বুৰঞ্জীৰ দৌৰাত্ম্য়
গোট ২ পাঠ ১
১। বেদৰ অংশ কেইটা আৰু কি কি ?
উত্তৰঃ বেদৰ অংশ দুটা আৰু মন্ত্ৰ আৰু ব্ৰাহ্মাণ ।
২। বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টো লক্ষ্মীনাথ বেজবৰুৱায়ে ৰচনা কৰিছিল ।
৩। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ১৮৬৪ চনত জন্ম হৈছিল ।
৪। ককাদেউতা আৰু নাতিল’ৰা, বুঢ়ি আইৰৰ সাধু, ভগৱৎ কথা, জুনুকা, বাখৰ, কামত কৃতিত্ব লভিবৰ সঙ্কেত শিশু সাহিত্য় কিখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ককাদেউতা আৰু নাতিল’ৰা, বুঢ়ি আইৰৰ সাধু, ভগৱৎ কথা, জুনুকা, বাখৰ, কামত কৃতিত্ব লভিবৰ সঙ্কেত শিশু সাহিত্য় লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল ।
৫। লক্ষ্মীনাথ বেজবৰুৱা কি উপাধিৰে বিভূষিত হৈছে ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ উপাধিৰে বিভূষিত হৈছে ।
৬। বুৰঞ্জী শব্দৰ অৰ্থ কি ?
উত্তৰঃ বুৰঞ্জী শব্দৰ অৰ্থ হ’ল নজনা কথা জনাৰ ভঁৰাল, টাই ভাষাৰ শব্দ ।
৭। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্য়াস খনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা উপন্য়াস খনৰ নাম হ’ল পদুম কুঁৱৰী ।
৮। হাস্য়ৰস সৃষ্টিত কোন অসমীয়া সাহিত্য়ত অপ্ৰতিদ্বন্দ্বী হৈ আছে ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য়ত অপ্ৰতিদ্বন্দ্বী হৈ আছে ।
৯। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনী খনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আত্মজীৱনী খনৰ নাম হ’ল মোৰ জীৱন সোঁৱৰণ ।
১০। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গল্পৰ পুঠি কিখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গল্পৰ পুঠি কিখনৰ নাম হ’ল সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহোঁকলি ।
১১। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জীৱনী পুঠি খনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জীৱনী পুঠি খনৰ নাম হ’ল ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ ।
১২। সাধাৰণতঃ পুৰাণৰ লক্ষণ কেইটা ?
উত্তৰঃ সাধাৰণতঃ পুৰাণৰ লক্ষণ পাঁচোটা ।
১৩। শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ কেইটা ?
উত্তৰঃ শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা ।
১৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুঠি কিখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতা পুঠি কিখনৰ নাম হ’ল কদম কলি আৰু পদুমকলি ।
১৫ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাট কিখনৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা নাট কিখনৰ নাম হ’ল বেলিমাৰ, চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, পাচনী, নোমল, চিকৰপতি আৰু নিকৰপতি, লিতিকাই, বাৰে মতৰা, হ-য-ব-ৰ-ল ।
১৬। কিমান চনত প্ৰকাশিত বাঁহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰিছিল ?
উত্তৰঃ ১৯০৯ চনত প্ৰকাশিত বাঁহী আলোচনী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদনা কৰিছিল ।
১৭। ইতিহাস শব্দৰ অৰ্থ কি ?
উত্তৰঃ ইতিহাস শব্দ অৰ্থ হ’ল পুৰণি কথা, পূৰ্ব বৃত্তান্ত ।
১৮। অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনত কোন সভাপতি আছিল ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা আছিল অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনত সভাপতি ।
১৯। কিমান চনৰ ডিচেম্বৰ মাহৰ গুৱাহাটীত বহা অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনৰ লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিল ?
উত্তৰঃ ১৯২৮ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত বহা অসম সাহিত্য় সভাৰ সপ্তম অধিৱেশনৰ লক্ষ্মীনাথ বেজবৰুৱা সভাপতি আছিল ।
২০। বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টোত প্ৰাচীন আৰ্য কি জাতি আজিলৈকে জীয়াই আছে ?
উত্তৰঃ বুৰঞ্জীৰ দৌৰাত্ম্য় গদ্য়টোত প্ৰাচীন আৰ্য হিন্দু আজিলৈকে জীয়াই আছে ।
Type By Chandana Bora.
Check: Himashree Bora.
Post ID: DABP004244