কৰুণতম
H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতাপুথিখনৰ নাম কি ? [HS ‘12,14,’17]
২। ডঃ নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ
অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে ? [HS ‘13]
৩। কোনখন গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে ? [HS ‘15]
8 ‘কৰুণতম’নামক কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে? [HS ‘16,’18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। ‘কৰুণতম’ কবিতাটিত অসমৰ গ্ৰাম্যজীৱনৰ ছবি কেনেদৰে প্ৰকাশ পাইছে? [HS ‘13]
২। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা ৷ [HS ‘14,’15]
৩। আহিনৰ গোন্ধত কবিয়ে কাক পোৱা যেন অনুভৱ হয় ? [HS ‘14]
৪। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা । [HS ‘16,’18]
৫। আহিনৰ গোন্ধ পালে পিতৃক আৰু দোকানৰ গামোছাৰ সুবাসত মাতৃক কবিয়ে কেনেদৰে পায়, বুজাই লিখা ৷ [HS ‘16]
৬। আহিনৰ পথাৰৰ গোন্ধত কবিয়ে কাক কেনেভাৱে পোৱা যেন অনুভৱ কৰে ? [HS ‘17]
৭। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) মই মোক
মোৰ সন্তানৰ কাৰণে
ক’ত থৈ যাম
ক’ত ? [HS ‘18]
Type: Himashree Bora.