পেট্ৰোলিয়াম , কয়লা, আৰু প্ৰাকৃতিক গেছক কিয় জীৱাশ্ম ইন্ধন বোলা হয় ?

পেট্ৰোলিয়াম , কয়লা, আৰু প্ৰাকৃতিক গেছক কিয় জীৱাশ্ম ইন্ধন বোলা কাৰণ প্ৰায় তিনিশ নিযুত বছৰ আগতে পৃথিৱী পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছ গছনি, হাবি – জংঘল বোৰ বানপানী, ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পোত খাই গৈছিল । ভূ – গৰ্ভত বছৰ বছৰ ধৰি ঘটা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহঁত কয়লালৈ ৰূপান্তৰিত হয় । এই বিক্ৰিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সম্পন্ন হয় ।