নিদিয়া নিদিয়া নিদিয়া
কিয়নো নিদিয়া নিদিয়া
বুকুৰে মাজতে দুখন কলিজা
কিয়নো নিদিয়া তুমি
ডিঙিলৈকে দুখ, সুখ কেতিয়া
ক’ব নোখোজে তুমি
আঁজুৰি নিয়া মোহাৰি দিয়া
হাঁহিব নোৱাৰোঁ তাকো চুৰ কৰি নিয়া।
তুমি দিয়া কিনো দিয়া
দুখকে ঢালি দিয়া
তুমি নিয়া, মাথোঁ নিয়া
সুখকে কাঢ়ি নিয়া
ক’লা ক’লা তোমাৰে হিয়া
গৰল উজাৰি আমাকে দিয়া
কিয় বলিয়া এই দুনীয়া
পাবলৈ তোমাকে খন্তেকীয়া
হাঁহিব নোৱাৰোঁ…।
দুহাততে একা-বেকাঁ ৰেখা আঁকি দিয়া
কপালৰে দীঘলীয়া ৰেখা মচি নিয়া
মন গ’ল কৰি দিয়া কাৰোবাক ৰুগীয়া
যুঁজিলে তোমাৰ স’তে প্ৰাণ মাৰি নিয়া
নাহিবা কাষলে তুমি
ক’লা ক’লা তোমাৰে হিয়া
খেলাৰ পুতলা
হাঁহিব নোৱাৰোঁ…