১। চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ১৯১৯ চনত ।
২। চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনৰ কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ দেৰগাঁৱৰ ওচৰৰ নাহৰণিত জন্ম হৈছিল ।
৩। কিমান চনত ফাৰ্চী বিষয়ৰ লেটাৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ?
উত্তৰঃ ১৯৩৭ চনত ।
৪। চৈয়দ আব্দুল মালিকৰ উচ্চ শিক্ষা লাভাৰ্থে কোন কলেজত ভৰ্তি হয় ?
উত্তৰঃ কটন কলেজত ভৰ্তি হয় ।
৫। ১৯৪১ চনত চৈয়দ আব্দুল মালিকৰ ইংৰাজীত অনাৰ্ছসহ কি পৰীক্ষাত পাছ কৰে ?
উত্তৰঃ বি এ পৰীক্ষাৰ পাছ কৰে ।
৬। ১৯৫১ চনত কোন বিশ্ববিদ্য়ালয়ৰ পৰা অসমীয়া বিষয়ত এম এ ডিগ্ৰী লাভ কৰে ?
উত্তৰঃ গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ পৰা ।
৭। কোনে ভাৰত চৰকাৰৰ ‘পদ্মশ্ৰী’, ‘পদ্নভূষণ’ উপাধি আৰু অসম চৰকাৰৰ শঙ্কৰদেৱ বঁটাৰে সন্মানিত হয় ?
উত্তৰঃ চৈয়দ আব্দুল মালিকে বঁটাৰে সন্মানিত হয় ।
৮। কিমান চনত মালিকে অসম সাহিত্য় সভাৰ চতুশ্চত্বাৰিংশ অভয়াপুৰী অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰে ?
উত্তৰঃ ১৯৭৭ চলত ।
৯। কোন আছিল একাধাৰে কবি, ঔপন্য়াসিক, গল্পকাৰ, গীতিকাৰ, নাট্য়কাৰ, অনুবাদক, প্ৰবন্ধকাৰ ?
উত্তৰঃ চৈয়দ আব্দুল মালিক আছিল ।
১০। চৈয়দ আব্দুল মালিকৰ প্ৰকাশিত উপন্য়াসৰ সংখ্য়া কিমান ?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ প্ৰকাশিত উপন্য়াসৰ সংখ্য়া তিনিকুৰিৰ অধিক ।
১১। চৈয়দ আব্দুল মালিকৰ উল্লেখযোগ্য় উপন্য়াস কিখনৰ নাম কি ?
উত্তৰঃ সুৰুযমুখীৰ স্বপ্ন আৰু ধন্য় নৰ তনু ভাল ।
১২। কোনখন উপন্য়াসৰ বাবে ১৯৭৪ চনত চৈয়দ আব্দুল মালিকে সাহিত্য় অকাডেমী বঁটা লাভ কৰে ?
উত্তৰঃ অঘৰী আত্মাৰ কাহিনী ।
১৩। চৈয়দ আব্দুল মালিকৰ চুটিগল্প সংকলন কিমান ?
উত্তৰঃ একুৰিৰো অধিক ।
১৪। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলন নাম কি ?
উত্তৰঃপৰশমণি ।
১৫। যীশুখৃষ্টৰ ছবি চুটিগল্পটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ চৈয়দ আব্দুল মালিকে যীশুখৃষ্টৰ ছবি চুটিগল্পটো ৰচনা কৰিছিল ।
১৬। চৈয়দ আব্দুল মালিকৰ কোনখন স্কুলৰ পৰা শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলে ?
উত্তৰঃ গোলাঘাটৰ স্কুলৰ পৰা ।
১৭। চৈয়দ আব্দুল মালিকে যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ কি বিভাগত অধ্য়াপক পদত নিযুক্ত হয় ?
উত্তৰঃঅসমীয়া বিভাগত ।
১৮। চৈয়দ আব্দুল মালিকে কোন বিভাগৰে মুৰব্বী অধ্য়াপক হিচাপে অৱসৰ গ্ৰহণ কৰে ?
উত্তৰঃ অসমীয়া বিভাগৰে মুৰব্বী অধ্য়াপক হিচাপে অৱসৰ গ্ৰহণ কৰে ।
১৯। চৈয়দ আব্দুল মালিকৰ কিমান চনত দেহাৱসান ঘটে ?
উত্তৰঃ ২০০০ চনত চৈয়দ আব্দুল মালিকৰ দেহাৱসান ঘটে ।
২০। চৈয়দ আব্দুল মালিকে ৰচনা কৰা যীশুখৃষ্টৰ ছবি এটা কি গল্প ?
উত্তৰঃ চুটিগল্প ।