পাঠভিত্তিক প্রশ্ন-উত্তৰ ঃ
১। “মোৰ গাওঁ’ কবিতাটিত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমন্থনৰ এটি বিৱৰণ দিয়া ৷
উত্তৰ: ‘মোৰ গাওঁ’নামৰ কবিতাটিত কবি ডিম্বেশ্বৰ নেওগদেৱে স্মৃতিপটৰ পৰা তেওঁৰ গাঁৱলীয়া অতীত জীৱনৰ ৰোমন্থন কৰিছে।
কবিয়ে তেওঁৰ জন্মস্থান দিখৌ পাৰৰ কমাৰফদিয়া গাওঁখন অতি ভাল পায়। সময়ৰৰ সোঁতত কবিয়ে গাওঁখনৰ পৰা আঁতৰি প্ৰৱসুৱা জীৱন অতিবাহিত কৰিলেও তেওঁ নিজৰ গাওঁখনক পাহৰিব পৰা নাই। কমাৰফদিয়া গাওঁখনতে কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ প্ৰথমছোৱা সময় অতিবাহিত কৰিছিল। কিন্তু জীৱনৰ বিয়লি বেলাত কবি বৰ নষ্টালজিক হৈ তেওঁ শৈশৱত কটোৱা গাওঁখনৰ কথা ৰোমন্থন কৰি কৈছে যে তেওঁৰ সেই সময়ৰ গাওঁখন আছিল। অতি সমৃদ্ধিশালী। মানুহৰ মাজত কোনো ধৰণৰ হাই-উৰুমি নাছিল। সকলোৰে মাজত মিলাপ্ৰীতি বিৰাজ কছিল। মাঘৰ বতৰত কবিয়ে লগৰীয়াসকলৰ লগত সেইখন গাওঁতে মেজিৰ খৰি গোটাইছিল। পথাৰত ম’হ যুঁজ, গৰু- যুঁজ চাই আনন্দ লাভ কৰিছিল। সেই গাওঁখনতে তেওঁ জীৱনৰ চকু মেলি বিনন্দীয়া সৃষ্টিৰ পোহৰ দেখা পাইছিল। গাওঁৰ সকলো মানুহকে আপোন বাই-ভনী, ককাই-ভাই জ্ঞান কৰিছিল। তেওঁৰ লগৰীয়া, সমনীয়াসকলৰ লগত উমলি ডাঙৰ হোৱা আৰু আপোন লোকসকলৰ লগত পতা কথাবোৰ কবিৰ স্মৃতিপটত জিলিকি উঠে। কবিয়ে ভাৱে তেওঁৰ গাওঁখন যেন বিশ্বব্ৰহ্মাণ্ডৰ এক ক্ষুদ্র তাঙৰণ। সেয়ে কবিয়ে নিজৰ গাওঁখনক অতি ভাল পায়।
২। কবিয়ে কবিতাটিত কমাফ দিয়া গাওঁৰ কেনেধৰণৰ পৰিৱৰ্তন হোৱাৰ কথা উল্লেখ কৰিছে লিখা ৷
উত্তৰ : কবিয়ে ‘মোৰ গাওঁ’নামৰ কবিতাটিৰ শেষার্ধত গাওঁখনৰ অতীত অৱস্থা আৰু বৰ্তমানৰ লগত ৰিজনি কৰি বহুত পৰিৱৰ্তন দেখা পাইছে। কবিয়ে তেওঁৰ জীৱনৰ বিয়লি বেলাত লক্ষ্য কৰিছে যে তেওঁৰ গাওঁখনৰ আগৰ সেই সৰলতা নাই। সকলো কৃত্ৰিম হৈ পৰিছে। গাওঁলীয়া জীৱনৰ আর্থিক অবস্থাও অৱনমিত হৈছে। অভাৱৰ তাড়নাত বহুত গঞা ৰাইজে গাওঁ এৰি অনাই-বনাই ঘূৰি ফুৰিছে। ডেকা- গাভৰুৰ অন্তৰতো আগৰ সেই উৎসাহ-উদ্দীপনা নাই। আজি বিহুৰ বতৰত ঢোলৰ মাতত সিহঁতৰ মন মতলীয়া নহয়। গঞা ৰাইজৰ মাজতো আগৰ সেই আপোন ভাৱ নাই। মানুহৰ মন হিংসা কপটতাৰে ভৰি পৰিছে। কবিৰ বহুতো লগৰীয়াৰ চিতাৰ জুইৰ ধোঁৱাৰে দিখৌৰ পাৰ ধুৱলী- কুঁৱলী হৈছে।
গাওঁখনৰ এই অবাঞ্চিত পৰিৱৰ্তন দেখি কবিৰ মন দুখেৰে ভৰি পৰিছে। তেওঁ আশংকা কৰিছে হয়তো এদিনাখন গাওঁখনৰ অস্তিত্ব হেৰাই যাব। কিন্তু কবি গর্বিত যে শৈশৱত নিজৰ গাওঁখনতে উপভোগ কৰা সেই অকৃত্ৰিম সৰলতা তেওঁ পৃথিৱীৰ আন কতো বিচাৰি পোৱা নাই। সেয়ে কবিয়ে তেওঁৰ গাওঁখন অতি ভাল পায় ।
৩। প্রসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা ।
(ক) ‘বিশ্বৰ সৌন্দৰ্যখনি ! জন্মভূমি তই মাথোঁ .
এচমকা ব্ৰহ্মাণ্ডৰ হিয়া
উত্তৰ : উদ্ধৃত কবিতাফাকি উচ্চতৰ মাধ্যমিক অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগে ৰচিত “মোৰ গাওঁ” শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। কবিৰ কমাৰফদিয়া গাওঁখন যে বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰপুৰ তাকে বুজাবলৈ উক্ত পংক্তিটোৰ অৱতাৰণা কৰিছে।
কবিয়ে তেওঁৰ শৈশৱ আৰু যৌৱনৰ আদিছোৱা সময় তেওঁৰ জন্মস্থান কমাৰফদিয়া গাওঁখনতে কটাইছিল। সেই সময়ত গাওঁখনত প্ৰাকৃতিক সৰলতা বিৰাজ কৰিছিল। গঞা ৰাইজৰ মাজত মিলাপ্ৰীতি আছিল। অর্থনৈতিকভাৱেও স্বাৱলম্বী আছিল। কিন্তু সময়ৰ গতিত গাওঁখনে আগৰ সেই ঐতিহ্য হেৰুৱাই পেলোৱাত কবিৰ মন বিষাদেৰে ভৰি, পৰিছে। কিন্তু সেয়া হ’লেও কবিৰ দৃষ্টিত তেওঁৰ গাওঁখন বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৌন্দৰ্যৰে ভৰা ।
অতিৰিক্ত প্রশ্ন-উত্তৰ :
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ
(ক) ডিম্বেশ্বৰ নেওগৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ : মালতী।
(খ) ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰ ঃ ১৯৬৫ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নলবাৰী অধিবেশনত ।
(গ) কবি ডিম্বেশ্বৰ নেওগ ক’ত জন্ম গ্ৰহণ কৰিছিল ?
উত্তৰ : দিখৌ পাৰৰ কমাৰফদিয়া গাওঁত। ০০০
Type By Suman Bora