১৫। ধাতু পাঠ,গণপাঠ, লি্ঙ্গানুশাসনআৰু উনাদিসূত্ৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অষ্টাধ্যায়ীৰ অন্তৰ্গত ‘ধাতু পাঠ’ৰ ভিত্তিতএকাদশয খ্ৰীঃত মৈত্ৰেয়ৰগাখি ধাতুসপ্ৰদীপ নামৰ গ্ৰন্থ ৰচনা কৰে। ‘ধাতু পাঠ’ৰ ভিত্তিত ৰচনা অন্যান্য কেইখনমান গ্ৰন্থহ’ল হ’ লঃদেৱবিৰচিত দৈৱ, মাধৱসায়নৰ (চতুৰ্দশ শতিকা) মাধৱীয় ধাতু বৃত্তি, ক্ষীৰস্বামীৰ ক্ষীৰ তৰঙ্গিনী, কাশ কূটস্নৰ শব্দকলাপ ধাতু পাঠ ইত্যাদি। দৈৱ-ৰ কৃষ্ণলীলা শুকমুনিকৃত পুৰুষকাৰ নামৰ টীকা এখনো পোৱা যায়।

পাণিনীয় গণপাঠৰ বিভিন্ন অংশ: যেনে- নিপাত, অব্যয়,উপসৰ্গ আদিৰ বিষয়ে কেইবাজনো বৈয়াকৰণে ব্যাখ্যাত্মক হাতপুথি ৰচনা কৰা .দেখা যায়। পূৰ্বোল্লিখিত ক্ষীৰস্বামীৰ গণবৃত্তি এই প্ৰসঙয্গত উল্লেখযোগ্য। বৰ্তমান ইয়াৰ পাঠ বিলুপ্ত হৈছে। এতিয়ালৈকেপোৱা এই বিষয়ৰ পূৰ্ণাঙ্গ ভাষ্য হ’ল বৰ্ধমান (১১৪০ খ্ৰীঃ) ৰ বিচৰিত গণৰত্ন মহোদধি গ্ৰন্থখন ছন্দন ৰচিত।ইয়াৰ বিভিন্ন ‘গণ’ৰ বিৱৰণৰউপৰি, সিবোৰৰ উঠপৰি সাৱলীল ব্যাখ্যা পোৱা যায়।তিলকৰ নিপাতা বায়োপসৰ্গ-সূত্ৰ আৰু বৃত্তি উভয় ৰূপত ৰচিত, এই বিষয়পৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ।

ৰামচন্দ্ৰ আৰু ভট্টোজিয়ে ক্ৰমে প্ৰক্ৰিয়া কৌমুদী আৰু লসিজদ্ধান্ত কৌমুদীৰ সংস্তকৃত ভাষাৰ ব্যাকৰণগত লিঙ্গ পদ্ধতিৰ বিশেষ আলোচনা কৰিছে। কোনোৱে আকৌ প্ৰথমই উল্লেখনীয়। হৰ্ষদেৱ (সপ্তম শচতিকা) আৰু ৱামনৰ (অষ্টম শতিকা) লিঙ্গানুশাসনত ইয়াৰ উল্লেখ আছে। শাকটায়ন আৰু হেমচন্দ্ৰ লিঙ্গানুশাসন ইয়াতকৈ কিছু পহাছৰ ৰচনা। হৰ্ষবৰ্ধনৰ ৯৫টা কাৰিকাযুক্ত লিঙ্গানুসাসন আৰু দুৰ্গসিংহৰ (৮৫০/১১৮০) লিঙ্গানুশাসন আন দুখন লিঙ্গ বিষয়ক হাতপুথি।

পাণিনীয় উনাদিসূত্ৰ সৰ্বোৎকৃষ্ণ ভাষ্য হৈছে, উজ্জ্বলদত্তৰ (ত্ৰয়োদশ শতিকা) বৃত্তি। পতঞ্জলি পৰৱৰ্তী শান্তনবাচাৰ্যই বৈদিক আৰু ধ্ৰুপদী সংস্কৃতৰ প্ৰস্বন সম্পৰ্কীয় ‘ফিট’ সূত্ৰসমূহ ৰচনা কৰ্। পাণিনীয় স্বৰসূত্ৰৰ ব্যাখ্যা সম্বলিত আন এখনপ্ৰসিদ্ধ গ্ৰন্থ হৈছে, শ্ৰীনিবাস যৱনম (সপ্তদশ শতিকা) ৰচিত স্বৰ সিদ্ধান্তচন্দ্ৰিকা।