মনতনো আজি কিহৰে নাচোন
উলাহে নধৰে হিয়া দেখোন
তোৰে পৰশত আজি নামে সপোন
গুণ গুণ গানেৰে নতুন নতুন
ু্ৰণৰে সখা মোৰ ঘবৰি আহিলি
ঘূৰাই আনিলি, মোৰ চকুৰে ঘুমতি
মনতে…।
পুৰণি কথাৰে মন নিচুকাই
তোৰে মোৰে মৰমকে ৰাখিম জীয়াই
আজি যেন পাহৰিম সকলো দুখ মোৰ
মিলি যাম তোৰ চেনেহ পাই
হাঁহি ধেমালিৰে গ’ল কতলা ৰাতি
বুজা-নুবিজাকে ৰ’ল কত যে ছবি
তথাপি নুনুমাই মৰম চাকি
জ্বলি ৰয় তিৰ্বিৰ হিদয় ঢাকি।
খিৰিকীৰ সিপাৰে আছে ৰৈ আমালৈ
পৃথিৱীৰ যত সপোন
চকুৰে টিপতে পৃথিৱী আমাৰে
আজি বুকুৰে আপোন
মনতে…।
হাতে হাত ধৰি আহিলো ওলাই
দুবাহুৰ শকতিৰে জিকিম সদায়
লাগে মাথোণ মনৰে মিলন
খোজে খোজে এটি এটি ক্ষণ
দুচকুতে চিক্মিক হাঁহি জিলিকাই
সুখৰে পঁজাতে পোহৰে সজায়
কৰি লওঁ আজি পণ একে হোৱাৰ
জীৱনে মৰণে এক্ থকাৰ
শান্তিৰ নিজৰা বৈ বৈ বাগৰে
আমাৰে মনৰ মাজত
ৰচে মিলনৰে সঁচা এনাজৰী
বান্ধে প্ৰাণৰে প্ৰাণত।
মনতে…।