বান্ধৈ ঐ হুৱা-দুৱা লাগিলে
তেওঁ ইটো মূৰত মই সিটো মূৰত
প্ৰেম শৰে বুকু বিন্ধিলে
বান্ধৈ ঐ কি ক’মনো তহঁতক
মেৰিয়াই মেৰিয়াই বান্ধিলে আহি তেওঁ
পিৰিটিই পঘাৰে মোক।
সপোন বুৰোৱা নয়ন
হাঁহিৰে উপচা প্ৰাণ
সুখে উজলোৱা জোন
জীৱনে আনি দিব।
বাগৰে কটোৱা দেহা তেওঁৰ কোলাতে শুব
অনুৰাগী কথাৰে মোৰ বুকু জুৰাব।
আশাবোৰ উৰি উৰি
সময়ৰে স’তে মিলি
মনে বিচৰা ৰঙেৰে
ৰামধেনু আঁকিব।
খোজত প্ৰিয়াৰে খোজ
লাজতে প্ৰিয়াৰ লাজ
সখিয়তি সময়ো কাষৰতে ৰয়।।