১। প্ৰসন্নলাল চৌধুৰী কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ১৮৯৮ চনত প্ৰসন্নলাল চৌধুৰী জন্ম হৈছিল ।
২। প্ৰসন্নলাল চৌধুৰী কি মাহৰ কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ প্ৰসন্নলাল চৌধুৰী জানুৱাৰী মাহৰ পহিলা তাৰিখে পলাশবাৰীত ঠাইত জন্ম হৈছিল ।
৩। প্ৰসন্নলাল চৌধুৰীয়ে ক’ত প্ৰথমিক শিক্ষা লাভ কৰিছিল ?
উত্তৰঃ প্ৰসন্নলাল চৌধুৰীয়ে পলাশবাৰীতে প্ৰথমিক শিক্ষা লাভ কৰিছিল ।
৪।প্ৰসন্নলাল চৌধুৰীয়ে ক’ত চৰকাৰী হাইস্কুলত নাম ভৰ্তি কৰিছিল ?
উত্তৰঃ প্ৰসন্নলাল চৌধুৰীয়ে বৰপেটাৰ চৰকাৰী হাইস্কুলত নাম ভৰ্তি কৰিছিল ।
৫। পছোৱা শব্দৰ অৰ্থ কি ?
উত্তৰঃ পশ্চিমৰ পৰা পৃবলৈ বলা বেগী বতাহ ।
৬।প্ৰসন্নলাল চৌধুৰীয়ে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কোন কলেজত উচ্চ শিক্ষা লাভ কৰে ?
উত্তৰঃ কটন কলেজত উচ্চ শিক্ষা লাভ কৰে ।
৭। ৰক্তপত্ৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ ৰক্তপত্ৰ শব্দৰ অৰ্থ হ’ল ৰঙা পাত ।
৮। প্ৰসন্নলাল চৌধুৰীদেৱে কিমান চনত পলাশবাৰী মাইনৰ স্কুলত শিক্ষক হিচাপে নিযুক্ত হয় ?
উত্তৰঃ ১৯২৮ চনত পলাশবাৰী মাইনৰ স্কুলত শিক্ষক হিচাপে নিযুক্ত হয় ।
৯। প্ৰমত্ত শব্দৰ অৰ্থ কি ?
উত্তৰঃ প্ৰমত্ত শব্দৰ অৰ্থ হ’ল অতিশয় উত্তেজিত ।
১০। কিমান চনৰ পৰা প্ৰসন্নলাল চৌধুৰীয়ে বৰপেটা বিদ্য়াুুপীঠত শিক্ষকতা কৰে ?
উত্তৰঃ ১৯৩১ চনৰ পৰা প্ৰসন্নলাল চৌধুৰীয়ে বৰপেটা বিদ্য়াুুপীঠত শিক্ষকতা কৰে ।
১১। বৰপেটাতেই বহু বছৰ ধৰি কি দায়িত্ব বহন কৰি অৱসৰ গ্ৰহণ কৰে ?
উত্তৰঃ প্ৰধান শিক্ষকৰ দায়িত্ব বহন কৰি অৱসৰ গ্ৰহণ কৰে ।
১২। দুৰ্বাৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ দুৰ্বাৰ শব্দৰ অৰ্থ হ’ল বাধা দি ৰাখিব নোৱৰা ।
১৩। কৃতী শিক্ষক চৌধুৰী কি আছিল ?
উত্তৰঃ কৃতী শিক্ষক চৌধুৰী আছিল একাধাৰে কবি, নাট্য়কাৰ, অভিনেতা, শৰীৰ চৰ্চাকাৰী আৰু সুদক্ষ চিকাৰী ।
১৪। প্ৰসন্নলাল চৌধুৰীৰ কাব্য়পুথি দুখনৰ নাম কি ?
উত্তৰঃ প্ৰসন্নলাল চৌধুৰীৰ কাব্য়পুথি দুখনৰ নাম হ’ল অগ্নিমন্ত্ৰ আৰু চানেকি কবিতা ।
১৫। তমোৰাশি শব্দৰ অৰ্থ কি ?
উত্তৰঃ তমোৰাশি শব্দৰ অৰ্থ হ’ল আন্ধাৰবোৰ ।
১৬। বিদ্ৰোহী সুৰৰ প্ৰাধান্য়ই কাৰ কবিতাসমূহ অধিক শক্তিশালী কৰি তুলিছে ?
উত্তৰঃ প্ৰসন্নলাল চৌধুৰীৰ কবিতাসমূহ অধিক শক্তিশালী কৰি তুলিছে ।
১৭। ব্য়ােম শব্দৰ অৰ্থ কি ?
উত্তৰঃ ব্য়ােম শব্দৰ অৰ্থ হ’ল আকাশ ।
১৮। প্ৰসন্নলাল চৌধুৰী কি নামে পৰিচিত ?
উত্তৰঃ প্ৰসন্নলাল চৌধুৰী বিদ্ৰোহী কবি নামেৰে পৰিচিত ।
১৯। সিন্ধু শব্দৰ অৰ্থ কি ?
উত্তৰঃসিন্ধু শব্দৰ অৰ্থ হ’ল সাগৰ ।
২০। কিমান চনত প্ৰসন্নলাল চৌধুৰীৰ মৃত্য়ু হয় ?
উত্তৰঃ ১৯৮৬ চনত প্ৰসন্নলাল চৌধুৰীৰ মৃত্য়ু হয় ।