যুগমীয়া শৰাইঘাট
1/ অতীতৰ শৰাইঘাটৰ সমস্য়াবোৰ কেনে ধৰনৰ আৰু এতিয়াৰ সমস্য়াবোৰ কেনেধৰনৰ ?
উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্য়াবোৰ হ’ল সামৰিক আৰু এতিয়া সমস্য়াবোৰ হ’ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্য়িক।
2/ অসমত বছৰি কি কি দুৰ্যোগ হ’য় ?
উত্তৰঃ বানপানীৰ দুৰ্যোগ, খৰাংবতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকঁপ, ওচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন আদি।
3/ অসম মাৰিবলৈ কোনে কাক পঠালে ?
উত্তৰঃ ঔৰংজেৱ বাদছাহে ৰাজপুত ৰজা ৰামসিংহক পঠালে।
4/ কথাৰ যুদ্ধৰে বলে নোৱাৰি কোনে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰিলে ?
উত্তৰঃ কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰিলে।
5/ জ্বৰৰ গাৰে কোনে নাও মেলি দিলে ?
উত্তৰঃ জ্বৰৰ গাৰে লাচিতে নাও মেলি দিলে।
6/ লাচিতে কি পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছে ?
উত্তৰঃ লাচিতে চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছে।
7/ শৰাইঘাটৰ যুঁজত কোন পৰাজিত হ’ল ?
উত্তৰঃ শৰাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ’ল।
8/ লাচিতৰ অধীনত কিমান লক্ষ সৈন্য় আছিল ?
উত্তৰঃ লাচিতৰ অধীনত এক লক্ষ সৈন্য় আছিল।
9/ কটকী ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি ঘনে ঘনে কালৈ চাইছিল ?
উত্তৰঃ কটকী ৰামচৰণে কাঠৰ চৰাইৰ নাচ দেখি ঘনে ঘনে আচহুৱা চৰাইটোলৈ চাইছিল।
10/ অসমৰ নিয়মমতে মানুহ কটাৰ আজ্ঞা কোনে দিব পাৰিছিল ?
উত্তৰঃ অসমৰ নিয়মমতে মানুহ কটাৰ আজ্ঞা স্বৰ্গদেৱেহে দিব পাৰিছিল।
11/ “অসমৰ উকীল, কি লাগে খোজ, মই দিওঁ। কোনে কাৰ হেঁপাহ দেখি সুধিলে ?
উত্তৰঃ ৰামসিংহই কটকীৰ হেঁপাহ দেখি সুধিলে।
12/ ৰামসিংহ কোন আছিল ?
উত্তৰঃ ৰামসিংহ মোগলৰ সেনাপতি আছিল।
13/ তেওঁ কিয় অসমলৈ আহিছিল ?
উত্তৰঃ অসম আক্ৰমণ কৰিবলৈ আহিছিল।
14/ শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ আহোম আৰু মোগলৰ মাজত শৰাইঘাৰ ৰণ হৈছিল।
15/ মোগলে নাঁওৰে সৈতে ধৰি ৰখা শৰাইঘাটৰ সেনাপতিজনৰ নাম কি ?
উত্তৰঃ কোৱামৃদ্ধ হাজৰিকা।
16/ লাচিতে অসমীয়া সৈন্য়বল বুজোৱাৰ উদ্দেশ্য়ে ৰাম সিংহলৈ কি পঠিয়াইছিল ?
উত্তৰঃ এচুঙা বালি পঠিআইছি।
17/ অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল নে নাই ?
উত্তৰঃ অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰসংশা কৰিছিল।
18/ মোগলক তুৰন্তে ধৰিবলে কোনে আদেশ দিলে ?
উত্তৰঃ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আদেশ দিলে।
19/