ঈদ-উল-ফিটৰ
Lesson 9
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
ঈদগাহ = ঈদৰ দিনা মুছলমানসকলে উপাসনা কৰা ঠাই
মিষ্টান = মিঠা আহাৰ
ৰহণ = ৰং
মৰিষণ = ক্ষমা
শুচি = পৱিত্ৰ
সুস্বাদু = সুন্দৰ স্বাদযুক্ত, সোৱাদ লগাল
সংযমিত = সংযম ৰক্ষা কৰি
আপ্যায়িত = আহাৰ আদিৰ সন্তুষ্ট কৰোৱা কাৰ্য
[১] প্ৰথমে কোৱা আৰু, তাৰ পিছত লিখাঁ
ক) ঈদ-উল-ফিটৰ কোনে, কেতিয়া পালন কৰে ?
উত্তৰঃ ঈদ-উল-ফিটৰ ইছলাম ধৰ্মীয় লোকে, ৰমজান মাহৰ শেষত পালন কৰিছিল।
খ) ফিটৰা মানে কি ?
উত্তৰঃ দান দিয়া পৰ্বক ফিটৰা বোলে।
গ) ঈদ-উল-ফিটৰ বোলাৰ কাৰণ কি ?
উত্তৰঃ প্ৰতিবছৰে দান দিয়া পৰ্বটো পুনৰাগমন হয় বাবে ঈদ-উল- ফিটৰ বোলা হয়।
ঘ) ঈদ-উল-ফিটৰৰ আৰম্ভণি কেনেকৈ হ’ল ?
উত্তৰঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আৱিৰ্ভাৱ ঘটাৰ আগতে আৰৱত নিৰুজ আৰু মিহিৰজান নামৰ দুটি উৎসৱ পালিত হৈছিল। হজৰত মহম্মদে এই দুটি উৎসৱত কিছু ধৰ্মীয় ৰহণ সানে। তেওঁ তেওঁৰ ভক্ত সকলক দুয়োটা উৎসৱকে ক্ৰমে ঈদ-উল-ফিটৰ আৰু ঈদ-উল- আজহা নামেৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। এনেদৰেই ঈদ-উল-ফিটৰৰ আৰম্ভণি হ’ল।
ঙ) ঈদ-উল-ফিটৰৰ লগত ৰমজানৰ ৰোজাৰ কি সম্পৰ্ক আছে ?
উত্তৰঃ ঈদ উল ফিটৰৰ সৈতে ৰমজানৰ ৰোজাৰ বিশেষ সম্পৰ্ক আছে।
চ) ৰোজাৰ তাৎপৰ্য কি
উত্তৰঃ ৰোজাৰ দুটা তাৎপৰ্য আছে। এটা হ’ল শৰীৰ ধৰ্ম পালন আৰু আনটো হল মনৰ শক্তি বৃদ্ধি কৰা।
ছ) ইছলাম ধৰ্ম মানুহে পালন কৰিবলগীয়া মূল কৰ্তব্যকেইতা কি কি ?
উত্তৰঃ ইছলাম ধৰ্ম পালন কৰিবলগীয়া মূল কৰ্তব্য কেইটা হল কলিমা, নামাজ, ৰোজা,জাকাত, আৰু হজ।
জ) ঈদৰ দিনা ঈদগাহত কিদৰে নামাজ পঢ়া হয় ?
উত্তৰঃ ঈদৰ দিনা ঈদগাহত আকাশৰ তলত নামাজ পঢ়া হয়।
ঝ) ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে দিনটো কিদৰে আৰম্ভ কৰে ?
