সংহতি (Sets)
অধ্য়ায়-1
অনুশীলনী -1
1. সংহতি বুজোৱা 5 টা ভিন্ন সংগ্ৰহ উদাহৰণ দিয়া ।
2. সংহতি নুবুজোৱা 5 টা ভিন্ন সংগ্ৰহ উদাহৰণ দিয়া।
3. A = {p, q, r, s, t, u, v} হ’লে ∈ বা ∉ চিনৰ উপযুক্ত চিনেৰে খালী ঠাই পূৰ কৰা:
i) a__________A ii) p __________ A iii) x __________ A iv) r _________ A v) l _________ A
vi)0_________ A vii) s _________ A viii) u _________ A ix) w _________ A x ) t _________ A
4. সত্য়নে অসত্য় লিখা :
i) 0 ∈ N ii) 0 ∈ R iii) -1 ∈ Z iv) v)
vi) vii) π ∈ Q viii) ix) 4 ∈ N x) -5 ∈ W
5. তলৰ সংহতিকেইটা তালিকাকৰণ পদ্ধতিত লিখা :
i) অসমীয়া মাহকেইটাৰ সংহতি। ii) {x। x এটা মৌলিক সংখ্য়া, x < 50}
iii) {y : y, 35ৰ এটা উৎপাদক} iv) 2 ৰ গুণিতকবোৰৰ সংহতি।
v) ‘ ASSAMESE’ শব্দটোত থকা বৰ্ণবোৰৰ সংহতি।
6. তলৰ সংহতিবোৰ সংজ্ঞাবদ্ধ পদ্ধতিত লিখা।
i) {1, 3, 5, 7, 9, 11, …… , 99 }
ii) { a, b, c, …….. , x, y, z }
iii) { জানুৱাৰী, ফ্ৰেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিছেম্বৰ }
iv) {12, 24, 36, 48, 60 }
v) {F, L, O, W }
7. পাঁচটা সসীম সংহতিৰ উদাহৰণ দিয়া।
8. পাঁচটা অসীম সংহতিৰ উদাহৰণ দিয়া।
9. তলৰ সংহতিবোৰৰ কোনটো সসীম সংহতি আৰু কোনটো অসীম সংহতি লিখা।
i) A = {x । x ∈ N, x ≤ 500} ii) B = { x । x ∈ R, l ≤ x < 2 }
iii) C = {y । y ∈ Z, 3 < y <4 } iv) D = {a, b, c, ……….., x, y, z }
v) E = {1, 5, 25, 125,…………..} vi) F = পৃথিৱীত থকা হাতীবোৰৰ সংহতি।
vii) G = { x : x – 4 = 3, x ∈ Z } viii) H = এটা বৃত্তৰ ব্য়াস সংহতি।
ix) I = এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা ৰেখাবোৰৰ সংহতি।
x) J = এডাল ৰেখাখণ্ডৰ ওপৰত থকা বিন্দুবোৰৰ সংহতি
10. ৰিক্ত সংহতিৰ পাঁচটা উদাহৰণ দিয়া।
11. একক সংহতিৰ পাঁচটা উদাহৰণ দিয়া।
12. তলৰ সংহতিবোৰৰ কোনটো ৰিক্ত সংহতি আৰু কোনটো একক সংহতি লিখা।
a) K = {y :Y2 -4 = 0, y ∈ N } b) L = 2020 বৰ্ষলৈ ভাৰতবৰ্ষ মহিলা ৰাষ্ট্ৰপতিৰ সংহতি।
c) M = { x : x ∈ Z, 0 < x < 1 }
d) O = { x । 2x – 3 = 0, x ∈ Q }
e) P = {x । 5x – 4 = 0, x ∈ N }
f) S = 5 ৰ মৌলিক উৎপাদকবোৰৰ সংহতি।
g) T = 2 আৰু 3 ৰ মাজত থকা স্ৱাভাৱিক সংখ্য়াবোৰৰ সংহতি।
h) U = { x : x এটা 12 ৰ অযুগ্ম মৌলিক উৎপাদকঞ
i) V = { y : y ∈ W, y < 0 }
j) W = {x : x এটা পূৰ্ণ বৰ্গ সংখ্য়, 4 < x < 9 }
13. তলৰ উক্তিবোৰ শুদ্ধনে অশুদ্ধ লিখা।
a) ( a, b) = {x। x ∈ N , a < x < b } b) (x, y) = {a । a ∈ R, x ≤ a ≤ y}
c) [ p, p] = {y । y ∈ Z, p ≤ y ≤ q} d) [a, b) = {x । x ∈ R, a ≤ x < b}
e) (a, b] = {y । y ∈ R, a ≤х y ≤ b} f) -3 ∈ [-3, 4)
g) 1.5 ∈ [1, 2] h) 7 ∈ [5, 7)
i) 10 ∉ [10, 20) j) 5 ∉ (1, 5)
14. তলৰ সংহতিবোৰৰ মাত্ৰা নিৰ্ণয় কৰা:
a) A = {x : x = Y2 , y ∈ N, y ≤ 5} b) B = {5, 10, 15, ………., 100}
c) C = {y : y ∈ Z, -1 < y < 0} d) D = {x : x = 6y, y ∈ N, x < 100}
e) E = {1, 4, 9, 16, …………., 100} f) F = {2, 3, 5, 7, 11, …………, 97}
Type – Rajashree Bora
Post ID: DABP001728