Chapter 16
অসমৰ সংস্কৃতিৰ বিশিষ্ট অংগ ঢোল
১। বিশেষতৈ কিহৰ সমাজত ঢোলৰ আদৰ বেছি?
(ক) হিন্দী সমাজৰ
(খ) অসমীয়া সমাজৰ
(গ) ইংৰাজী সমাজৰ
উত্তৰ- (খ) অসমীয়া সমাজৰ ।
২। প্ৰায়োগিক দিশৰপৰা ঢোলবাদ্য়ক কেপ্ৰকাৰত ভগাব পাৰি?
(ক) একপ্ৰকাৰত
(খ) দুইপ্ৰকাৰত
(গ) তিনিপ্ৰকাৰত
উত্তৰ- (গ) তিনিপ্ৰকাৰত ।
৩। বিভিন্ন লোক উৎসৱসমূহত কি বজোৱা হয়?
(ক) পেপা
(খ) তাল
(গ) ঢোল
উত্তৰ- (গ) ঢোল ।
৪। নতুন বছৰটোক আদৰণি জনায় আৰু কৃষি কৰ্মৰ কাৰণে নিজকে কি কৰে?
(ক) আলোচনা কৰে
(খ) সাজু কৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সাজু কৰে ।
৫। ঢোলৰ কেইটা মূৰ থাকে?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
উত্তৰ- (খ) দুটা ।
৬। ঢোলৰ খোলাটো আম, কঁঠাল নাইবা কি কাঠেৰে সজা হয়?
(ক) শাল কাঠেৰে
(খ) চাম কাঠেৰে
(গ) চেগুণ কাঠেৰে
উত্তৰ- (খ) চাম কাঠেৰে ।
৭। বিশেষকৈ কিহৰ অবিহনে অসমীয়া বিহু উৎসৱটিৰ কথা ভাবিবলৈয়ে টান লাগে?
(ক) নাচনি অবিহনে
(খ) ঢোলিৱা অবিহনে
(গ) ঢোলৰ অবিহনে
উত্তৰ- (গ) ঢোলৰ অবিহনে ।
৮। ঢোলটো ক’ত ওলোমাই বজাবলৈ সুবিধা হয়?
(ক) ককালত
(খ) কান্ধত
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।
৯। ঢোল বজাই কাক খেদিবলৈ চেষ্টা কৰা হয়?
(ক) দেৱতাক
(খ) অপদেৱতাক
(গ) বেমাৰক
উত্তৰ- (খ) অপদেৱতাক ।
১০। .অসমৰ বাহিৰেও পৃথিৱীৰ আন বহুতো ক’ত ঢোলবাদ্য়ৰ প্ৰচলন আছে?
(ক) ৰাজ্য়ত
(খ) দেশত
(গ) মহাদেশত
উত্তৰ- (খ) দেশত ।
১১। ঢোল এবিধ অতি কি?
(ক) বাদ্য়যন্ত্ৰ
(খ) জনপ্ৰিয় বাদ্য়যন্ত্ৰ
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (খ) জনপ্ৰিয় বাদ্য়যন্ত্ৰ ।
১২। ঢোলটি বাবলৈ কেইটি আঙুলি লাগে?
(ক) দুটি আঙুলি
(খ) তিনিটি আঙুলি
(গ) চাৰিটি আঙুলি
উত্তৰ- (খ) তিনিটি আঙুলি ।
১৩। কেতিয়াৰে পৰা ঢোলবাদ্য় প্ৰচলন হৈ আহিছে?
(ক) বৰ্তমান কালৰ পৰাই
(খ) অতীত কালৰ পৰাই
(গ) সভ্য়তাৰ পাতনিৰ পৰাই
উত্তৰ- (গ) সভ্য়তাৰ পাতনিৰ পৰাই ।
১৪। ঢোলৰ মাতত কি আহে?
(ক) বিহু আহে
(খ) বৰষুণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বৰষুণ ।
১৫। খোলাটো যিমানেই পাতলকৈ খোলা হয় তাৰ মাতটো কি হয়?
(ক) মিঠা আৰু টান হয়
(খ) মিঠা আৰু স্পষ্ট হয়
(গ) মিঠা আৰু ডাঙৰ হয়
উত্তৰ- (খ) মিঠা আৰু স্পষ্ট হয় ।
১৬। ঢোলবাদ্য় অসমীয়াসকলৰ কি?
(ক) বাপতি সাহোন
(খ) প্ৰাণৰো প্ৰাণ
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।
১৭। মাৰিৰে কোবোৱা মূৰটোক কি বোলে?
(ক) তালি
(খ) কোবনি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কোবনি ।
১৮। দুয়োটা মূৰ সংযোগ কৰা দোলবোৰক কি বোলে?
(ক) তালি
(খ) কোবনি
(গ) বৰতি
উত্তৰ- (গ) বৰতি ।
১৯। কি ৰঙেৰে খোলাটোত ৰং কৰা হয়?
(ক) ৰঙা-বগা
(খ) নীলা-ক’লা
(গ) ৰঙা-ক’লা
উত্তৰ- (গ) ৰঙা-ক’লা ।
২০। অসমীয়া সংস্কৃতিত ঢোলবাদ্য় কি ভাৱে সোমাই আছে?
(ক) ভিন ভিন ভাৱে সোমাই আছে
(খ) ওতঃপ্ৰোতভাৱে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ওতঃপ্ৰোতভাৱে ।
Type by- Bikul Mandal