প্ৰথম অধ্য়ায়
ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন
Short Question Answer:
১। প্ৰাচীন কালত ভাৰতবৰ্ষৰ সৈতে কোন কোন দেশৰ যোগাযোগ আছিল ?
উত্তৰঃ প্ৰাচীন কালত ভাৰতবৰ্ষৰ সৈতে গ্ৰীচ, ৰোম, ইউৰোপীয় দেশৰ যোগাযোগ আছিল ।
২। কিমান শতিকাৰলৈ এই যোগাযোগ বৰ্তি আছিল ?
উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষলৈকে এই যোগাযোগ বৰ্তি আছিল ।
৩। নতুন পথৰ সন্ধানৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা কোনে লৈছিল ?
উত্তৰঃ পৰ্টুগীজসকলে ।
৪। ১৪৮৭ খ্ৰীষ্টাব্দত আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপত উপস্থিত হোৱা পৰ্টুগীজ নাৱিকজন কোন ?
উত্তৰঃ বাৰ্থ’ল’ মিউ ডিয়াজ ।
৫। ভাৰত আৰু পাশ্চাত্য়ৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন ?
উত্তৰঃ ভাস্ক’-ডা-গামা ।
৬। তেওঁ পোন প্ৰথম ক’ত উপস্থিত হৈছিল ?
উত্তৰঃ কালিকট বন্দৰত ।
৭। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থৱান হোৱা ইংৰাজী নাৱিকজন কোন ?
উত্তৰঃ ফান্সিছ ড্ৰেক ।
৮। ১৫৮২ খ্ৰীষ্টাব্দত ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই অনা নাৱিক জন কোন ?
উত্তৰঃ Ralph Fitch ।
৯। ভাৰত ভূমিত পোন প্ৰথমবাৰৰ বাবে অনুমতি লৈ কোনজন ইংৰাজ নাৱিকে প্ৰৱেশ কৰিছিল ?
উত্তৰঃ জন মিলডেন হল (John Mildenhall) ।
১০। কিমান খ্ৰীষ্টাব্দত জন মিলডন হলে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল ?
উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত ।
১১। তেওঁ কাৰ পৰা অনুমতি লৈ ভাৰতত প্ৰৱেশ কৰিছিল ?
উত্তৰঃ ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা ।
১২। কিমান খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে বাণিজ্যক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল ?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত ।
১৩। এই প্ৰতিষ্ঠানটো নাম কি ?
উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ।
১৪। এই কোম্পানিটো ভাৰতবৰ্ষত উপস্থিত হোৱা আগেয়ে কোন কোন ঠাইৰ লগত ব্য়ৱসায় কৰিছিল ?
উত্তৰঃ সুমাত্ৰা, জাভা, মালাক্কা আদি ঠাইৰ লগত ।
১৫। কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্য় জাহাংগীৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছিল ?
উত্তৰঃ ১৬০৮ খ্ৰীষ্টাব্দত ।
১৬। এই আবেদন পত্ৰ কাৰ যোগেদি প্ৰেৰণ কৰিছিল ?
উত্তৰঃ কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি ।
১৭। ইংৰাজে প্ৰথম আগ্ৰাত কেতিয়া পদাৰ্পণ কৰিছিল ?
উত্তৰঃ ১৬০৯ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত ।
১৮। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে পুনৰ জাহাংগীৰলৈ ওচৰলৈ কাক প্ৰেৰণ কৰিছিল ?
উত্তৰঃ ছাৰ টমাচ ৰ’ক প্ৰেৰণ কৰিছিল ।
১৯। ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱা প্ৰথম আৰু প্ৰধান উদ্দেশ্য় কি ?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱা প্ৰথম আৰু প্ৰধান উদ্দেশ্য় আছিল বেহা-বেপাৰ কৰা ।
২০। কিমান খ্ৰীষ্টাব্দত মছলিপট্টমত এটা বাণিজ্য় কেন্দ্ৰ স্থাপন কৰিছিল ?
উত্তৰঃ ১৬১১ খ্ৰীষ্টাব্দত ।
২১। কিমান খ্ৰীষ্টাব্দত আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য় কেন্দ্ৰ মুকলি কৰিছিল ?
উত্তৰঃ ১৬৩৬ খ্ৰীষ্টাব্দত ।
২২। আৰমাগাঁৱৰ বাণিজ্য় কেন্দ্ৰটো নাম কি দিয়া হৈছিল ?
