জ্যামিতিৰ অংকন
অধ্যায় 12
অনুশীলনী 12 (A)
1. 7.2 ছেমি. দৈৰ্ঘৰ এডাল ৰেখাখণ্ড AB দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত AB সমান দৈৰ্ঘৰ এডাল ৰেখাখণ্ড XY অংকন কৰা ।
2. MN = 4.2 ছেমি. । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এডাল ৰেখাখণ্ড AB অংকন কৰা যাব যাৰ দৈৰ্ঘ্য MNৰ দুগুণ ।
3. 5.3 ছেমি. আৰু 2.7 ছেমি. দৈৰ্ঘ্যৰ দুডাল ৰেখাখণ্ড ক্ৰমে AB আৰু CD দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এডাল ৰেখাখণ্ড PQ অংকন কৰা যাতে PQ = AB + CD হয় ।
4. 7.5 ছেমি. আৰু 4.2 ছেমি. দৈৰ্ঘ্যৰ দুডাল ৰেখাখণ্ড ক্ৰমে AB আৰু CD দিয়া আছে । ৰুলমাৰি আৰু কম্পাছৰ সহায়ত আন এডাল ৰেখাখণ্ড XY অংকন কৰা যাতে XY = AB – CD হয় ।
5. এডাল যিকোনো ৰেখা AB আঁকা । ABত যিকোনো এটা বিন্দু P লোৱা । এতিয়া AB ৰ লগত লম্ব হোৱাকৈ P বিন্দুত এডাল ৰেখা অংকন কৰা ।
6. এডাল যিকোনো ৰেখা AB আঁকা । এটা যিকোনো বহিঃবিন্দু P লোৱা । Pৰ পৰা ABৰ ওপৰত এডাল লম্ব অংকন কৰা ।
7. 7 ছেমি. দৈৰ্ঘৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে দুভাগ কৰা ।
8. 9.2 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে চাৰিভাগ কৰা ।
9. 6.8 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB আঁকি তাৰ লম্ব সমদ্বিখণ্ডকডাল অংকন কৰা ।
10. 6.5 ছেমি. দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড PQ আঁকা । ৰেখাখণ্ডডালৰ প্ৰান্তবিন্দু P আৰু Q ত দুডাল লম্ব অংকন কৰা ।
Question Type By- Himadree Bora
Post ID: DABP001912