উত্তৰঃ ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে পূৰুষ-নাৰী, ল’ৰাৰ পৰা বুঢ়ালৈকে আন্দত মতলীয়া হৈ পৰে। ঈদৰ দিনা সকলোৰে ঘৰুৱা পৰিৱেশ আনন্দমুখৰ হয়। আহী-অতিথিৰ আগমণে ঘৰখন উদুলি-মুদুলি কৰি ৰাখে। নিজে সুস্বাদু আহাৰ গ্ৰহণ কৰে, ওচৰ-চুবুৰীয়া, ইষ্ট-চুবুৰীয়া, ইষ্ট-কুটুম্বকো সুস্বাদু আহাৰেৰে আপ্য়ায়িত কৰে। ঈদৰ আনন্দ কেইবাদিনলৈকে থকে। এনেদৰেই ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে দিনটো আৰম্ভ কৰে।
ঞ) জাকাত দিয়া মানে কি ?
উত্তৰঃ জাকাত দিয়া মানে ঈদৰ দিনা ইছলাম ধৰ্মৰ অন্য় এটি পালনীয় কৰ্ম। নিজৰ সম্পত্তিৰ চল্লিশ ভাগৰ এভআগ দুখীয়া লোকসকলে সেই দানেৰে ঈদৰ আনন্দ ল’ব পাৰে। জাকাত দিয়াটো ইছলাম ধৰ্মালম্বী লোকসকলে পৱিত্ৰ কৰ্তব্য় বুলি জ্ঞান কৰে।
ট) ঈদৰ দিনা মৃত ব্যক্তিৰ সন্মানৰ্থে কি কৰা হয় ?
উত্তৰঃ ঈদৰ দিনা মৃত ব্য়ক্তিক সন্মানাৰ্থে পৰম ভক্তিৰে মনত পেলোৱা হয়। তেওঁলোকৰ আত্মাৰ শান্তিৰ কামনাৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে। সিদিনা পুৱাই ঘৰৰ পূৰুষসকলে মৃত ব্য়ক্তিসকলৰ কবৰলৈ যায় আৰু সেইবোৰ ভালদৰে পৰিষ্কাৰ কৰে। মৃত ব্য়ক্তিসকলৰ হৈ আল্লাহৰ ওছৰত প্ৰাৰ্থনা কৰে যাতে আল্লাই তেওঁলোকৰ সকলো পাপ মৰিষণ কৰি মুক্তিৰ পথ সুগম কৰে।
ঠ) ঈদৰ লক্ষ্য কি ?
উত্তৰঃ ঈদৰ ঘাই লক্ষ্য হৈছে সংযম ৰক্ষা কৰা, পৱিত্ৰতা বজাই ৰখা আৰু ভাতৃত্ববোধ তথা মৰম চেনেহেৰে জীয়াই থকা।আল্লাৰ ওচৰত একান্ত বিশ্বাস স্থাপনৰ বাবেও চেষ্টা কৰা হয়।
[২] অসমত পালন কৰা ভিন ভিন সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱসমূহৰ এখন তালিকা প্ৰস্তুত কৰাঁ। ইয়াৰ লগতে উৎসৱসমূহৰ লগত জড়িত সাজ-পোছাক, খাদ্য, গীত-মাত, নীতি-নিয়ম আদ সামৰি চমু টোকা একোটি প্ৰস্তুত কৰাঁ আৰু পাৰিলে উৎসৱ উদযাপনৰ সময়ৰ ছবিও সংগ্ৰহ কৰাঁ।
[৩]চমুটোকা লিখাঁ ঃ
হজৰত মহম্মদ, যীশুখ্ৰীষ্ট, স্বামী বিবেকানন্দ।
