বিশ্বখনিকৰ
H.S. পৰীক্ষাত অহা প্রশ্নসমূহ
(ক) অতি চমু প্রশ্নাৱলী : মূল্যাংক : ১
১। মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতাপুথি এখনৰ নাম লিখা । [HS ‘08]
২। অসম সাহিত্য সভাৰ দ্বাদশ গোলাঘাট অধিবেশনৰ সভাপতি কোন আছিল ? [HS ‘09,’11]
৩। ‘তত্ত্ব-পাৰিজাত’ পুথিৰ ৰচক কোন ? [HS ‘10]
৪। ‘তেওঁৰেহে মহিমাৰ [HS ‘13]
নাই কোনো ওৰপাৰ ‘
— ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে?
৫। মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাবে প্রকাশিত কাব্যগ্ৰন্থখনিৰ নাম কি ? [HS ‘14]
৬। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্রকাশ ঘটিছে। [HS ‘15]
৭। ‘বিশ্বখনিকৰ’ কবিতাটিত বিশ্বখনিকৰ বুলি কাক কোৱা হৈছে ? [HS ‘16]
৮। ‘জ্ঞানমালিনীৰ কবি কোন ? [HS ‘18]
(খ) চমু প্রশ্নাৱলী : মূল্যাংক : ২/৩
১। ‘সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেওঁ,
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।’
– এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাব প্রকাশ কৰিব বিচাৰিছে চমুকৈ লিখা । [HS ’07, ’13]
২। মফিজুদ্দিন আহমদ হাজৰিকাৰ কাব্যকৃতিৰ বিষয়ে চমুকৈ লিখা । [HS ’09,’11]
৩। ত্রিলোক বুলিলে কি বুজা যায় ? [HS’12,14]
৪। ‘বিশ্ব খনিকৰ‘ কবিতাটিত উল্লেখ থকা তিনিটা গুণ কি কি? [HS ’13]
৫। পৰমেশ্বৰৰ তিনিটা গুণ কি কি? [HS ’14]
৬। বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায় ? [HS ’16, ’17]
৭। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।[HS ’18]
(গ) ৰচনাধৰ্মী প্ৰশ্নাৱলী: মূল্যাংক: ৪/৫
১। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱ লিখা। [HS ’09]
২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঁ :
(ক) তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ
তেৱেঁ ধনী, তেৱেঁ ধন-
গোমোস্তা ও মহাজন; [HS ’09]
(খ) চাওঁ যদি ইপিনেদি [HS ’10]
আহাহু কেনে বুকু ভেদি
মৰমেৰে বৰষিছে দয়া বৰষুণ। ‘
(গ) ‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।।’ [HS ’11]
(ঘ) নিশ্চয় নিশ্চয় তেৱেঁ
(দেখা নায়ো যদি কেৱেঁ)
অন্তর্যামী সর্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ
সর্বব্যাপী সর্ব শক্তিমান ।। [HS ’12, ’17]
(ঙ) সত্ত্বঃ ৰজঃ তমো গুণ
সকলোতে নিৰগুণ
বোলে হু বিশ্বগিৰি সেই মহাজন ।[HS ’15]
(চ) তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰি
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।[HS ’18]
Type : Himashree Bora.