(১) তলত দিয়া উদ্য়োগসমূহ অসমৰ ক’ত আছে লিখা—-
(ক) তেল শোধনাগাৰ থকা ঠাই।
উত্তৰঃ ডিগবৈ, নুমলীগড়, নুনমাটি।
(খ) কয়লা খনি থকা ঠাই।
উত্তৰঃ মাৰ্ঘেৰিটা।
(গ) জুইশলা কাৰখানা থকা ঠাই।
উত্তৰঃ ধুবুৰী।
(ঘ) কাগজ কল থকা ঠাই।
উত্তৰঃ জাগীৰোড।
(ঙ) তাপবিদ্য়ুৎ প্ৰকল্প থকা ঠাই।
উত্তৰঃ নামৰূপ, চন্দ্ৰপুৰ, চালাকাটি।
(২) অসমৰ প্ৰসিদ্ধ কুটীৰ শিল্পসমূহৰ নাম আৰু সেইবোৰ উৎপাদনৰ ঠাইৰ নাম লিখা।
উত্তৰঃ
কুটীৰ শিল্প | উতপাদিত সামগ্ৰী | ক’ত আছে |
বয়ন | পাট মুগা | শুৱালকুছি, ঢকুৱাখানা |
কাঁহ | কাঁহৰ বাচন-বৰ্তন | সৰ্থেবাৰী |
পিতল | পিতলৰ বাচন-বৰ্তন | হাজো |
মৃত | মাটিৰ সামগ্ৰী | আশাৰীকান্দি(ধুবুৰী), শালমৰা(মাজুলী), তিতাবৰ |
বাঁহ | বাঁহৰ তৈয়াৰী সামগ্ৰী | নলবাৰী |
বেত | বেতেৰে তৈয়াৰী সামগ্ৰী | শিলচৰ, গোলাঘাট |
পাটী | পাটী | কৰিমগঞ্জ |
গহনা | গহনা(অসমীয়া অলংকাৰ) | যোৰহাট, নগাঁও, বৰপেটা |
(৩) তলত উল্লেখ কৰা সামগ্ৰীবোৰ কোনবিধ কুটীৰ শিল্পৰ দ্ধাৰা উৎপাদিত লিখা।
গামোচা, গলপতা, থুৰীয়া, টেকেলী, কাঁহী-বাতি, বিচনী, নাও, ঢাৰি, জোনবিৰি, জাকৈ।
উত্তৰঃ কুটীৰ শিল্পৰ দ্বাৰা উৎপাদিত সমগ্ৰীবোৰ হ’ল – গলপতা, থুৰীয়া, কাঁহী-বাতি, বিচনী, ঢাৰি, জোনবিৰি, জাকৈ।
Autor By- Mayur Rani Kashyap