টিপাতযুক্ত জলবায়ুৰ প্ৰয়োজন। উষ্ণতা ২৫° ছেলচিয়াছ – ৩৫° ছেলচিয়াছৰ ভিতৰত হব লাগে। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০-২০০ চেণ্টিমিটাৰৰ ভিতৰত হলে ভাল। মৌচুমী জলবয়ুৰ অন্তৰ্গত চীন, ভাৰত, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, জাপান, ফিলিপিন্ছ আদি প্ৰধান প্ৰধান ধান উৎপাদনকাৰী দেশ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, ইজিপ্ত আদি দেশতো কিছু পৰিমাণে ধান খেতি কৰা হয়।
১০। ঘেঁহু খেতিৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ পৃথিৱীৰ বেছিভাগ মানুহৰে ঘেহুঁ প্ৰধান খাদ্য। ভৌগোলিক দিশৰ পৰাও ইয়াৰ খেতি বেছি বিস্তৃত। সমতল অঞ্চলৰ আলতীয়া আৰু বালিঅঁহীয়া মাটিভাগ ঘেহুঁ খেতিৰ বাবে বিশেষ উপযোগী। এই খেতিৰ বাবে ৫০-১০০ চেণ্টিমিটাৰ পৰিমাণৰ বাৰ্ষিক বৃষ্টিপাতৰ প্ৰয়োজন। কম বৰষুণ হোৱা ঠাইতো জলসিঞ্চনৰ যোগেদি ঘেহুঁ খেতি কৰা হয়। প্ৰধানকৈ চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, কানাডা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, জাৰ্মানি, পাকিস্তান আদি দেশত ঘেহুঁ খেতি কৰা হয়। ভাৰতৰ গংগা উপত্যকা এই খেতিৰ বাবে প্ৰখ্যাত। পৃথিৱীৰ দেশবোৰৰ ভিতৰত চীন দেশতে সৰ্বাধিক পৰিমাণৰ ঘেহুঁ উৎপাদন হয়।
১১। কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্বন্ধে লিখা।
উত্তৰঃ কপাহ এবিধ অতি গুৰুত্বপূৰ্ণ আঁহজাতীয় শস্য। ইয়াৰ ব্যৱহাৰ সুদূৰপ্ৰসাৰী। সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত কপাহী কাপোৰৰ চাহিদা আছে। বয়ন শিল্পবোৰ প্ৰধানকৈ কপাহ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিেই চলে।
ভৌগোলিক বিতৰণৰ ফালৰ পৰা সাধাৰণতে ৩০° দক্ষিণ আৰু ৪৫°উত্তৰ অক্ষাংশৰ মাজৰ অঞ্চলতে কপাহৰ খেতি সীমিত। কপাহ উৎপাদনকাৰী প্ৰধান দেশবোৰ হল – আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, পাকিস্তান, ৰাছিয়া, ইজিপ্ত আৰু ব্ৰাজিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিছিপি আৰু টেনেছি নদী উপত্যকাক সামৰি এটা বৃহৎ অঞ্চলত কপাহ খেতি কৰা হয়। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ কলা লাভা মাটিভাগ কপাহ খেতিৰ বাবে বিশেষভাৱে উপযোগী। উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয় মালভূমিত কিছু পৰিমাণে কপাহ খেতি হয়। কপাহ উৎপাদনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ভাৰতেই হৈছে প্ৰধান দেশ।
১২। চাহ খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশৰ প্রয়োজন ? এই খেতিৰ ভৌগোলিক বিতৰণৰ এটি আভাস দিয়া ।
উত্তৰঃ চাহ গছক উষ্ণ জলবায়ু আৰু বৃষ্টিসিক্ত পৰিৱেশ লাগে। পানী বন্ধ নোহোৱা এঢলীয়া পাহাৰীয়া ৰঙা মাটি চাহ খেতিৰ বাবে বিশেষ উপযোগী।
চাহ এছিয়া মহাদেশৰ মৌচুমী জলবায়ু অঞ্চলৰ এবিধ প্ৰধান ৰোপণ শস্য। চীন, ভাৰত, শ্ৰীলংকা, ইন্দোনেছিয়া আৰু জাপান হৈছে বিশ্বৰ প্ৰধান চাহ উৎপাদনকাৰী ৰাষ্ট্ৰ। আফ্ৰিকা মহাদেশৰ কেনিয়া, উগাণ্ডা আৰু মোজাম্বিক দেশতো কিছু পৰিমাণে চাহৰ খেতি কৰা হয়। ভাৰতৰ ব্ৰক্ষপুত্ৰ আৰু বৰাক উপত্যকা চাহৰ কাৰণে বিখ্যাত। পশ্চিমবংগৰ দাৰ্জিলিং আৰু কেৰেলাৰ পাহাৰীয়া অঞ্চলতো চাহৰ খেতি হয়। বৰ্তমান বিশ্ব বজাৰত চাহৰ চাহিদালৈ লক্ষ্য ৰাখি দেশৰ নতুন নতুন অঞ্চল কিছুমানতো চাহ খেতি আৰম্ভ হৈছে।
১৩। শুদ্ধকৈ মিলোৱা
উত্তৰঃ চাহ – এবিধ ৰোপন কৃষি।
কম জনসংখ্যাৰ দেশবোৰত – বিস্তৃত কৃষি কৰা হয়।
ঘন জনবসতিৰ দেশবোৰত – গহন কৃষি কৰা হয়।
ঝুম খেতিৰ – উৎপাদিকা শক্তি কম।
কুঁহিয়াৰ – এবিধ বাণিজ্যিক শস্য।
ধান খেতি – মৌচুমী অঞ্চলৰ প্ৰধান খেতি।
কপাহ – এবিধ আঁহজাতীয় শস্য।
বাণিজ্যিক কৃষিৰ – উৎপাদিকা শক্তি বেছি।