চাপ আৰু প্লাৱিতা
অধ্যায় ১৭
A. চমু প্রশ্নঃ
১। হেঁচা আৰু চাপৰ মাজত পার্থক্য কি?
উত্তৰঃ-
২। চাপ কাক বােলে? ই বল আৰু ক্ষেত্রফলৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে?
উত্তৰঃ- কোনো পৃষ্ঠৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলা হয়। গজালটোৰ মূৰটো জোঙা কৰা, কটাৰীৰ চোকা ফালটোৰে শাক-পাচলি কাটিবলৈ ব্যৱহাৰ কৰা আদি। এই উদহৰণবোৰৰ পৰা অনুভৱ কৰিব পাৰিছানে যে যি ক্ষেত্ৰফলৰ ওপতৰ বল হৈছে সিয়েই কামটো সম্পাদন কৰাত বিশেষ ভূমিকা লয়।
৩। ছুৰী বা কটাৰী এখন কিয় ধাৰ দিয়া হয় আৰু গজাল এটাৰ এফালে কিয় জোঙা কৰা হয়?
উত্তৰঃ-
৪। নৈ বা সাগৰৰ পাৰ বান্ধিলে বান্ধটো ওপৰৰপৰা তললৈ কিয় ডাঠকৈ নিৰ্মাণ কৰা হয়।
উত্তৰঃ-
৫। বায়ুমণ্ডলীয় চাপ কাক বােলে?
উত্তৰঃ- পৃথিৱীৰ চাৰিওফালে প্ৰায় ১০০০ কি : মি : দূৰত্বলৈ আগুৰি থকা বাষ্পীয় আৱৰণটোক বায়ুমণ্ডল বোলা হয়। এই বায়ুয়ে প্ৰয়োগ কৰা চাপকে বায়ুমণ্ডলীয় চাপ বোলা হয়।
৬। উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলীয় চাপ কিয় কমি যায় কাৰণ দশাই বুজাই লিখা ।
উত্তৰঃ-
৭। ষ্ট্র নলিকাৰে আমি কেনেদৰে চৰবত খাব পাৰোঁ।
উত্তৰঃ- ষ্ট্ৰ নলিকাই আমি ডাব নাৰিকলৰ ভিতৰত পৰা ডাবৰ পানী খাবলৈ বা বটলৰ পৰা চৰবত খাবলৈ ব্যৱহাৰ কৰোঁ।
৮। আর্কিমিডিছৰ সূত্ৰটো লিখা।
উত্তৰঃ- আৰ্কিমিডিছৰ সূত্ৰটো বা নীতিটো হ’ল- কোনো বস্তু কোনো তৰল পদাৰ্থত আংশিকভাবে বা সম্পূৰ্ণৰূপে ডুবালে ইয়াৰ ওজন কমা যেন বা ই ওজন হেৰুৱা যেন লাগে, এই কমা বা হেৰুৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনৰ সমান।
৯। বৰফ পানীত ওপঙে কিয়?
উত্তৰঃ– উষ্ণতাৰ লগত পানীৰ আয়তন এক বিশেষ সম্বন্ধ আছে। সাধাৰণ উষ্ণতাত থকা অলপ পানীৰ উষ্ণতা লাহে লাহে কমাই ,অনা হয় ইয়াৰ আয়তনো কমি আহে। 4° ছেলছিয়াছ উষ্ণতাত এই আয়তন কমি আহিব। 0° ছেলছিয়াছ উষ্ণতাত পানীখিনি গোটমাৰি বৰফ হ’ব। এই উষ্ণতাত বৰফৰ আয়তন পানীত আয়তনলৈ সামান্য বেছি। সেই কাৰণে বৰফ এটুকুৰা পানীত সম্পূৰ্ণ নিমজ্জিত কৰি যি পৰিমাণৰ পানী অপসাৰিত কৰিব তাৰ ওজন বৰফৰ ওজনতকৈ কিছু বেছি হ’ব। গতিকে বৰফ টুকুৰাই সম্পূৰ্ণৰূপে ইয়াৰ ওজন হেৰুৱাব আৰু পানীত ওপঙি থাকিব।
১০। ওপঙনৰ চৰ্তকেইটা লিখা।
উত্তৰঃ- ওপঙৰ চৰ্তকেইটা হ’ল-
নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনতকৈ কম হয়, বস্তুটো আংশিকভাবে নিমজ্জিত অৱস্থাত তৰল পদাৰ্থত ওপঙি থাকিব।
নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ সমান হয়, বস্তুটো সম্পূৰ্ণৰূপে নিমজ্জিত অৱস্থাত পদাৰ্থটোৰ মাজত যিকোনো অৱস্থাত স্থিৰ হৈ থাকিব।
নিমজ্জিত অৱস্থাত অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনতকৈ বেছি হয়, বস্তুটো তৰল পদাৰ্থত ডূব যাব।
B. কাৰণ দর্শোৱা –
ক ) লাে এডােখৰ পানীত ডুব যায় কিন্তু লােৰে নির্মিত প্রকাণ্ড জাহাজ এখন পানীত ওপঙি থাকে কিয়?
উত্তৰঃ-
খ) ডুবাৰু জাহাজ এখনে পানীত কেনেদৰে ওপঙি থাকিব পাৰে আৰু ডুব মাৰিবও পাৰে?
উত্তৰঃ-
গ ) উডজান ( Hydrogen ) বাষ্প ভৰােৱা বেলুন এটা কিয় ওপৰলৈ উৰি যায়?