উত্তৰঃ (ক) হজৰদ মহম্মদঃ ৫৭০ খ্ৰীঃৰ ১৯ আগষ্ট তাৰিখৰ দিনা আৰৱ দেশৰ মক্কা নগৰৰ কোৰেইছ বংশত মহাপূৰুষ হজৰদ মহম্মদৰ জন্ম হয়। হজৰদ মহম্মদৰ পিতৃ-মাতৃৰ নাম আছিল আমিনা আৰু আবদুল্লাহ। মহাপূৰুষ হজৰদ মহম্মদে জন্ম হোৱাৰ আগতেই তেওঁৰ পিতৃ ঢোকায় আৰু জন্ম হোৱাৰ ৬ বছৰৰ পিছত মাতৃৰ মৃত্য়ু হয়। হজৰত মহম্মদেই ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তেওঁ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে এজন সমাজসেৱকো আছিল।
(খ) যীশু খ্ৰীষ্টঃ খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক হৈছে যীশু খ্ৰীষ্ট। ২৫ ডিচেম্বৰ ৩৩৬ খ্ৰীঃত এইজনা মহান মানৱৰ জন্ম হয়। তেখেতৰ মাতৃৰ মাতৃৰ নাম আছিল মেৰী। তেওঁৰ ধৰ্মৰ বাণীসমূহ বাইবেল নামৰ ধৰ্মগ্ৰন্থ এখনত সংৰক্ষণ হৈ আছে।
(গ) স্বামী বিবেকানন্দঃ ১৮৬৩ চনত এটা ঊকীল পৰিয়ালত স্বামী বিবেকানন্দৰ জন্ম হৈছিল। তেওঁ সৰুৰেপৰাই অধিক সাহসী আৰু শক্তিশালী আছিল। তেওঁ সৰুকালৰ নাম আছিল নৰেনদ্ৰনাথ। নৰেন্দ্ৰনাথে ২৫ বছৰ বয়সত গেৰুৱা বস্ত্ৰ পৰিধান কৰে আৰু তেওঁ স্বামী বিবেকানন্দ নামেৰে জনাজাত হৈ পৰিল। ১৮৯৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত ধৰ্মৰ বিশ্ব সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত স্বামী বিবেকানন্দৰ ভাষণ শুনি গোটেই ঘৰটোত হাত চাপৰিত ৰম্বলিং শব্দ হৈ পৰিছিল।
[৪] তলৰ বাকচটোত থকা শব্দ আৰু ধাতুবোৰ ব্যৱহাৰ কৰি পাঁচোটামান বাক্য লিখাঁ ঃ
সি, কাগজ, মা, আৰু, বজাৰ, ধুনীয়া, এটা, মাছ, খা, আন, ছবি, কিন্তু, কৰ্, আঁক্, খেতি, কল, কিন্তু
(ক) সি-ঃ সি গান গায় ভাল পায়।
সি মোৰ ভাল বন্ধু।
সি খেলিবলৈ গ’ল।
সি আৰু ৰহিমে নাচি আছে।
সি গীতাৰ বজাই আছে।
খ) কাগজ-ঃ আজি কাগজ মানুহৰ জীৱনৰ এক মহত্বপূৰ্ণ অংগ হৈ পৰিছে।
তন্ময়ে কাগজ ব্য়ৱহাৰ কৰি বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰে।
পোনপ্ৰথমে চীনত কাগজ প্ৰস্তুত কৰা হৈছিল।
ৰং-বিৰঙৰ কাগজৰ দ্বাৰা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি।
প্ৰাচীন কালত চীনত মালবেৰী গছৰ পৰা কাগজ প্ৰস্তুত কৰা হৈছিল।
গ) মা-ঃ যোৱাকালি ৰীমাৰ মাক ঢুকাল।
চ’ত মাহত বৰদৈচিলাই মাকৰ ঘৰলৈ আহে।
সাত মাহ ধৰি ৰিয়ানৰ মাক যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছে।
বৰদৈচিলা মাকৰ ঘৰত অহাৰ সময়ত সকলোবোৰ হিল-দল ভাঙি উৰুৱাই নিয়ে।
