অৰ্থনৈতিক ভূগোল সম্পদৰ
ধাৰণা আৰু শ্ৰেণী বিভাগ
পঞ্চম অধ্যায়
চমু প্ৰশ্ন উত্তৰঃ
১। সম্পদ কাক বোলে?
উত্তৰঃ ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সাধাৰণতে সম্পদ বুলি কোৱা হয়।
২। জাতীয় সম্পদ কাক বোলে?
উত্তৰঃ এখন দেশৰ তত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে – ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।
৩। প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনকেইটা কথাই মুখ্য ভূমিকা পালন কৰে?
উত্তৰঃ প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ তলত দিয়া কথাকেইটাই মুখ্য ভূমিকা পালন কৰেঃ
(i) সাংস্কৃতিক প্ৰমূল্যঃ কোনবোৰ বস্তু সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ গ্ৰহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰূপণ কৰে।
(ii) প্ৰযুক্তিবিদ্যাঃ মানুহে প্ৰয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জন বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।
(iii) অৰ্থনৈতিক ব্যৱস্থাঃ প্ৰয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আৰ্থিক সামৰ্থ্য সকলো সমাজৰ সমানে নাথাকে।
৪। প্ৰাকৃতিক সম্পদৰ উৎস কি?
উত্তৰঃ প্ৰাকৃতিক সম্পদৰ উৎস হৈছে- প্ৰাকৃতিক পৰিৱেশ।
৫। সম্পদক কেইটা ভাগত বিভক্ত কৰিব পাৰি? কি কি?
উত্তৰঃ সম্পদক সম্পদক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে- (i) প্ৰাকৃতিক সম্পদ, (ii) মানৱ সৃষ্ট সম্পদ আৰু (iii) মানৱ সম্পদ।
৬। প্ৰাকৃতিক সম্পদক কেইটা ভাগত বিভক্ত কৰিব পাৰি? কি কি?
উত্তৰঃ প্ৰাকৃতিক সম্পদক দুটা ভাগত বিভক্ত কৰিব পাৰি। যেনে- (i) জৈৱিক আৰু (ii) অজৈৱিক।
৭। মানৱ সৃষ্ট সম্পদ কাক বোলে?
উত্তৰঃ মানুহে সৃষ্টি কৰা সম্পদক মানৱসৃষ্ট সম্পদ বোলে। প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল-কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলা হয়।
৮। প্ৰাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ সাধাৰণতে আমি যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পাওঁ সেই সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে।
৯। মানৱ সম্পদ কাক বোলে?
উত্তৰঃ সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদন মূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় ।
১০। পুনঃসৃষ্টিক্ষম সম্পদ কাক বোলে?
উত্তৰঃ যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায় কিন্তু পুনৰ সৃষ্টি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক পুনঃসৃষ্টিক্ষম সম্পদ (Re Newable Resource) বোলা হয়।পুনঃসৃষ্টিক্ষম সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। উদাহৰণস্বৰূপে—বায়ু, পানী, উদ্ভিদ, জীৱজত্ব, মাটিৰ উৰ্বৰতা শক্তি আদি পুনঃসৃষ্টিক্ষম সম্পদ।
১১। পুনঃসৃষ্টিহীন সম্পদ কি?
উত্তৰঃ দুবিধমান পুনঃসৃষ্টিহীন সম্পদ হৈছে খনিজাত সম্পদ, যেনে—সোণ, ৰূপ, কয়লা, পেট্ৰ’লিয়াম আদি। পুনঃসৃষ্টিহীন সম্পদসমূহ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি নহয়।
১২। মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ কেইটামান মানৱসৃষ্ট সম্পদৰ উদাহৰণ হৈছে—ঘৰ-দুৱাৰ, কল-কাৰখানা, উদ্যোগ, যন্ত্রপাতি, গাড়ী-মটৰ আদি।
১৩। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে লিখা।
উত্তৰঃ পৃথিৱীত থকা কিছুমান সম্পদ শেষ বা লুপ্ত হৈ যোৱাৰ সম্ভাৱনা থাকে। অবিবেচক আৰু অবিজ্ঞানসন্মতভাৱে সম্পদৰ ব্যৱহাৰ কৰিলে বহুতো সম্পদ হ্রাস পাব বা নিঃশেষ হৈ যাব। মানুহৰ জীৱন নিৰ্বাহৰ বাবে সম্পদ যিহেতু অত্যাৱশ্যকীয়, সেয়ে সম্পদৰ অপচয় ৰোধ কৰাটো আৱশ্যক।
১৪। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি ?