উত্তৰঃ-
C. খালী ঠাই পূৰ কৰাঃ
ক) চাপ, বল আৰু দুয়ােটাৰে ওপৰত নিৰ্ভৰ কৰে।
উত্তৰঃ ক্ষেত্ৰফল।
খ) চাপৰ S.I. একক হল ।
উত্তৰঃ পাস্কেল।
গ) চাপ কৰিবৰ বাবে পকীঘৰৰ ভূমিভাগ বহল কৰা হয়।
উত্তৰঃ কম।
ঘ) হেঁচাৰ প্ৰভাৱকে বােলে।
উত্তৰঃ চাপ।
ঙ) জুলীয়া পদাৰ্থৰ চাপক ভাগত ভগাব পাৰি।
উত্তৰঃ ৩
D. উত্তৰ দিয়া
ক) হেঁচাৰ প্ৰভাৱক কি ভৌতিক ৰাশিৰদ্বাৰা প্ৰকাশ কৰা হয়।
উত্তৰঃ-হেঁচাৰ প্ৰভাৱক চাপৰ ভৌতিক ৰাশিৰ দ্বাৰা প্ৰকাশ কৰা হয়।
খ) চাপৰ এছ . আই একক কি?
উত্তৰঃ-চাপৰ এছ. আই একক হ’ল পাস্কেল।
গ) একক ক্ষেত্রফলৰ ওপৰত ক্রিয়া কৰা হেঁচাক কি বােলে?
উত্তৰঃ-একক ক্ষেত্ৰফলত ওপতৰ ক্ৰিয়া কৰা হেঁচাক চাপ বোলে।
ঘ) জুলীয়া পদার্থ আৰু বাষ্পীয় পদার্থক একেলগে কি পদার্থ বােলে?
উত্তৰঃ-জুলীয়া পদাৰ্থ আৰু বাষ্পীয় পদাৰ্থক একেলগে তৰল পদাৰ্থ বোলে।
ঙ) জুলীয়া পদাৰ্থৰ চাপক কি কি তিনি ভাগত ভগাব পাৰি?
উত্তৰঃ- জুলীয়া পদাৰ্থৰ চাপক নিম্নচাপ, পাৰ্শ্বচাপ আৰু উৰ্দ্ধচাপ এই তিনি ভাগত ভগাব পাৰি।
চ) তৰল পদাৰ্থৰ মাজেৰে চাপৰ সঞ্চালনৰ পাস্কেলৰ সূত্ৰটো লিখা।
উত্তৰঃ-তৰল পদাৰ্থৰ মাজেৰে চাপৰ সঞ্চালনৰ পাস্কেলৰ সূত্ৰটো হ’ল- আবদ্ধ জুলীয়া পদাৰ্থৰ কোনো অংশত চাপ প্ৰয়োগ কৰিলে সেই চাপ সমানভাৱে জুলীয়া পদাৰ্থটোৰ মাজেৰে সকলো দিশতে সঞ্চালিত হয়, আৰু সেই চাপে ইয়াৰ আধাৰৰ সকলো পিনৰ বেৰৰ ওপৰত লম্বভাৱে ক্ৰিয়া কৰে।
E. দীঘল প্রশ্ন ( Long Answer )
ক) “ জুলীয়া পদাৰ্থৰ ভিতৰত যিকোনাে দিশতে চাপ সকলাে বিন্দুতে সমান ” – এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।
উত্তৰঃ-
খ) ভূপৃষ্ঠৰ ওপৰত বায়ুমণ্ডলীয় চাপ কাক বােলে? শােষক এটা মসৃণ পৃষ্ঠত হেঁচা মাৰি । ধৰিলে পৃষ্ঠখনত লাগি ধৰে কিয়?
উত্তৰঃ-
গ) আর্কিমিডিছৰ সূত্ৰটো লিখি এটা পৰীক্ষাৰদ্বাৰা প্রমাণ কৰা।
উত্তৰঃ-আৰ্কিমিডিছৰ সূত্ৰটো হ’ল- কােনো বস্তু কোনো তৰল পদাৰ্থত আংশিকভাৱে বা সম্পূৰ্ণৰূপে ডুবালে ইয়াৰ ওজন কমা যেন বা ওজন হেৰুৱা যেন লাগে, এই কমা বা হেৰুৱা ওজন বস্তুটোৱে অপসাৰিত কৰা তৰল পদাৰ্থৰ ওজনৰ সমান।
ঘ) গভীৰতা বঢ়াৰ লগে লগে তৰল পদাৰ্থৰ পার্শ্বচাপ বাঢ়ে, এটা পৰীক্ষাৰ সহায়ত প্রমাণ কৰা।
উত্তৰঃ-পানী থোৱা প্লাষ্টিকৰ বটল এটা লোৱা বটলটোৰ ওপৰৰ পৰা কিছু তৰল পৰা আৰম্ভ কৰি প্ৰায় তলিৰ ওচৰলৈকে একে উলম্ব ৰেখাত পৰাকৈ তিনিটা সৰু সমান ফুটা কৰা। ফুটাবোৰ এতিয়া চেলোটোপেৰে বন্ধ কৰি বটলটোৰ মুখলৈ পানী ভৰোৱা। বটলটোৰ সোপাটো খুলি ৰাখা। এতিয়া বটলটো মেজৰ ওপৰত ৰাখি চেলোটেপডাল আঁতৰাই ফুটা কেইটা মুকলি কৰা। ফুটা কেইটাৰ পানী ওলাই মেজত পৰিব।পানী সমান দূৰত্বত পাৰিছেনে ? পৰীক্ষাটোৰ পৰা কি বুজিল ? পৰীক্ষাটোৰ পৰা ইয়াকে বুজিলো যে গভীৰতা বঢ়াৰ লগে লগে পাৰ্শ্বচাপ বাঢ়ে।
Type- Nayan Jyoti Bordoloi
Author: Himashree Bora.
Post ID : DABP006193