১. বহুসংখ্যক পণ্ডিতৰ মতে সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল?
(ক) আহোমসকল
(খ) দ্ৰাবিড়সকল
(গ) ইয়াৰে এটাও নহয়।
Answer: (খ) দ্ৰাবিড়সকল
২. ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিক ভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কেইটা?
(ক) ৭০৫ টা
(খ) ৬০৫ টা
(গ) ৮০০ টা
Answer: (ক) ৭০৫ টা
৩. ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব পৰা প্ৰচলিত ভাষা কেইটা আছে?
(ক) ৭০৫ টা
(খ) ১০১৪ টা
(গ) ১০১৩ টা
Answer: (গ) ১০১৩ টা
৪. ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে?
(ক) ২০ টা
(খ) ২২ টা
(গ) ২৪ টা
Answer: (খ) ২২ টা
৫. ২০০১ চনৰ পিয়ল অনুযায়ী ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক’ব পৰা প্ৰচলিত ভাষাকেইটা ভিতৰত আকৌ কেইটা প্ৰধান ভাষা?
(ক) ১২২ টা
(খ) ১২৫ টা
(গ) ১৩০ টা
Answer: (ক) ১২২ টা
৬. প্ৰাচীন কালৰ শিলেৰে নিৰ্মিত মঠ-মন্দিৰসমূহৰ নিৰ্মাণ শৈলিক ঘাইকৈ কেই ভাগত ভাগ কৰিব পাৰি?
(ক) চাৰি ভাগত
(খ) তিনি ভাগত
(গ) পাঁচ ভাগত
Answer: (খ) তিনি ভাগত
৭. উল্লিখিত সমগ্ৰ স্থাপত্য ৰাজিৰ ভিতৰত বিশ্ববন্দিত তাজমহলক কি বুলি ক’ব পাৰি?
(ক) মধ্যমণি
(খ) ৱেচৰ শৈলী
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) মধ্যমণি
৮. আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত কোনে যোগসূত্ৰ নামৰ গ্ৰন্থখন সংকলন কৰিছিল?
(ক) চানক্য পণ্ডিতে
(খ) দ্ৰাবিড়সকলে
(গ) মহৰ্ষি পতঞ্জলিয়ে
Answer: (গ) মহৰ্ষি পতঞ্জলিয়ে
৯. যোগবিদ্যাৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত ৰাষ্ট্ৰসংঘই কোনটো তাৰিখ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে?
(ক) ১ জুন তাৰিখে
(খ) ১২ জুন তাৰিখে
(গ) ২১ জুন তাৰিখে
Answer: (গ) ২১ জুন তাৰিখে
১০. মেঘালয়ৰ খাছীয়া লোকসকল কি গোষ্ঠীৰ লোক?
(ক) অষ্ট্ৰিক গোষ্ঠীৰ
(খ) নৃ-গোষ্ঠীৰ
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) অষ্ট্ৰিক গোষ্ঠীৰ
১১. মিজো শব্দৰ অৰ্থ কি?
(ক) ‘পাহাৰৰ বাসিন্দা’
(খ) মাতৃতান্ত্ৰিক
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) ‘পাহাৰৰ বাসিন্দা’
১২. উত্তৰ ভাৰতৰ ভাষাসমূহৰ ভিতৰত সবাতোতকৈ আগত কি ভাষাত মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল?
(ক) অসমীয়া ভাষাত
(খ) পাৰ্চী ভাষাত
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) অসমীয়া ভাষাত
১৩. মন্দিৰবোৰত সাধাৰণতে কেইটা অংশ দেশা যায়?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
Answer: (খ) দুটা
১৪. তলাতল ঘৰটো কোনে নিৰ্মাণ আৰম্ভ কৰিছিল?
(ক) স্বৰ্গদেৱ ৰুদ্ৰসিংহই
(খ) শিৱ সিংহই
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) স্বৰ্গদেৱ ৰুদ্ৰসিংহই
১৫. বিহু কেইটা?
(ক) ২ টা
(খ) ৩ টা
(গ) ৪ টা
Answer: (খ) ৩ টা
১৬. উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ কি বিহু পাতে?
(ক) মুকলি বিহু
(খ) জেং বিহু
(গ) ইয়াৰে এটাও নহয়।
Answer: (খ) জেং বিহু
১৭. বহাগ বিহুক আন কি নামেৰে জনা যায়?
(ক) কঙালী বিহু
(খ) ৰঙালী বিহু
(গ) ভোগালী বিহু
Answer: (খ) ৰঙালী বিহু
১৮. অসমৰ জাতীয় উৎসৱ কি?
(ক) ঈদ
(খ) বিহু
(গ) ইয়াৰে এটাও নহয়।
Answer: (খ) বিহু
১৯. কিমান চন মানত সিন্ধু সভ্যতাৰ পতন হৈছিল?
(ক) ১৪০০ চনত
(খ) ১৩০০ চনত
(গ) ১৫০০ চনত
Answer: (গ) ১৫০০ চনত
২০. মাঘ বিহুক আন কি নামেৰে জনা যায়?
(ক) ভোগালী বিহু
(খ) কঙালী বিহু
(গ) ইয়াৰে এটাও নহয়।
Answer: (ক) ভোগালী বিহু