পাঠভিত্তিক (আৰ্হি) প্রশ্ন-উত্তৰ ঃ
১। ‘ধর্মগ্লানি’ মানে কি ?
উত্তৰ : যেতিয়া মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি-নীতিৰে নিজক বান্ধি উন্নতিৰ পথত আগুৱাবৰ ইচ্ছা নকৰে, তেনে অৱস্থাক ‘ধর্ম গ্লানি’ বোলে ।
২। শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য থকা বুলি লক্ষ্মীধৰ শৰ্মাই উল্লেখ কৰিছে, বুজাই লিখা ।
উত্তৰ : মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা এটাও শংকৰদেৱতকৈ কম নাছিল। কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে দৰ্শনৰ মাজত পাৰ্থক্য আছিল।
দুয়োজন ব্যক্তিয়েই জীৱৰ মুক্তি বিচাৰিছিল যদিও শংকৰদেৱে সেই মুক্তি যাত্ৰাত নিজৰ অন্যান্য আনুষঙ্গিক কার্য বিলাকক বাদ দি নগৈছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় সিও তেওঁৰ চেষ্টা আছিল। তেওঁৰ আদর্শ আছিল মানৱ সামজৰ সৰ্বাঙ্গীণ উন্নতি সাধন কৰা।
কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ ত্যাগ কৰি যি প্ৰকৃত সত্য, যাৰ সহায়েৰে আত্মাক মুক্তি দিব পাৰি, সেই সাৰ পদাৰ্থৰ একাণপতীয়াকৈ সেৱা কৰা।
শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ – এয়ে দুয়োৰে মাজত পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কাৰ্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছ্বাস প্ৰকাশ হৈছিল। তেওঁ যি সত্যৰ উপলব্ধি কৰিছিল তাকে সি জীৱনত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল।
এয়ে আছিল শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন . দৰ্শনৰ মাজৰ পাৰ্থক্য।
৩। মাধৱদেৱৰ ঋণ কেতিয়াও অসমীয়া জাতিয়ে পৰিশোধ কৰিব নোৱাৰে’ – কথাষাৰৰ তাৎপর্য বিশ্লেষণ কৰা।
উত্তৰ : ‘মাধৱদেৱ’ শিৰোনামাৰ প্ৰৱন্ধটোত লিখক লক্ষ্মীধৰ শৰ্মাই কৈছে যে অসমীয়া জাতীয় জীৱনলৈ মাধৱদেৱে দি থৈ যোৱা অৱদানৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশোধ কৰিব নোৱাৰে। ইয়াৰ কাৰণ হ’ল :
যেতিয়াই মানৱ সমাজত ধৰ্মৰ গ্লানি হয় বা অধৰ্মৰ প্ৰভাৱ বেছি হয় তেতিয়াই একো একোজন মহাপুৰুষৰ আৱিৰ্ভাব হৈ সমাজ তথা মানুহক সত্য ধর্ম পথত অগ্ৰসৰ হ’বলৈ শিক্ষা দিয়ে। অসমতো তেনে এক সন্ধিক্ষণত মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাব হৈছিল। তেওঁ সমাজত দেখা দিয়া অধৰ্মৰ প্ৰভাৱ নাশ কৰি মানুহক এক সনাতন পথৰ সন্ধান দি মৃতবৎ অসমীয়া জাতিক সঞ্জীৱনী দান কৰিছিল। শংকৰদেৱৰ এই কাৰ্যৰ সোঁহাতস্বৰূপ আছিল তেওঁৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱৰ সহযোগ অবিহনে শংকৰদেৱৰ সেই মহান কাৰ্য অসম্পূৰ্ণ হৈ থাকিলেহেঁতন ৷ ধৰ্মীয় দিশৰ উপৰিও মাধৱদেৱে অসমীয়া ভাষা আৰু সাহিত্যলৈয়ো বহুত অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰি থৈ গৈছে ।
সমাজ, ধর্ম, ভাষা- সাহিত্য, সংস্কৃতি আদি সকলো দিশতেই দি থৈ যোৱা অতুলনীয় অৱদানৰ বাবেই অসমীয়া জাতিয়ে মাধৱদেৱৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে।
অতিৰিক্ত প্রশ্ন-উত্তৰঃ
১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া :
(ক) লক্ষ্মীধৰ শৰ্মাই কেতিয়া জন্ম গ্ৰহণ কৰিছিল ?
উত্তৰ : ১৮৯৭ চনত ।
(খ) লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প পুথিৰ নাম লিখা ৷
উত্তৰ : ব্যৰ্থতাৰ দান ।
(গ) লক্ষ্মীধৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম লিখা।
উত্তৰ : নিৰ্মলা।
(ঘ) লক্ষ্মীধৰ শৰ্মাই কেনে ধৰণৰ লিখক আছিল ?
উত্তৰ : প্ৰগতিশীল চিন্তাধাৰাৰ লিখক।
(ঙ) লক্ষ্মীধৰ শৰ্মাই ক’ত জন্ম গ্রহণ কৰিছিল ?
উত্তৰ : শোণিতপুৰ জিলাৰ ভীৰ গাওঁত ৷
(চ) ‘মাধৱদেৱ’ নামৰ প্ৰৱন্ধটিৰ ৰচক কোন ?
উত্তৰ : লক্ষ্মীধৰ শৰ্মা।
(ছ) লক্ষ্মীধৰ শৰ্মাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ?
উত্তৰ : জীৱন-স্মৃতি।
(জ) ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত পার্থক্য কি ?
উত্তৰ ঃ ইউৰোপীয় নৱ যুগ আৰু ভাৰতীয় নৱযুগৰ মাজৰ পাৰ্থক্যটো হ’ল :
ইউৰোপীয় নৱযুগত কেৱল ধৰ্মৰ পথত স্বাধীনতা আৰু প্ৰাণৰ সোঁত বোৱা নাছিল, জীৱনৰ সকলো বিষয়কে কেন্দ্ৰ কৰি এক বিৰাট ভাৱৰ জাগৰণ হৈছিল । সিহঁতে জীৱনৰ পূৰ্ণতাৰ বাবে জ্ঞান-বিজ্ঞানৰ সকলো শাখাকেই জাগৃত কৰাৰ চেষ্টা কৰিছিল ।
আনহাতে ভাৰতৰ নৱযুগ প্ৰধানকৈ ধৰ্মৰাজ্যৰ মানৱাত্মাৰ মুক্তিৰ দিশটোতে আবদ্ধ আছিল ।
(ঝ) ‘সৃজম্যহম’ মানে কি ?
উত্তৰ : ‘সৃজম্যহম’ মানে কোনো মহান শক্তিয়ে নিজকে সৃষ্টি কৰা। গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, “হে অর্জুন, যেতিয়াই পৃথিৱীত ধৰ্মৰ পতন ঘটে, অধর্মই প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াই মই নিজকে সৃষ্টি কৰোঁ । 000
Type By Suman Bora