ৰহিম একমাত্ৰ সন্তান কাৰণে মাক-দেউতাকৰ আলাসৰ লাড়ু।
(ঘ) আৰু-ঃ ৰহিম আৰু ৰীয়াজ ভাল বন্ধু।
পেহী আৰু মই অহাকালি শিলচৰলৈ যাম।
নিশা আৰু জুৰিহঁতে খেলি আছে।
মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰীমাধৱদেৱ দুয়োজন গুৰু-শিষ্য আছিল।
নিতুল আৰু কংকনৰ প্ৰধান শত্ৰু হৈছে অৰুণ।
(ঙ) বজাৰ-ঃ বজাৰক হাট বুলিও কোৱা হয়।
দৈনিক বজাৰ নিতৌ খোলা থাকে।
ৰহিমে বজাৰৰপৰা অলপ প্ৰয়োজনীয় সামগ্ৰী কিনিলে।
খৰছটো অপব্য়য় বুলি ভাৱি ৰাম বজাৰলৈ নগ’ল।
আমাৰ গাৱঁত সাপ্তাহিক বজাৰ বহে।
(চ) ধুনীয়া-ঃ ময়ুৰ চৰাই দেখিবলৈ অধিক ধুনীয়া।
দেখিবলৈ ধুনীয়া হ’লেই সকলোবোৰ নহয়।
নীতা দেখিবলৈ ধুনীয়া কিন্তু তাই পঢ়িব নাজানে।
অনৰ্ৱৰ ব্য়ৱহাৰ-পাতি বহুত ধুনীয়া।
গোলাপ ফুল দেখিবলৈ বহুত ধুনীয়া।
(ছ) এটা-ঃ পূৰৱে এটা জাদুৰ কলম হেৰাই পালে।
এটা সৰু বীজৰ পৰাই এজোপা ডাঙৰ বৃক্ষ হয়।
ৰমেনে তাৰ ঘড়ীটো এটা ধুনীয়া বাকচৰ ভিতৰত ভৰাই থলে।
ৰিমঝিমৰ মাকে ৰিমঝিমৰ কাৰণে এটা ঘড়ী আনিলে।
ৰূপমহঁতৰ ঘৰত এটা ভাটৌ চৰাই আছে।
(জ) মাছ-ঃ কৌস্তৱে মাছ খাই ভাল নাপায়।
যদুহঁতৰ পুখুৰীতটোত বহুত মাছ আছে।
পানীয়েই হৈছে মাছৰ জীৱন।
ৰুহিৰ পেহীয়েকে জাকৈ বায় মাছ আনে।
মাছ হৈছে এবিধ উভচৰ প্ৰাণী।
(ঝ) খা-ঃ জীয়াৰ মাকে জীয়াক ভাত খা বুলি কৈ বজাৰলৈ গ’ল।
গুবিনে ৰনক পেটে ভাতে খা বুলি ক’লে।
খুৰীয়েকে গাৰ্গিক চাহ খা বুলি ক’লে।
ভাৰ্গৱক জলপান খাবলৈ দি মাহীয়েক পথাৰলৈ গ’ল।
আমি পুষ্টিকৰ খাদ্য় খালে আমাৰ শৰীৰৰ কাৰণে উপকাৰ হয়।
(ঞ) আন্-ঃ কুহিয়ে পপীক কলমটো আন্ বুলি ক’লে।
ককায়েকে ভনীয়েকক ছাতিটো আন্ বুলি কৈ ওলাই গ’ল।
মোমায়েকে ভাগিনীয়েকক পানী এগিলাছ আন্ বুলি ক’লে।
বৰ্নৱে পলক ৰং আন্ বুলি ক’লে।
পীহুৱে চাক্সিক বহীখন আন্ বুলি ক’লে।
(ট) ছবি-ঃ প্ৰিয়াই ছবি আঁকি ভাল পায়।
প্ৰাৰ্থক মাকে ছবি আঁকিবলৈ দিলে।
মৃন্ময়ে ছবিত বিভিন্ন ধৰণৰ ৰং ব্য়ৱহাৰ কৰি ভাল পায়।
অহাকালি সীমান্তহঁতৰ ছবি পৰীক্ষা আছে।
সাগৰ আৰু গৌৰৱে ছবি আঁকি আছে।
(ঠ) কিন্-ঃ মাকে শান্তনুক দোকানৰ পৰা বিস্কুট এটা কিন্ বুলি ক’লে।
মোমায়েকে ঝৰ্ণাক ছবি আঁকিবৰ কাৰণে ৰং এটা কিন্ বুলি ক’লে।
