অধ্য়য়- ২
১) মানৱ বন্দনা কবিতাটোৰ লেখক কোন ?
উত্তৰঃ মানৱ বন্দনাৰ কবিতাটোৰ লেখক হ’ল- চন্দ্ৰকুমাৰ আগৰৱালা ।
২) মানৱ বন্দনাৰ কবিতাটোৰ উদ্দেশ্য় কি ?
উত্তৰঃ মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাটোৱেই কবিতাটোৰ ঘাই উদ্দেশ্য় ।
৩) পৰাৎপৰা বোলা কথাষাৰৰ অৰ্থ কি ?
উত্তৰঃ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ বা পৰম সত্য় ।
৪) ময়াপী শব্দৰ অৰ্থ কি ?
উত্তৰঃ মায়া বা মোহ বা ভ্ৰান্তি উপজোৱা জীৱ ।
৫) চন্দ্ৰকুমাৰ আগৰৱালাৰ কেতিয়া জন্ম হৈছিল ?
উত্তৰঃ ১৮৬৭ চনত জন্ম হৈছিল ।
৬) চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি ?
উত্তৰঃ ৰোমান্টিক যুগৰ কবি ।
৭) চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি কেইখন ?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখন ।
৮) চন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখনৰ নাম লিখা ।
উত্তৰঃচন্দ্ৰকুমাৰ আগৰৱালা কবিতা পুথি দুখনৰ নাম হ’ল- ‘প্ৰতিমা’আৰু ‘বীণ ব’ৰাগী’ ।
৯) চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৮ চনত ।
১০) পাদ্য় শব্দৰ অৰ্থ কি ?
উত্তৰঃ পাদ্য় শব্দৰ অৰ্থ হ’ল -ভৰি ধুবলৈ দিয়া পানী ।
Type By- Mandira Saha
Post ID: DABP004829