কাঞ্জনজঙ্ঘাৰ বুৰঞ্জী
H.S. পৰীক্ষাত অহা প্রশ্ন
(ক) অতি চমু প্রশ্নঃ মূল্যাংক : ১
১। “শৈলজা পয়োধৰা
পিযুষ সলিলা
সুধনী গঙ্গা।”
—ইয়াত ‘শৈলজা‘ শব্দই কাক বুজাইছে? [HS ‘09]
২। ‘জয়মতী‘ কথাছবি কিমান চনত নিৰ্মাণ কৰা হৈছিল? [HS ‘12]
৩। ‘ইন্দ্ৰমালতী‘ কথাছবিৰ নিৰ্মাতা কোন? [HS ‘13]
৪। জ্যোতিপ্ৰসাদৰ জন্ম কিমান চনত হৈছিল ? [HS’18]
(খ) চমু প্রশ্ন: মূল্যাংক: ২/৩/৪
১। “প্ৰকৃতিৰ অভিনয় মানপী পুতলা
আহিল, উঠিল গ‘ল
পাতি পাতি বিচিত্র মেলা,
– ‘মানুহক প্ৰকৃতিৰ অভিনয় পুতলা‘ বুলি কিয় কৈছে, লিখা । [HS ‘13,15,’18]
২। ‘অহৰহ আছে বৈ
সুধনী গঙ্গা।
ময়ো উদাসী আছোঁ
কাঞ্চনজঙ্ঘা।‘
—কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা । [HS ‘08]
৩। “ ভাৰতবৰ্ষ
দেখি-শুনি জাগে মোৰ
বিষাদতে হর্ষ।‘
– কবিতাফাঁকিৰ তাৎপৰ্য ফঁহিয়াই দেখুওঁৱা। [HS 10]
৪। “মই কাঞ্চনজংঘা
তুষাৰ শুভ্ৰ শিৰ
ময়ে অভ্রভেদী বীৰ,
ইয়াত কাঞ্চনজংঘাত কাৰ গুণ আৰোপ কৰা হৈছে আৰু কিয় আৰোপ কৰা হৈছে? [HS ‘16]
৫। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এইখন কোনে নিৰ্মাণ কৰিছিল? [HS ‘16]
(গ) ৰচনাধৰ্মী প্রশ্ন : মূল্যাংক : ৫
১। প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
(ক) অতীতৰো অতীতৰ
যি মহা অতীতে
বর্তমান ভেদি
ভৱিষ্যতলৈ যায়,
মোৰে জুহালতে বহি
বুৰঞ্জীৰ পাত লুটিয়াই…..।‘ [HS ‘07]
(খ) ৰূপান্তৰেদি আহি
বৰণ সলাই হাঁহি
মানপীয়ে নাচে এই ভাৰতৰ মঞ্চত। [HS ‘11]
২। ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী‘ কবিতাটিত কবিয়ে প্রাচীন আৰু নতুন ভাৰতৰ ছবি কেনেদৰে অংকন কৰিছে, বুজাই লিখা ৷ [HS ‘09]
Type: Himashree Bora.