Chapter- 3
বাযু, ইয়াৰ উপাদান আৰু ধৰ্ম
১। বায়ুৰ পাতল আৱৰণে পৃথিৱীৰ চাৰিওফালে আগুৰি থকা আৱৰণটোক কি বোলে?
(ক) বতাহ
(খ) বাষ্প
(গ) বায়ুমণ্ডল
উত্তৰ- (গ) বায়ুমণ্ডল ।
২। বায়ু এবিধ কি?
(ক) ধূলিকণা
(খ) গেছীয় পদাৰ্থৰ মিশ্ৰণ
(গ) নিয়ৰ
উত্তৰ- (খ) গেছীয় পদাৰ্থৰ মিশ্ৰণ ।
৩। শুকান বায়ুত এশ ভাগৰ ভিতৰত প্ৰায় কিমান ভাগ নাইট্ৰ’জেন আছে?
(ক) ৭৮
(খ) ১০
(গ) ৯০
উত্তৰ- (ক) ৭৮ ।
৪। জলীয় বাষ্প চেচাঁ কৰিলে কি হয়?
(ক) জুলীয়া
(খ) ঠাণ্ডা
(গ) পানী
উত্তৰ- (গ) পানী ।
৫। বায়ু বৰ কি?
(ক) চেচাঁ
(খ) সেৰেঙা
(গ) পাতল
উত্তৰ- (খ) সেৰেঙা ।
৬। বায়ু মাজেৰে পোহৰ পাৰ হৈ যাব পাৰেনে?
(ক) পাৰে
(খ) নোৱাৰে
(গ) ওপৰৰএটাও নহয়
উত্তৰ- (ক) পাৰে ।
৭। শক্তি কেতিয়াবা বায়ুৰ মাজেৰে পৃথিৱীত পৰেহি ইয়াক কি বোলে?
(ক) বিদ্য়ুত শক্তি
(খ) বায়ু
(গ) বজ্ৰপাত
উত্তৰ- (গ) বজ্ৰপাত ।
৮। বায়ুৱে চাৰিওফালে কি দিয়ে?
(ক) হেচাঁ বা চাপ দিয়ে
(খ) শক্তি দিয়ে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হেচাঁ বা চাপ দিয়ে ।
৯। বায়ুৰ উপাদানবোৰ কিহেৰে গঠিত?
(ক) কনিকাবোৰে গঠিত
(খ) অতি ক্ষুদ্ৰ কণিকাৰে গঠিত
(গ) জেকেৰে গঠিত
উত্তৰ- (খ) অতি ক্ষুদ্ৰ কণিকাৰে গঠিত ।
১০। বায়ুৰ ওজন আছেনে?
(ক) নাই
(খ) আছে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) আছে ।
১১। বায়ুত কি উৰি ফুৰে?
(ক) ধূলিকণা
(খ) পুক-পতংগ
(গ) কণিকা
উত্তৰ- (ক) ধূলিকণা ।
১২। বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ’ল?
(ক) অক্সিজেন
(খ) নাইট্ৰ’জেন
(গ) পানীৰ ভাপ
উত্তৰ- (খ) নাইট্ৰ’জেন ।
১৩। গছত লাগি থকা আমটোৰ ওপৰত বায়ুৰ হেঁচা সকলো দিশত?
(ক) পৰে
(খ) নপৰে
(গ) অনবৰতে নপৰে
উত্তৰ- (ক) পৰে ।
১৪। পাত্ৰত আবদ্ধ গেছীয় পদাৰ্থৰ অণুবোৰ গতিশীল অৱস্থাত?
(ক) কিছুমান থাকে
(খ) নাথাকে
(গ) থাকে
উত্তৰ- (গ) থাকে ।
১৫। বাহিৰৰ পৰা প্ৰভাৱ নেপেলালে এটা পাত্ৰত আবদ্ধ থকা বায়ুখিনিৰ চাপ সদায়?
(ক) একে থাকিব
(খ) লাহে লাহে কমিব
(গ) লাহে লাহে বাঢ়িব
উত্তৰ- (ক) একে থাকিব ।
১৬। জনসংখ্যা বৃদ্ধি লগে লগে মাটিত থকা নাইট্ৰ’জেনৰ পৰিমাণ?
(ক) কমিব
(খ) বাঢ়িব
(গ) একে থাকিব
উত্তৰ- (গ) একে থাকিব ।
১৭। বায়ুৰ মাজেদি বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) শুদ্ধ ।
১৮। প্ৰাণীয়ে বায়ুৰ পৰা পোনে পোনে নাইট্ৰ’জেন লয়।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
১৯। কোঠাৰ ভিতৰত থকা বেলুন এটা নি ৰ’দত থ’লে বায়ুখিনিৰ চাপ কমিব।
(ক) অশুদ্ধ
(খ) শুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) অশুদ্ধ ।
২০। আবদ্ধ হৈ থকা পাত্ৰটোৰ বেৰত গেছীয় পদাৰ্থৰ অণুবোৰৰ হেঁচাই চাপ সৃষ্টি কৰে।
(ক) অশুদ্ধ
(খ) শুদ্ধ
(গ) এটাও নহয়
উত্তৰ- (খ) শুদ্ধ ।
Type by- Bikul Mandal