নাহৰেৰে কুমলীয়া পাতে সৰুমাই
তই ৱবাৰু মোৰে কথা বুজিছনে নাই
ঘনে ঘনে তোলৈ ঘনে ঘনে তোলৈ
কিয় মোৰে চকু যায়
ঘনে ঘনে তোলৈ কিয় মোৰে চকু যায়
নাহৰৰে…
দোভাগ ৰাতি কোনে বাৰু সুহুৰি বজায়
চাওঁ বুলি যদিও তই দুৱাৰ খোলা নাই
বুকুৰ মাজত জান ঐ বুকুৰ মাজত
জানো কিবা কিবি লগা নাই
বুকুৰ মাজত জানো কিবা কিবি লগা নাই
দোভাগ ৰাতি…
নাহৰৰে কুমলীয়া পাতে সৰুমাই।
পুৱতি নিশাৰে সপোন হেনো ফলিয়াই
সপোনত তোক মনৰ কথা ক’লে কেতিয়াবাই
আজিও চোন জান ঐ মোৰ সপোন
আজিও কিয়না নফলিয়ায়
মোৰ সপোন আজিও কিয়বা নফলিয়ায়
পুৱতি নিশাৰে…
আনৰ আগত মোৰে কথা পাতিছনে নাই
আনে বেয়া বুলি ক’লে দুখ লাগেনে নাই
সঁচাকৈ তোৰ মোলৈ
মৰম আছেনে নাই মই ধৰবি পৰা নাই
মৰম আছেনে নাই মই ধৰিব পৰা নাই
আনৰ আগত…।