উত্তৰঃ সম্পদৰ ধাৰণাক প্ৰভাৱাম্বিত কৰা কাৰকসমূহ হৈছে—সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা, সমাজখনৰ আৰ্থিক অৱস্থা, ভৌগোলিক অৱস্থা, সময়, বর্ধিত জনসংখ্যা আদি। সময়ৰ গতিত সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্রযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন ঘটে।
১৫। দুবিধমান পুনঃসৃষ্টিক্ষম সম্পদৰ নাম লিখা।
উত্তৰঃ দুবিধমান পুনঃসৃষ্টিহীন সম্পদ হৈছে খনিজাত সম্পদ, যেনে—সোণ, ৰূপ, কয়লা, পেট্ৰ’লিয়াম আদি।
১৬) অসমৰ প্ৰাকৃতিক সম্পদসমহূৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি ?উত্তৰঃ (i) জনসংখ্যা বৃদ্ধিঃ অবাধ হাৰত বৃদ্ধি পোৱা জনসংখ্যাই প্ৰকৃতিক সম্পদৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে ǀ ন ন অঞ্চলত মানুহৰ বসতি হোৱাৰ ফলত অৰণ্য,কৃষিভূমি আদিবোৰ সংকুচিত হৈ আহিছে ǀ বহুতো জীৱ জন্তু বিলুপ্তি পাইছে ǀ
(ii) সম্পদ অপব্যৱহাৰঃ প্ৰাকৃতিক সম্পদসমূহ প্ৰকৃতিৰ মুক্ত দান বুলিও কোৱা কিন্তু এই পৰ্যন্ত মানুহে ইয়াৰ সদব্যৱহাৰ কৰিবলৈ শিকা নাই ǀ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী মনোভাৱহে দেখা যায় ǀ
(iii) বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱ ঃ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত নীতি আঁচনি প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰিবলৈ ব্যক্তিগত, সামজিক বা চৰকাৰী পৰ্যায়ত তৎপৰতা দেখিবলৈ পোৱা নাযায় ǀ বহু সময়ত চৰকাৰীভাৱে কোনো পদক্ষেপ ললেও জনসাধাৰণৰ মাজত সচেতনতাৰ অভাৱে সেইবোৰ অৰ্থহীন কৰে ǀ
(iv)পৰিবেশ প্ৰদূষণঃ মানুহৰ অবিবেচক কামকাজবোৰৰ ফলত পৰিবেশ প্ৰদূষণ দ্ৰুত গতিত বৃদ্ধি পাইছে ǀ নিৰ্বনানীকৰণ,উদ্যোগীকৰণ,নগৰীকৰণ আদি প্ৰক্ৰিয়া অব্যাহত থকাৰ ফলত সম্পদৰ ওপৰত অত্যাধিক হেচা পৰিছে ǀ বায়ু,মাটি আৰু পানী প্ৰদূষণে আমাৰ চাৰিফালে থকা প্ৰাকৃতিক সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে ǀ
১৭। সম্পদ এটা বৈশিষ্ট্য লিখা।উত্তৰঃ সম্পদৰ এটা বৈশিষ্ট্য হ’ল ইয়াৰ পৰিৱর্তনশীল দিশটো কেতিয়াবা প্রকৃতিত পােৱা কোনাে এটা সামগ্রী বর্তমান উপকাৰী নহ’লেও পিছলৈ উপকাৰী সামগ্রী হ’ব পাৰে আৰু সম্পদলৈ পৰিৱৰ্তন হ’ব পাৰে । এনেধৰণৰ বস্তুক নিষ্ক্রিয় সামগ্রী বােলা হয় ।
১৮। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? উত্তৰঃ সম্পদৰ অপচয়মূলক ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰােধ কৰি সৰ্বাধিক উপযােগিতা আহৰণৰ উদ্দেশ্যে সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰৰ প্রক্রিয়াকে সম্পদৰ সংৰক্ষণ বুলি জনা যায় ।
১৯। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি?উত্তৰঃ অতীতত, এই পৃথিৱীত সম্পদৰ পৰিমাণ তেনেই সীমিত আছিল আৰু তাৰ বিপৰীত প্ৰতিৰোধক বা নিষ্ক্ৰিয় সামগ্ৰীৰ পৰিমাণ বেছি আছিল।
২০। এবিধ অনবীকৰণযোগ্য সম্পদৰ নাম কি?
উত্তৰঃ এবিধ অনবীকৰণযোগ্য সম্পদৰ নাম- প্ৰাকৃতিক সম্পদ।
২১। এবিধ এনেকুৱা সম্পদৰ উদাহৰণ দিয়া যি প্ৰাকৃতিক সম্পদ আৰু লগতে অজৈৱিক সম্পদ।
উত্তৰঃ সোণ।
২২। অজীৱীয় সম্পদ কাক বোলে?
উত্তৰঃ প্ৰাকৃতিক গঠন অনুযায়ী যিবোৰ সম্পদ নিৰ্জীৱ অৰ্থাৎ জীৱ নাই তেনে সম্পদক অজীৱীয় সম্পদ বোলে।
Author: Pompi HazarikaPost ID: DABP004786