বায়েকে ভনীয়েক বজাৰৰ পৰা দুই-এপদ্ বস্তু কিন্ বুলি ক’লে।
বজাৰত ওচৰ চুবুৰীয়া দোকানীজনে মোৰ দোকানৰ পৰাই বস্তুবোৰ কিন্ বুলি ক’লে।
মাহীয়েকে গাৰ্গিক জ্য়ামিটি বাকচ এটা কিন্ বুলি ক’লে।
(ড) কৰ্ঃ শ্ৰেণীকোঠাটো অপৰিষ্কাৰ হৈ থকাৰ বাবে শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক পৰিষ্কাৰ কৰ্ বুলি ক’লে।
আইতাকে মাম্পীক তামোলখন খুন্দি গুড়ি কৰ্ বুলি কৈছে।
দেউতাকে মানসীক বেলেগৰ দুখ-কষ্টবোৰ অনুভৱ কৰ্ বুলি কৈছিল।
গাৱঁৰ মুখিয়ালজনে গাওঁখনৰ চোৰটোক গাৱঁৰ পৰা বাহিৰ কৰ্ বুলি গাৱঁৰ মানুহবোৰক উপদেশ দিলে।
মাকে ৰাতুলক ভাল কাম কৰ্ বুলি ক’লে।
(ঢ) আঁক্-ঃ দেউতাকে মনোজক ছবি আঁক্ বুলি ক’লে।
বায়েকে ৰশ্মিক ভাৰতৰ মেপ্খন আঁক্ বুলি ক’লে।
মাকে ৰাখিক এটা প্ৰাকৃতিক দৃশ্য় আঁক্ বুলি ক’লে।
ককায়েকে নিকুক এটা ঢোল আঁক্ বুলি ক’লে।
বিজ্ঞানৰ শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক এটা বাক্-যন্ত্ৰৰ চিত্ৰ আঁক্ বুলি ক’লে।
(ণ) খেতি-ঃ অসমৰ প্ৰায়ভাগ লোকৰ প্ৰধান জীৱিকা হৈছে খেতি।
অসমৰ প্ৰায় ৭০% লোক খেতিৰ সৈতে জড়িত।
প্ৰত্য়েক বছৰে পাখিহঁতৰ মৰপাটৰ খেতি কৰে।
বানপানীয়ে গোটেই অঞ্চলটোৰ ৰাইজৰ খেতি মাৰিলে।
প্ৰসেনে পঢ়া-শুনা বাদ দি খেতিত ধৰিলে।
(ত) কল-ঃ গৌৰীয়ে কল খাই ভাল নাপায়।
মালভোক কল এবিধ পুষ্টিকৰ ফল।
নবীনহঁতৰ এখন কলৰ বাগান আছে।
সুমিত্ৰাই কল খাই বহুত ভাল পায়।
কুকিয়ে ভীমকল খাই ভাল পায়।
(থ) কিন্তু-ঃ ৰহিম বজাৰলৈ গ’ল কিন্তু ৰবীন নগ’ল।
সুস্মিতাই ভাত খালে কিন্তু দিচাই নাখালে।
বিপূল বহুত ভাল ল’ৰা কিন্তু প্ৰিয়াংকু নহয়।
এইবাৰ পথাৰত ধুনীয়া খেতি হৈছিল কিন্তু বানপানীয়ে মাৰিলে।
ৰাণী দেখিবলৈ ধুনীয়া কিন্তু তাই পঢ়িব নাজানে।
[৫] বুজা আৰু লিখাঁ ঃ
নোহোৱা অৰ্থ বুজোৱা ধ্বনি + ক্ৰিয়াপদ = নঞৰ্থক ক্ৰিয়া পদ
ন + হয় = নহয়
ন + কৰে = নকৰে
ন (অ) + কামিলা = অকামিলা
ন (অন) + আগত = অনাগত
ন + দেখা = নেদেখা
ন + নুমাল = নোনুমাল
ন + সোধা = নোসোধা
ন + শিকা = নিশিকা
ন + আঁকো = নাঁৰাকো
ন + আনে = নানে
Type: Pallab Jyoti Bora
Author: Geetanjali Bora