উত্তৰঃ ফৰ্ট ছেণ্ট জৰ্জ ।
২৩। কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বিয়া কৰাইছিল ?
উত্তৰঃ ১৬৬১ খ্ৰীষ্টাব্দত ।
২৪। তেওঁ কাক বিয়া কৰাইছিল ?
উত্তৰঃ পৰ্টুগীজ ৰাজকন্য়া কেথৰিনক ।
২৫। যৌতুক হিচাপে কি লাভ কৰিছিল ?
উত্তৰঃ বোম্বাই ( মুম্বাই ) চহৰ ।
২৭। কলিকতাৰ বাণিজ্য় কেন্দ্ৰটো নাম কি ?
উত্তৰঃ ফৰ্ট উইলিয়াম ।
২৮। কোন তিনিখন ঠাইৰ সমষ্টি কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল ?
উত্তৰঃ কালী ঘাটা, সুতানুটি আৰু গোবিন্দপুৰ ।
২৯। ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য়ৰ লাইখুঁটা কোনে স্থাপন কৰিছিল ।
উত্তৰঃ ৰবাৰ্ট ক্লাইৱে ।
৩০। কাৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানি ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল ।
উত্তৰঃ ওৱাৰেণ হেষ্টিঁংছৰ কাৰ্যকালত ।
৩১। প্ৰেছিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক কি নামেৰে জনা গৈছিল ?
উত্তৰঃ প্ৰেছিডেন্সি নামেৰে জনা গৈছিল ।
৩২। ভাৰতত দুইখলপীয়া চৰকাৰ কোনে সৃষ্টি কৰিছিল ?
উত্তৰঃ ১৭৮৪ খ্ৰীষ্টাব্দত পিটৰ ভাৰত আইনে ভাৰতত দুই খলপীয়া চৰকাৰৰ সৃষ্টি কৰিছিল ।
৩৩। কেতিয়া চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল ?
উত্তৰঃ ১৮৫৭ খ্ৰীষ্টাব্দৰ ২৯ মাৰ্চ তাৰিখে ।
৩৪। কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কেতিয়া আঁতৰাই দিয়া হৈছিল ?
উত্তৰঃ ১৮৩৫ খ্ৰীষ্টাব্দত ।
৩৫। বৃটিছ সংসদে ‘ভাৰত চৰকাৰ আইন’ কেতিয়া প্ৰণয়ণ কৰিছিল ?
উত্তৰঃ ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ।
৩৬। কিমান খ্ৰীষ্টাব্দত ‘বংগ ৰাজহ’ নামৰ আইন প্ৰণয়ণ কৰিছিল ?
উত্তৰঃ ১৮৫৯ খ্ৰীষ্টাব্দত ।
৩৭। ব্ৰিটিছ সংসদে ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া প্ৰণয়ণ কৰিছিল ?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ।
৩৮। ভাৰতীয় পৰিষদ আইনখনৰ উদ্দেশ্য় কি আছিল ?
উত্তৰঃ ভাৰতীয় পৰিষদ আইনখনৰ উদ্দেশ্য় আছিল আধুনিক প্ৰশাসন ব্য়ৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া ।
৩৯। ভাৰতবৰ্ষত স্বায়ত্ব শাসনৰ ভেঁটিটো কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰঃ লৰ্ড ৰিপণে ।
৪০। কিমান খ্ৰীষ্টাব্দত চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল ?
উত্তৰঃ ১৮৫৩ খ্ৰীষ্টাব্দত ।
৪১। অসমৰ প্ৰথম লোকসেৱা ( আই চি এছ ) পদবী কোনে লাভ কৰিছিল ?
উত্তৰঃ আনন্দৰাম বৰুৱা ।
৪২। ভাৰতৰ প্ৰথম লোকসেৱা ( আই চি এছ ) পদবী কোনে লাভ কৰিছিল ?
উত্তৰঃ সত্য়েন্দ্ৰনাথ ঠাকুৰ ।
৪৩। পাব্লিক ছাৰ্ভিচ কমিছন কোনে গঠন কৰিছিল ?
উত্তৰঃ লৰ্ড ডাফৰিনে ।
৪৪। কাৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰে ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল ?
উত্তৰঃ লৰ্ড ইচলিংটনৰ নেতৃত্বত ।
৪৫। কিমান খ্ৰীষ্টাব্দত লী আয়োগ গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯২৩ খ্ৰীষ্টাব্দত ।