বুৰঞ্জীৰ দৌৰাত্ম্য
H.S. পৰীক্ষাত অহা প্রশ্ন
(ক) অতি চমু প্রশ্নঃ মূল্যাংক : ১
১। ‘নিবোকা চামোন‘ শব্দৰ অৰ্থ কি?[HS ‘07, ‘09, ‘11]
২। ‘কদমকলি‘ কবিতা পুথিখন কোনে ৰচনা কৰিছিল ? [HS ‘08]
৩। ‘ন্যায় দৰ্শনৰ প্ৰণেতা কোন? [HS ‘08, ‘17]
৪। ‘বুৰঞ্জী‘ কোন ভাষাৰ পৰা অহা শব্দ ? [HS ‘09, 13, 15]
৫। ‘লেমটো‘ শব্দৰ অৰ্থ কি? [HS ‘10, ‘12]
৬। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ।[HS ‘12]
৭। বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি? [HS’14]
৮। ‘লেমটৌ‘ কি? [HS ‘16]
৯। ‘বুৰঞ্জী‘ শব্দৰ অৰ্থ কি? [HS’16]
(খ) চমু প্রশ্ন : মূল্যাংক : ২/৩/৪
১। চমু টোকা লিখা :
চৌষষ্ঠি কলা, বুৰঞ্জী। [HS ‘07, ‘13]
ভৱিষ্য পুৰাণ । [HS ‘08]
ষড়দর্শন [HS ‘07, ‘09, ‘11]
জ্যোতির্বিদ্যা [HS ‘09]
বেদ [HS ‘10, ‘13, 15, 17, 18]
কাশীনাথ ফুকন [HS ‘11]
হৰকান্ত সদামিন [HS ‘12,’16]
ন্যায় [HS ‘14]
আয়ুর্বেদ [HS ‘14]
কল্পতৰু [HS ‘13,’16]
২।‘পুৰাণ‘ কাক বোলে? ‘পুৰাণ’ৰ কি কি পাঁচোটা লক্ষণ আছে লিখা। [HS ‘09]
৩। ‘আয়ুর্বেদ’ কি বিষয়ক শাস্ত্ৰ ? তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম লিখাঁ। [HS 10, 12]
৪। ‘অসমীয়া বুৰঞ্জী নিশ্চয় আহোমসকলৰ দান।‘— আলোচনা কৰা । [HS’13,’18]
(গ) ৰচনাধৰ্মী প্রশ্নঃ মূল্যাংক : ৫
১। প্রাচীন ভাৰতীয় ঋষি-মুনি পণ্ডিতসকলে কেনে ধৰণৰ গ্ৰন্থ লিখি থৈ গৈছে, বুৰঞ্জীৰ দৌৰাত্ম্য‘ পাঠৰ আধাৰত আলোচনা কৰা । [HS ‘08]
২।“মুঠতে কওঁ, আগৰকলীয়া জ্ঞানীসকলে আমাক যিহকে লাগে তাকে দি গৈছিল” — ‘বুৰঞ্জীৰ দৌৰাত্ম্য‘ পাঠৰ আধাৰত কথাষাৰ বিশ্লেষণ কৰা। [HS ‘10]
৩। সাধাৰণতঃ পুৰাণৰ লক্ষণ পাঁচোটা। শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা।‘ সাধাৰণতে পোৱা পুৰাণৰ পাঁচোটা লক্ষণ কি কি? শ্ৰীমদ্ভাগৱত পুৰাণত পুৰাণৰ কি কি দহোটা লক্ষণৰ উল্লেখ আছে? [HS ‘11]
৪। ‘বুৰঞ্জী‘ শব্দৰ অৰ্থ কি? বেজবৰুৱাই অসমীয়া বুৰঞ্জী কাৰ দান বুলি কৈছে? বুৰঞ্জী লেখিবলৈ গৈ অনেকে অজ্ঞাতসাৰে অসত্য কথাটো লিপিবদ্ধ কৰাৰ কাৰণ কি ? —- “বুৰঞ্জীৰ দৌৰাত্ম্য‘ পাঠটিৰ আধাৰত চমুকৈ লিখা।[HS’12]
৫। অসমীয়া সাহিত্যলৈ বুৰঞ্জী কোন জনগোষ্ঠীৰ দান ? বুৰঞ্জী লেখিবলৈ গৈ বহুতে কিদৰে ভুল কৰে? ‘বুৰঞ্জীৰ দৌৰাত্ম্য‘ নামৰ পাঠটিৰ আধাৰত আলোচনা কৰা। [HS’17]
৬। “ বুৰঞ্জীৰ দৌৰাত্ম্য‘ নামৰ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা ।[HS’15]
৭। অতীতত ভাৰতবৰ্ষৰ আর্য ঋষি মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ ভাষাত লিখা । [HS ‘16]
Type: Himashree Bora.