বৰষা যেতিয়া নামে বুকুলে
এনে লাগে যেন সেয়া তুমিয়েই
সুৰে সুৰে দেহ-মন নাচিলে
এনে লাগে যেন তাতো কুমিয়েই
তুমিয়েই ৰচি আছা সুৰৰে এনাজৰী
মায়াৱী কবিতাটো তুমিয়েই।
বৰষা…
জোনাকী দেশৰে সাধুকথা, পালোঁ তোমাৰে ওঁঠতে
মায়াবী চাৱনিৰে বহু বেথা পাহৰালা আজি তুমিয়ে
কিদৰে পাৰ হ’ম সীমাৰ সিপাৰ
তোমাক এবাৰ চুবলে
দেহে-মনে পাবলে
ল’বলে তোমাক এবাৰ বুকুতে
আকি যেমন নভৰে
বৰষা…
কেতিয়াবা কিয় বহু দূৰ, কেতিয়াবা কিয় বহু কাষ
কেতিয়াবা কিয় বহু পথ, কেতিয়াবা তুমি মাথোঁ দুহাত
নিজৰে মাজতে তোমাকে বিচাৰি
পাওঁ মাথোঁ শুদা হাত
অচিনাকি পৃথিৱীত নাপালো বিচাৰি সঁচা মন
তুমিহে সঁচা মন
বৰষা…।